উত্তৰ-পূৱ

বাংলাদেশৰ বিৰুদ্ধে ৩-০ৰে শৃংখলা দখল ৱেষ্ট ইণ্ডিজৰ

বাংলাদেশৰ বিৰুদ্ধে ৩-০ৰে শৃংখলা দখল ৱেষ্ট ইণ্ডিজৰ

অধিনায়ক নিকোলাছ পুৰাণৰ ৩৯ টা বলত অপৰাজিত ৭৪ ৰানৰ সহায়ত ৱেষ্ট ইণ্ডিজে তৃতীয় টি-২০ত বাংলাদেশক পাঁচ উইকেটৰ ব্যৱধানত পৰাস্ত কৰি ৩-০ ৰে শৃংখলা দখল কৰে। প্ৰথমে বেটিং কৰি বাংলাদেশে পাঁচটা উইকেট হেৰুৱাই ১৬৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ১০ টা বল বাকী থকা অৱস্থাত পাঁচটা উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰে। উল্লেখ্য যে বাংলাদেশে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। লিটন দাস আৰু আফিফ হোছেইনে ওডিয়ান স্মিথৰ অভাৰত ২০ ৰান সংগ্ৰহ কৰি দলটোক এটা সুন্দৰ আৰম্ভণি দিছিল। দুয়োজনৰ মাজত ৫৭ ৰানৰ অংশীদাৰীত্ব হয়। ৱালশে ১৯ তম অভাৰত মাহমুদুল্লাহক ২২ ৰানত আউট কৰে। আফিফ ৩৮ টা বলত…
Read More

বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয়

বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছেবৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয় আৰু বেকি নদীৰ গৰাখহনীয়াত প্রায় দুই শ টা পৰিয়ালৰ ঘৰ দুৱাৰ জাঁহ গৈছে, বিদ্যালয় খনৰ শৌচাগাৰ, প্ৰেচাবগাৰ বেঁকীৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰিলে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মাৰ আশংকাত পৰিব।অতি সোনকালে গৰাখহনীয়াৰ প্ৰতিৰোধৰকাম নকৰিলে বহু পৰিয়ালৰগৰাখহনীয়াৰ কবলতপৰিব।এতিয়ালৈকে কোনো প্ৰতিনিধিয়ে খবৰ নোলোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে ৰাইজে।অতি শীঘ্ৰেই গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে৷
Read More

হাৰমতী বান্দৰদেৱাত ৰঙা মাটিসহ নম্বৰ প্লেটবিহীন ডাম্পাৰ জব্দ বন বিভাগৰ

লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অধীনৰ বিভিন্ন প্ৰান্তত অসাধু লোকে নীতি বৰ্হিভূত ভাৱে চালান নোহোৱাকৈয়ে শিল বালি কঢ়িয়াই চৰকাৰক ৰাজহ ফাঁকি দি অহাৰ সমান্তৰালকৈ নম্বৰ প্লেটবিহীন ডাম্পাৰত নিশা নিশা পাহাৰৰ ৰঙা মাটি অবৈধভাৱে কঢ়িওৱা ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয় হাৰমতী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ খণ্ড বন বিষয়া ৰাতুল মহন্তৰ নেতৃত্বত এটি দলে। জানিব পৰা মতে , নিশা ভাগত অসম অৰুণাচল সীমান্ত বান্দৰদেৱাত কাটি থকা পাহাৰৰ ৰঙা মাটি নম্বৰপ্লেট নোহোৱা ডাম্পাৰৰ জৰিয়তে কঢ়িয়াই থকা হয়। আৰু ঘটনাৰ পম খেদি যোৱা দুটা দিনত খণ্ড বন বিষয়া ৰাতুল মহন্তৰ নেতৃত্বত এটি দলে চাৰিখনকৈ ৰঙা মাটি ভৰ্তি ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়।…
Read More

