উত্তৰ-পূৱ

২৪ ঘণ্টাৰ ভিতৰত চাৰি ঘণ্টাও বিদ্যুৎ নথকাৰ ফলত যমৰ যন্ত্ৰণা ৰাইজৰ

বিহপুৰীয়াত অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত আজি কেইবাদিন ধৰি ৰাইজে উৎকট গৰমত ভোগ কৰি আহিছে যমৰ যাতনা। সমান্তৰালকৈ নাই বিদ্যুতৰ নিয়মীয়া যোগান। দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত চাৰি ঘণ্টাও বিদ্যুৎ নথকাৰ ফলত দিন নিশা একাকাৰ কৰি যন্ত্ৰণা ভোগ কৰি অহাৰ ফলত অতিষ্ঠ হৈছে বিহপুৰীয়া তথা লখিমপুৰৰ জনতা। উৎকট গৰমত অতিষ্ঠ জনতাই বিদ্যুৎ পাব কেতিয়া? কি কি'লে বিহপুৰীয়া বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাই?সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় বিষয় হব।লখিমপুৰ জিলাৰ লগতে ধেমাজি জিলাতো অনিয়মীয়া বিদ্যুৎ যোগান বুলি জানিব পৰা গৈছে।
Read More
মোহন উইলচন – নিছান ইণ্ডিয়াৰ নতুন সঞ্চালক বিপণন

মোহন উইলচন – নিছান ইণ্ডিয়াৰ নতুন সঞ্চালক বিপণন

নিছান ইণ্ডিয়াই ভাৰতৰ বজাৰৰ বাবে ব্যৱসায় পৰিৱৰ্তনৰ বাবে মোহন উইলচনক বিপণন, সামগ্ৰী আৰু গ্ৰাহক অভিজ্ঞতা সঞ্চালক হিচাপে নিযুক্তি দিছে। মোহন উইলচনে শ্ৰীৰাম পদ্মনাভনৰ স্থান লয় আৰু ১ জুলাই, ২০২২ তাৰিখে কাৰ্যকৰী হোৱাকৈ ভূমিকাগ্ৰহণ কৰিব। মোহনে জাপান, হংকং, জাৰ্মানী আৰু ভাৰতৰ ভৌগোলিক অঞ্চলত ব্ৰেণ্ড নিৰ্মাণ, মাৰকম, সামগ্ৰী বিপণন, গ্ৰাহকঅভিজ্ঞতা, কৰ্পোৰেট ৰণনীতি আৰু ডাটা চালিত বিপণনৰ ক্ষেত্ৰত বিশেষজ্ঞতাৰ সৈতে বিক্ৰী আৰু বিপণনত 20 বছৰতকৈ ওপৰৰ ক্ৰছ ফাংচনেল অভিজ্ঞতাৰ সৈতে কাম কৰিছে। ইয়াৰ আগতে, মোহন জাপানৰ গ্লোবেল মুখ্য কাৰ্যালয়ত নিছান মটৰ কৰ্পোৰেচনৰ প্ৰিমিয়াম কাৰ ব্ৰেণ্ড আইএনফিনিটিত গ্লোবেল মাৰ্কেটিং প্লেনিংৰ মুৰব্বী আছিল আৰু বিশ্বব্যাপী আইএনফিনিটিৰ বাবে নতুন কিউএক্স৬০ আৰু কিউএক্স৫৫-ৰ সৈতে নতুন মডেল লঞ্চ…
Read More

আহাৰ বিছাৰি জালত পৰিল অজগৰ

মৰিগাঁও জিলাৰ দিঘলবড়ী দক্ষিণ পাৰৰ পথাৰত খেতিৰ সুৰক্ষাৰ কাৰনে পাটি থোৱা জালত আহাৰৰ সন্ধানত ঘুৰি ফুৰা এটা বিৰল পজাতিৰ অজগৰ সাপ বন্দী হয় ৷ ৰাইজে উল্লেখ কৰা অনুসৰি খাদ্যৰ সন্ধান সাপটো আহিছিল।আৰু তাৰ পিছতে ৰাইজে পাতি থোৱা জালত পৰে অজগৰ সাপটো ।ৰাইজে সাপটো বন্দী কৰি ৰাখি আৰক্ষীক চমজাই দিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।
Read More

