01
Nov
টি-২০ বিশ্বকাপত নিউজিলেণ্ডৰ হাতত ভাৰতৰ লজ্জাজনক পৰাজয়ৰ পিছত বিশ্বকাপত ভাৰতৰ যাত্ৰা অধিক কঠিন হৈ পৰিছে। যদিও খেলিবলৈ আৰু ৩ খন গ্ৰুপ মেচ বাকী আছে, তথাপিও চেমি ফাইনেলত উপনীত হোৱাটো ভাৰতৰ বাবে এতিয়া তেনেই দুৰূহ। আনহাতে বিশ্বকাপৰ প্ৰথম দুখন খেলত ক্ৰমে পাকিস্তান আৰু নিউজিলেণ্ডৰ হাতত অতি শোচনীয় পৰাজয় স্বীকাৰ কৰা ভাৰতীয় দলটো এতিয়া সমালোচনাৰো সন্মুখীন হৈছে। লগতে বিৰাট কোহলীৰ নেতৃত্বক লৈও প্ৰশ্নৰ উত্থাপন হৈছে। কালিৰ খেলখনত পৰাজয় বৰণ কৰাৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ পৰাজয়ৰ কাৰণ বৰ্ণনা কৰি কয় যে ভাৰতীয় দলটো ৰণাংগণত নমাৰ সময়ত বেট, বল আৰু শাৰীৰিকভাৱে সাহসী নাছিল। তেওঁ কয়, "মই নাভাবো যে আমি বেট বা…
