04
Jul
অসমৰ জলকোঁৱৰ হিচাপে পৰিচিত আন্তঃৰাষ্ট্ৰীয় সাঁতােৰবিদ এলভিছ আলি হাজৰিকাই এইবাৰ এক দুঃসাহসিক কার্যসূচীত অংশগ্রহণ কৰিবলৈ আগবাঢ়িছে। মিছন অপৰাজেয়’ নামেৰে আৰম্ভ কৰিবলগীয়া এই কার্যসূচী অনুসৰি সাঁতােৰবিদগৰাকীয়ে অহা ১৭ ছেপ্টেম্বত নর্থ চেনেল’ৰ নর্থ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ আৰু আগন্তুক বৰ্ষৰ মাজভাগত ইংলিছ চেনেল’ৰ ইংলেণ্ডৰ পৰা ফ্রান্সলৈ সাগৰ সাঁতুৰি পাৰ হ’ব। মাত্র ১৩ ঘণ্টাত নর্থ চেনেল’ৰ ৪২ কিলােমিটাৰ আৰু ইংলিছ চেনেল’ৰ ৩৮ কিলােমিটাৰ সাগৰৰ মাজত পাৰকৰিবলগীয়া এই কাৰ্যসূচী হ’ব অতি প্রত্যাহ্বানমূলক। মিছন অপৰাজেয়’ৰ বাবে সাজু হােৱা সাঁতােৰবিদগৰাকীক সহায়ক বাবে আগবাঢ়ি আহিছে গুৱাহাটীস্থ ব্যৱসায়িক প্রতিষ্ঠান এছ এম ডেভলপাৰৰ্ছ। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাব আয়ােজিত এক সংবাদমেলত এইকথা প্রকাশ কৰে বিশিষ্ট সাঁতােৰবিদগৰাকীয়ে। সংবাদমেলত উপস্থিত থাকি বিশিষ্ট সাংবাদিক…