ধুবুৰী বিএন কলেজ নগৰ আৰক্ষীয়ে আটক কৰে ছয় জন দালাল

ধুবুৰীত Food Corporation of India (FCI) গুদামত দালালী কাৰ্যত জড়িতৰ অভিযোগত ছয় জনক আটক আৰক্ষীৰ।উল্লেখযোগ্য যে ধুবুৰী বিএন কলেজ নগৰ আৰক্ষীয়ে আটক কৰে ছয় জন দালালক । দীৰ্ঘদিন ধৰি FCI ৰ চাউলৰ দালালী কৰাৰ অভিযোগত আটক কৰে আৰক্ষীয়ে। চৰকাৰী FCI ৰ চাউলৰ দালালী কৰি কলা সাম্ৰাজ্য গঢ়া ছয় দালালক আটক কৰে ধুবুৰী বি এন কলেজ নগৰ আৰক্ষীয়ে। FCI ৰ‌ চাউল চুৰি কৰি বিক্ৰী কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া । আটক লোকমান আলী, সঞ্জীৱ কুমাৰ দাস, জাহিদুৰ ৰহমান, ৰাজ আহমেদ, আনোৱাৰ আকন্দ, নুৰ মহম্মদ । প্ৰতিখন ট্ৰাকৰ পৰা গুণ্ডা টেক্স সংগ্ৰহৰ অভিযোগ এই কেইজনৰ বিৰুদ্ধে। ইতিমধ্যে আটকাধীন ছয় জনৰ বিৰুদ্ধে ৩৫০/২২ নং কেচ…
Read More

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১নং ৰছুলপুৰ গাঁৱৰ ব্যক্তি এজন বিদ্যুৎপৃষ্ট হৈ মৃত্যু

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১নং ৰছুলপুৰ গাঁৱৰ আব্দুল হাকিমৰ পুত্ৰ ওৱাহিদুৰ ৰহমান(২৪) নামৰ ব্যক্তি এজন বিদ্যুৎপৃষ্ট হৈ মৃত্ হয়। জানিব পৰা মতে ঘৰৰ বাবে বিদ্যুৎৰ খুঁটাত উঠি ঠিক কৰিবলৈ লওঁতে বিদ্যুৎপৃষ্ট হৈ ওৱাহিদুৰ ৰহমানে তলত পৰি যায়। ততাতৈয়াকৈ লোক জনক কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। ওৱাহিদুৰ ৰহমানৰ অকাল আকস্মিক মৃত্যুত ৰছুলপুৰ অঞ্চলব্যাপী শোঁকৰ ছাঁ পৰিছে। পৰিয়ালত একমাত্ৰ উপাৰ্জনকাৰী ওৱাহিদুৰ ৰহমানে কণ কণ দুটি সন্তান, পত্নী আৰু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়। পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ বাবে স্থানীয়লোকে চৰকাৰক আহ্বান জনাইছে।
Read More
আৰম্ভ হ’ল মালয়েছিয়া মাষ্টাৰ্ছ ছুপাৰ ৫০০ বেডমিণ্টন টুৰ্ণামেণ্ট

আৰম্ভ হ’ল মালয়েছিয়া মাষ্টাৰ্ছ ছুপাৰ ৫০০ বেডমিণ্টন টুৰ্ণামেণ্ট

আজিৰে পৰা ইয়াত আৰম্ভ হোৱা মালয়েছিয়া মাষ্টাৰ্ছ ছুপাৰ ৫০০ বেডমিণ্টন টুৰ্ণামেণ্টত ষ্টাৰ শ্বাটলাৰ পি ভি সিন্ধু আৰু এইচ এছ প্ৰণয়ে ভাৰতীয় প্ৰত্যাহ্বানৰ নেতৃত্ব দিব। সিন্ধু আৰু প্ৰণয় যোৱা সপ্তাহত মালয়েছিয়া অ'পেন ছুপাৰ ৭৫০ ৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈছিল আৰু এই দুয়োজন খেলুৱৈয়ে এই সপ্তাহৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত তেওঁলোকৰ খেলৰ ত্ৰুটিবোৰ দূৰ কৰি উন্নতি কৰিব বিচাৰিব। যদিও সিন্ধুৱে এই বছৰ চৈয়দ মোদী ইণ্টাৰনেচনেল আৰু ছুইছ অ'পেনৰ ৰূপত দুটা ছুপাৰ ৩০০ খিতাপ জিকিছে, প্ৰণয়ে খিতাপ জয়ৰ বাবে পাঁচ বছৰীয়া অপেক্ষাৰ অন্ত পেলাবলৈ ব্যাকুল হৈ পৰিছে। দুবাৰৰ অলিম্পিক পদক বিজয়ী সিন্ধুৱে বিশ্ব ভ্ৰমণ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ আৰু ছেমি ফাইনেলত ধাৰাবাহিকভাৱে উপনীত হৈ আহিছে,…
Read More
উইম্বলডনৰ মিক্সড ডাবলছ ছেমি ফাইনেলত ছানিয়া মিৰ্জা যুটী

