17
Jun
অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া তথা অসমৰ ৰাজ্যপালৰ সচিব , নাট্যকাৰ আৰু অভিনেত্ৰী হিচাপেও ছাত্ৰ জীৱনৰ পৰাই বিশেষ সুনাম থকা স্বপ্না দত্ত ডেকাই অসম বুৰঞ্জীৰ এচোৱা ঘটনাবহুল সময়ৰ সমান্তৰালকৈ এগৰাকী ৰাণীৰ মৰ্মবেদনা আৰু পুৰুষতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহৰ কাহিনীক লৈ ৰচনা কৰা "দৃষ্ট - অদৃষ্ট" নাটখন ১৫ জুনৰ সন্ধিয়া গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰা হয় । বিশেষকৈ অসম বুৰঞ্জীত থকা জোঙাল বলহু আৰু আৰিমত্তৰ বীৰত্বৰ কাহিনী , এঘাঁৰ শতিকাৰ জীতাৰি বংশৰ ৰজা প্রতাপচন্দ্ৰৰ বীৰত্বৰ কাহিনী , ৰজাৰ অহংকাৰ , আপাত দৃষ্টিৰে দেখা নোপোৱা বহু ঘটনা - দুৰ্ঘটনাক অদৃষ্টৰ লিখন বুলি মানি লোৱা এটা ধাৰণা আদিক নাটখনৰ মাজেৰে নাট্যকাৰে সুন্দৰকৈ ফুটাই তুলিবলৈ প্ৰয়াস…
