07
Dec
ভাৰত চৰকাৰৰ দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)ৰ ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা তথা প্ৰশিক্ষণ পৰিষদ(এনচিভিইটি)-এ এক যুগান্তকাৰী পদক্ষেপ ৰূপে ইণ্ডিয়ান নেচনেল স্পেচ প্ৰমচন এণ্ড অথৰাইজেচন চেণ্টাৰ(ইন-স্পেচ)ক এক স্বীকৃতি প্ৰদানকাৰী সংস্থা (দ্বৈত) হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। মহাকাশ খণ্ডত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ দৃশ্যপট শক্তিশালী কৰাৰ লক্ষ্যৰে এমএছডিইৰ সচিব আৰু এনচিভিইটিৰ অধ্যক্ষ অতুল কুমাৰ তিৱাৰীৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰক হিচাপে সেৱা আগবঢ়োৱা এনচিভিইটিয়ে মানদণ্ড নিৰ্ধাৰণ, নিয়মাৱলী বিকাশ আৰু সমগ্ৰ দেশত দক্ষতাকেন্দ্ৰিক পদক্ষেপৰ মানদণ্ড আৰু ফলাফল উন্নত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এমএছডিইৰ সচিব তথা এনচিভিইটিৰ অধ্যক্ষ অতুল কুমাৰ তিৱাৰীয়ে ভাৰতৰ মহাকাশ খণ্ডত দক্ষ কৰ্মশক্তিৰ ক্ৰমবৰ্ধমান…
