14
Jul
যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত মোৰহাট তৰাজানস্থিত শ্ৰীমন্ত সুন্দৰ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কৰ্মশালা অনুষ্ঠিত হৈ যায়। শ্ৰীমন্ত সুন্দৰ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আৰু গৰুমৰা উচ্চ ইংৰাজী বিদ্যালয়ৰ সহযোগত যোৱা ০৪,০৫ আৰু ০৬ জুলাই তাৰিখে অনুষ্ঠিত কৰ্মশালাৰ প্ৰথম দিনটোত ছাইবাৰ চিকিউৰটি সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হয়। গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিৎ পাত্ৰই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অবিনাশ বৰদলৈ। শ্ৰীমন্ত সুন্দৰ সংগীত মহাবিদ্যালয়ৰ প্ৰশিক্ষকদ্বয় ময়ুৰী বৰা বৰদলৈ আৰু হেমকান্ত শইকীয়া,লেখক জিতুল বৰা , সৰ্বোদয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মৃনাল কুমাৰ বৰা, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল, অভিভাৱক সকল আৰু শতাধিক…
