02
Aug
উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু হাৰিয়ানাক কেন্দ্ৰীভূত কৰি নতুন অভিযানৰ জৰিয়তে টাটা টি প্ৰিমিয়ামে সফল হাইপাৰলোকেল কৌশল অব্যাহত ৰাখি নিৰ্দিষ্ট ৰাজ্য বিশেষে পৃথক বিজ্ঞাপন অভিযান আৰম্ভ কৰিছে। মুলেন লিণ্টাছে প্ৰস্তুত কৰা এই বিজ্ঞাপনসমূহত অনন্য স্থানীয় মূল্যবোধ আৰু সাংস্কৃতিক সত্যক উদযাপন কৰি আঞ্চলিক দৰ্শকৰ মাজত অনুৰণন ঘটাব পৰাকৈ প্ৰস্তুত কৰা হৈছে। পঞ্জাৱৰ বিজ্ঞাপনটোৱে ৰাজ্যখনৰ উদাৰতাক প্ৰৌজ্বল কৰি তুলিছে, শিশুসকলে নিজৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ লাঞ্চ বক্সসমূহক সামূহিক পাকঘৰ হিচাপে ব্যৱহাৰ কৰি নিৰ্মাণ শ্ৰমিকসকলক সহায় কৰা দৃশ্য তুলি ধৰা হৈছে, যি ব্ৰেণ্ডৰ বাৰ্তা "বড়ে দিল ৱালি পঞ্জাব কে লিয়ে ৱড়ি ডানেই ৱালি চাই"ৰ সৈতে সংগতি ৰাখে। উত্তৰ প্ৰদেশত ছবিখনত এজন স্থানীয় শক্তিশালী ব্যক্তিয়ে বীৰত্বৰে…