ডিগবৈ সমষ্টিবাসীৰ বাবে সুখবৰ

অসম চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিচন প্ৰকল্পৰ অসমত মুঠ চৌব্বিশ হাজাৰ জল জীৱন আঁচনিৰ প্ৰকল্পৰ কাম আৱন্তিত দিয়ে চৰকাৰে,ইয়াৰে অসমৰ ভিতৰত ১৮ টা পানীৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ ভিতৰত দহ টা পানীৰ প্ৰকল্পই আনুষ্ঠানিক ভাৱে মুকলি হ'ল ডিগবৈ সমষ্টিত ।অসমৰ প্ৰথমটো প্ৰকল্প শুভ উদ্বধন ডিগবৈৰ হাপজান পঞ্চায়তৰ অন্তৰ্গত বেতজান চাহ বাগিছাত আৰু তাৰ পাছতে ধাৰাবাহিক ভাৱে ডিগবৈ বিধায়ক সুৰেন ফুকনৰ তৎপৰতাত অসমৰ ভিতৰতে তিনিচুকীয়া জিলা খনৰ ডিগবৈত ধাৰাবাহিক ভাৱে জল জীৱন মিছন অধীনৰ আজি দশম টো পানীৰ প্ৰকল্পৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ডিগবৈৰ সমষ্টিৰ অন্তগৰ্ত চামডাং পঞ্চায়তৰ চামডাং চাহ বাগিছা অঞ্চলৰ ১০ নং লাইনত আৰু ২৫ নং লাইনত।…
Read More
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বিশ্ৰাম বিচাৰিছে বিৰাট কোহলীয়ে

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বিশ্ৰাম বিচাৰিছে বিৰাট কোহলীয়ে

ভাৰতীয় দলৰ জ্যেষ্ঠ বেটছমেন বিৰাট কোহলীয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক পাঁচখন খেলৰ টি-২০ শৃংখলাৰ পৰা বিশ্ৰাম বিচাৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সূত্ৰই কয় যে শৃংখলাটোৰ বাবে দলটো ১১ জুলাইত ঘোষণা কৰাৰ সম্ভাৱনা আছে। ভাৰতীয় দলটোৱে ১১ জুলাইত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ শৃংখলাৰ অন্তিমখন টি-২০ খেল খেলিব। বিচিচিআইৰ এজন জ্যেষ্ঠ সূত্ৰই নাম প্ৰকাশ নকৰাৰ চৰ্তত কয়, 'এদিনীয়া শৃংখলাৰ পৰা কোহলী, ঋষভ পন্ট, হাৰ্দিক পাণ্ডিয়া, যশপ্ৰীত বুমৰাহ আৰু অধিনায়ক ৰোহিত শৰ্মাক বিশ্ৰাম দিয়াটো দল পৰিচালনাৰ সিদ্ধান্ত আছিল। পাঁচখন খেলৰ টি-২০ শৃংখলা ২৯ জুলাইত ত্ৰিনিদাদৰ তাৰাউবাত আৰম্ভ হ'ব আৰু তাৰ পিছত ১ আৰু ২ আগষ্টত ছেইণ্ট কিটছত খেল অনুষ্ঠিত হ'ব। শৃংখলাটো ৬…
Read More
একেৰাহে দ্বাদশবাৰ জয়লাভৰে তৃতীয়বাৰলৈ উইম্বলডনৰ ছেমি ফাইনেলত চিমোনা হালেপ

একেৰাহে দ্বাদশবাৰ জয়লাভৰে তৃতীয়বাৰলৈ উইম্বলডনৰ ছেমি ফাইনেলত চিমোনা হালেপ

২০১৯ চনৰ উইম্বলডন চেম্পিয়ন ৰোমানিয়াৰ চিমোনা হালেপে উইম্বলডনত একেৰাহে দ্বাদশ জয়লাভ কৰি তৃতীয়বাৰৰ বাবে ছেমি ফাইনেলত উপনীত হৈছে। বুধবাৰে নিশা কোৱাৰ্টাৰ ফাইনেলত চিমোনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২০তম স্থানৰ আমাণ্ডা আনিচিমোভাক পোনপটীয়া ছেটত ৬-২, ৬-৪ ব্যৱধানত পৰাস্ত কৰে। একে সময়তে কাজাখস্তানৰ ১৭ তম শ্ৰেণীৰ এলিনা ৰিবাচিনাই অষ্ট্ৰেলিয়াৰ আজলা টমজানোভিকক ৪-৬, ৬-২, ৬-৩ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে যিকোনো গ্ৰেণ্ড শ্লেমৰ অন্তিম চাৰিখনত উপনীত হয়। আনিচিমোভাক পৰাস্ত কৰিবলৈ চিমোনাই এক ঘণ্টা তিনি মিনিট সময় লৈছিল। উল্লেখ্য যে চিমোনা হালেপে আঘাতৰ বাবে যোৱা বছৰ উইম্বলডনত খেলিব নোৱাৰিলে আৰু নিজৰ খিতাপ ৰক্ষা কৰিব নোৱাৰিলে। চিমোনাই কৈছিল যে এইবাৰ তেওঁ বহু প্ৰস্তুতি চলাই অৱতীৰ্ণ হৈছে। আনহাতে,…
Read More
বন বিভাগৰ কেজুৱেল শ্ৰমিকৰ জৰুৰী সভাত শীঘ্ৰে ফিক্সড পে সহ নিযুক্তি আৰম্ভ কৰাৰ দাবী

