25
Nov
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে গুৱাহাটীৰ পৰা বিমান যাত্ৰাৰ সংখ্যা বৃদ্ধি কৰি শীতকালীন বিমানসূচী প্ৰকাশ কৰিছে। এতিয়া সাপ্তাহিকভাৱে ১০৫খনতকৈও অধিক বিমান সেৱা আগবঢ়াইছে এয়াৰ ইণ্ডিয়াই, যোৱা বছৰৰ শীতকালত চলাচল কৰা ৬৩খন বিমানৰ তুলনাত এইবেলি যথেষ্ট বৃদ্ধি পাইছে। এই পৰিসংখ্যাই বিমান সংস্থাটোৱে এই অঞ্চলটোৰ প্ৰতি শক্তিশালী মনোনিৱেশক প্ৰতিফলিত কৰিছে। গুৱাহাটীৰ পৰা বিমান সংস্থাটোৰ সম্প্ৰসাৰিত নেটৱৰ্কৰ জৰিয়তে বেংগালুৰু, চেন্নাই, দিল্লী, ইম্ফল, জয়পুৰ আৰু কলকাতাৰ দৰে গুৰুত্বপূৰ্ণ স্বদেশী চহৰসমূহৰ সৈতে প্ৰত্যক্ষ সংযোগৰ লগতে আৰু ১৮টা গন্তব্যস্থানলৈ ৱান ষ্টপ বিকল্পও অন্তৰ্ভুক্ত কৰিছে। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ মুখ্য বাণিজ্যিক বিষয়া ড০ অংকুৰ গাৰ্গে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “এই সম্প্ৰসাৰণ উত্তৰ-পূৰ্বাঞ্চলৰ মানুহক সংযোগ আৰু অৰ্থনীতি উন্নীতকৰণৰ প্ৰতি…
