28
Nov
বিশ্বকাপ-২০২৩ৰ ফাইনেলত ভাৰতৰ পৰাজয় উদযাপন কৰা জম্মু-কাশ্মীৰৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত আটাইকেইজন কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী বুলি জানিব পৰা গৈছে। অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে আটাই কেইজনক। সোমবাৰে এই তথ্য প্ৰদান কৰে আৰক্ষীয়ে। আটাইকেইজন অভিযুক্ত শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান বিশ্ববিদ্যালয়ৰ ছাত্ৰ। আৰক্ষীয়ে জনোৱা মতে, এজন অস্থানীয় ছাত্ৰৰ অভিযোগৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষাৰ্থী কেইজনক। অভিযোগকাৰী ছাত্ৰজনে তেওঁৰ সহপাঠীসকলে তেওঁক হাৰাশাস্তি কৰা বুলি অভিযোগ কৰিছিল। ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছত তেওঁলোকে আপত্তিজনক শ্লোগান দি ভাৰতৰ পৰাজয় উদযাপন কৰিছিল। বিষয়াসকলে জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে ইউএপিএ আৰু আইপিচিৰ বিভিন্ন শাখাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।…