বন বিভাগৰ কেজুৱেল শ্ৰমিকৰ জৰুৰী সভাত শীঘ্ৰে ফিক্সড পে সহ নিযুক্তি আৰম্ভ কৰাৰ দাবী

সদৌ অসম বন বিভাগ কেজুৱেল শ্ৰমিক সন্থাৰ  এখন জৰুৰী  সাধাৰণ সভা  ৬ জুলাইত  বন বিভাগৰ  পাঞ্জাবাৰীস্থিত মুখ্য কাৰ্যালয় " অৰণ্য ভৱন"ৰ কৰ্মচাৰী ভৱনত  অনুষ্ঠিত হয় ।  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৭৫ জনৰো অধিক বেতন বঞ্চিত কেজুৱেল শ্ৰমিকৰ  উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে সন্থাৰ সভাপতি চিকণ ডেকাই আৰু উদ্দেশ্যে বাখ্যা কৰে সম্পাদক ধনঞ্জয় দাসে ।  সভাত  পূৰ্বতে বিভিন্ন কাৰণত বাদ পৰি যোৱা  ১৯৯৩ চনৰ পহিলা এপ্ৰিলৰ পূৰ্বে  নিযুক্তি প্ৰাপ্ত কেজুৱেল  বন শ্ৰমিকক ফিক্সড পে সহ  শীঘ্ৰে নিযুক্তি প্ৰদান কৰাৰ দাবী জনোৱা হয় । বিশেষকৈ  ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অনুমোদন দিয়াৰ পাছতো এই পৰ্যন্ত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ নকৰা , দৰমহা…
Read More

বিনীত বাগাৰীয়াৰ বাসগৃহত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

আৰক্ষীৰ ওচৰত ন্যায় নাপাই আত্মহত্যা কৰা ডিব্ৰুগড়ৰ শনি মন্দিৰ পথৰ নিবাসী বিনীত বাগাৰীয়াৰ বাসগৃহত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ লগতে পৰিয়াল বৰ্গৰ লগত প্ৰায় আধা ঘন্টা ধৰি পৰিয়ালৰ অভিযোগ শুনাৰ পিছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় জিলা প্ৰশাসন সম্পুৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি প্ৰকাশ কৰিছিল আৰু আৰক্ষীৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হব বুলিও কৈছিল আৰুডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বোলাৰাম টেৰাংক ততকালিন ভাবে শাস্তিমূলক বদলি কৰাৰ বিপৰীতে ডিব্ৰুগড় সদৰৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিযুক্তি দিয়ে যোৰহাটৰ ৰাজু ছেত্ৰীক। কিন্তু সচেতন ৰাইজে এতা কথা কব খোজে যি হেতু কেৱল মাত্ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক গাত…
Read More

ঈদৰ দিনাই লাহৰিঘাটৰ বটতলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা

ঈদৰ দিনাই লাহৰিঘাটৰ বটতলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা । বাইক আৰু ই ৰিক্সাৰ মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা দুৰ্ঘটনাত পতিত হোৱা বাইক আৰোহী জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।ক্ষন্তেক সময় পূৰ্বে ভেলৌগুৰি থানাৰ অন্তৰ্গত হাঁহচৰাবৰী গাঁৱৰ বটতলাত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো।গুৰুতৰ বাবে আহত হোৱা বাইক আৰোহী জনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে বাইক খনৰ নম্বৰ AS21H 7684 বুলি জানিব পৰা গৈছে।
Read More

ডিব্ৰুগড়ত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ

ডিব্ৰুগড়ত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ ।ডিব্ৰুগড়ত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ । সদৌ অসম ব্যৱসায়ী সন্থাৰ আহ্বান মৰ্মে জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা সুলভ মূল্যৰ ব্যৱসায়ী সকলে নিজৰ পাপ্য,আৰু অধিকাৰ বিচাৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতি কুইণ্টল চাউল বিতৰনৰ বাবে ৪৪০ টকালৈ বৃদ্ধি কৰা, আকাশলংঘী কেৰাচিন তেলৰ মূল্য হ্ৰাস কৰাৰ পৰিৱৰ্তে প্ৰতি গৰাকী গ্ৰাহকক ৫ লিটাৰ কৈ কেৰাচিন তেল সুলভ মূল্যত যোগান ধৰা, অন্যান্য ৰাজ্যৰ দৰে অসমতো সুলভ মূল্যত চেনি যোগান ধৰা আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে ১২ টাকৈ দাবী সম্বলিত এখনি স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে।
Read More