উইম্বলডনৰ মিক্সড ডাবলছ ছেমি ফাইনেলত ছানিয়া মিৰ্জা যুটী

ভাৰতৰ তাৰকা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা আৰু তেওঁৰ ক্ৰোৱেচিয়ান সহযোগী মেট পাভিচে এখন কঠিন যুঁজত গেব্ৰিয়েলা ডাব্ৰোস্কি আৰু জন পিয়ৰ্চক পৰাস্ত কৰি উইম্বলডনৰ মিক্সড ডাবলছ ছেমি ফাইনেলত প্ৰৱেশ কৰে। সোমবাৰে নিশা কোৱাৰ্টাৰ ফাইনেলত ছানিয়া আৰু পাভিচৰ ষষ্ঠ স্থানৰ যুটিটোৱে কানাডিয়ান আৰু অষ্ট্ৰেলিয়াৰ যুটিটোক এক ঘণ্টা ৪১ মিনিটত ৬-৪ ৩-৬ ৭-৫ ব্যৱধানত পৰাস্ত কৰে। ভাৰতীয়-ক্ৰোৱেচিয়ান যুটিটোৱে ৰবাৰ্ট ফাৰাহ আৰু য়েলেনা অষ্টাপেঙ্কোৰ সপ্তম স্থান প্ৰাপ্ত যুটি আৰু ছেমি ফাইনেলত নীল স্কুপচি আৰু ডিজিয়েৰ ক্ৰোভিকৰ দ্বিতীয় স্থান প্ৰাপ্ত যুটিৰ মাজত কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ীৰ সৈতে যুঁজিব। অল ইংলেণ্ড ক্লাবত মিক্সড ডাবলছত এয়া ছানিয়াৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। তেওঁ আগতে ২০১১, ২০১৩ আৰু ২০১৫ চনত কোৱাৰ্টাৰ ফাইনেলত…
Read More
নিউজীলেণ্ডৰ পুৰুষ- মহিলা ক্ৰিকেটাৰসকলে সকলো ফৰ্মেটত লাভ কৰিব সমপৰ্যায়ৰ মেচ মাচুল

নিউজীলেণ্ডৰ পুৰুষ- মহিলা ক্ৰিকেটাৰসকলে সকলো ফৰ্মেটত লাভ কৰিব সমপৰ্যায়ৰ মেচ মাচুল

বিশ্ব ক্ৰিকেটত প্ৰথমবাৰৰ বাবে নিউজীলেণ্ড ক্ৰিকেট (এনজেডচি) আৰু খেলুৱৈ সন্থাৰ মাজত পাঁচ বছৰীয়া ঐতিহাসিক চুক্তিৰ পিছত দেশৰ পুৰুষ আৰু মহিলা ক্ৰিকেটাৰসকলে সকলো ফৰ্মেট আৰু প্ৰতিযোগিতাত একেই মেচ মাচুল লাভ কৰিব। এনজেডচিৰ মুখ্য কাৰ্যবাহী বিষয়া ডেভিদ হোৱাইটে এক বিবৃতিত কয়; 'এনে এক গুৰুত্বপূৰ্ণ চুক্তিত উপনীত হোৱাত তেওঁলোকৰ ভূমিকাৰ বাবে মই খেলুৱৈ আৰু বৃহৎ সংগঠনসমূহক ধন্যবাদ আৰু অভিনন্দন জনাইছো। এইটো আমাৰ খেলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চুক্তি, যি এনজেডচি, ডাঙৰ সংগঠন আৰু আমাৰ খেলুৱৈৰ বাবে বাধ্যতামূলক হ'ব আৰু ক্ৰিকেটত পুঁজি, প্ৰগতি আৰু বিকাশৰ ভেটি স্থাপন কৰিব।' এনজেডচি, ছয়টা মুখ্য সংগঠন আৰু নিউজীলেণ্ড ক্ৰিকেট খেলুৱৈ সন্থাৰ মাজত হোৱা ঐতিহাসিক চুক্তিৰ অধীনত, হোৱাইট ফাৰ্ণ (নিউজীলেণ্ডৰ ৰাষ্ট্ৰীয়…
Read More

