18
Jul
উদ্যোগ বচাওক শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতি, অসমৰ মুখ্য আহ্বায়ক ৰমেন দাস আৰু পংকজ কুমাৰ দাসে এক প্ৰেছ বিজ্ঞপ্তি যোগে অসম চাহ নিগমৰ ১২ খন চাহ বাগিচা যথাক্ৰমে চৈকতা,নাগিনীজান, ৰজাবাৰী, চৰাইদেউ, দীপলিং, নেঘেৰিটিং, ৰঙামাটি, দিজুভেলী, লুংচুং, আমলখি, ইচাবিল, লংগাই চাহ বাগিছা অসম চৰকাৰে লীজত দিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু বাগিছা কেইখন ৰাজহুৱা খণ্ডতে পুনৰুজ্জীৱিত কৰাৰ দাবী কৰিছে। প্ৰেছ বিজ্ঞপ্তিটোত যৌথ সংগ্ৰাম সমিতিয়ে কয় যে, বিজেপি চৰকাৰে চাহ নিগমৰ সমস্যা সমূহ সমাধানৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু বাগিছা সমূহ পুনৰুজ্জীৱিতকৰণৰ কোনো পদক্ষেপেই নললে, আনকি নিগমৰ বাগিছাৰ শ্ৰমিকে শ্ৰম আইন মতে পাব লগা প্ৰাপ্যসমূহো পোৱা নাই, পি এফৰ ধনৰ বাবে উচ্চতম ন্যায়ালয়ে…