এক ভয়ংকৰ আৰু হৃদয় বিদাৰক দৃশ্য

এক ভয়ংকৰ আৰু হৃদয় বিদাৰক দৃশ্য। মেঘালয়ৰ ফুলবাৰী থানাৰ অন্তৰ্গত গোমাইঝোৰাত সংঘটিত হয় এই দূৰ্ঘটনা৷গুৱাহাটীৰ পৰা মানকাচৰ অভিমূখে গৈ থকা যাত্ৰীবাহি নাইট ছুপাৰ এখন পুৱতি নিশা প্ৰায় ২ টা মান বজাত নিয়ন্ত্ৰণ হেৰুৱাই গোমাই ঝোৰাত খালত নামি যায় আৰু গাড়ীখন সম্পূৰ্ণৰূপে প্ৰায় পানীত ডুৱযোৱা পৰিলক্ষিত হয়। দূৰ্ঘটনা গ্ৰস্থ গাড়ী খনৰ নম্বৰ হৈছে AS 01NC - 2524 গাড়ী খনত মুঠ কিমান যাত্ৰী আছিলে সেয়া কিন্তু এতিয়াও নিশ্চিত ভাৱে জানিব পৰা হোৱা নাই৷ ফুলবাৰী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। দূৰ্ঘটনা গ্ৰস্থ গাড়ী খনত আবদ্ধ হৈ থকা যাত্ৰীক স্থানীয় ৰাইজে খিৰিকীৰ গ্লাচ ভাঙি উদ্ধাৰ কৰে বুলি স্থানীয় ৰাইজে জানিব দিয়ে…
Read More
ত্ৰিপুৰা ক্ৰিকেট দলত যোগদান ঋদ্ধিমান সাহাৰ

ত্ৰিপুৰা ক্ৰিকেট দলত যোগদান ঋদ্ধিমান সাহাৰ

ভাৰতীয় দলৰ বাহিৰত থকা উইকেটকিপাৰ বেটছমেন ঋদ্ধিমান সাহাই ত্ৰিপুৰা ক্ৰিকেট দলত খেলুৱৈ-তথা-গাইড হিচাপে যোগদান কৰিব। ত্ৰিপুৰা ক্ৰিকেট এছ'চিয়েশ্যনৰ (টিচিএ) যুটীয়া সম্পাদক কিশোৰ দাসে এই বিষয়ে অৱগত কৰিছে। ভাৰতৰ হৈ ৪০ খন টেষ্ট খেলা অভিজ্ঞ সাহাই ইতিমধ্যে ক্ৰিকেট এছ'চিয়েচন অৱ বেংগলৰ (চিএবি) পৰা অনাপত্তি প্ৰমাণপত্ৰ (এনঅ'চি) লাভ কৰিছে। দাসে কয়, "আমি সাহাৰ সৈতে কথা পাতিছো আৰু তেওঁ ৰাজ্যখনৰ হৈ খেলিবলৈ সন্মত হৈছে। তেওঁ খেলুৱৈসকলক অনুপ্ৰাণিত কৰিবলৈ জ্যেষ্ঠ দলটোক পথ প্ৰদৰ্শন কৰাৰ ভূমিকাও পালন কৰিব।' তেওঁ লগতে কয় যে টিচিএ আশাবাদী যে সাহাই ১৫ জুলাইৰ ভিতৰত চুক্তিত স্বাক্ষৰ কৰিব। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটত সাহাৰ অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত, যদি তেওঁ দলটোত…
Read More