উত্তৰ-পূৱ

সৰভোগৰ ব্ৰজসদন প্ৰাংগণত আম আদমি পাৰ্টীত অৰ্ধ শতাধিক বিজেপি চিপিআইএমৰ কৰ্মীৰ যোগদান

সৰভোগৰ ব্ৰজসদন প্ৰাংগণত আম আদমি পাৰ্টীত অৰ্ধ শতাধিক বিজেপি চিপিআইএমৰ কৰ্মীৰ যোগদান।অসমত আম আদমি পাৰ্টীৰ ব্যাপক উত্থাপন হোৱা পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন ৰাজনৈতিক দল সমূহৰ পৰা বৰ বৰ নেতা সকলে আম আদমি পাৰ্টীত যোগদান কৰি আছে । আজি সৰভোগ ব্ৰজসদন প্ৰাংগণত সুৰেন তালুকদাৰৰ সভাপতিত্বত আৰু জিলা পৰ্য্যায়ৰ নেতৃৰ সহযোগত অৰ্ধ শতাধিক কৰ্মীয়ে আম আদমি পাৰ্টীত যোগদান কৰে । অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে । বানাক্ৰান্ত লোকসকলক উপযুক্ত আৰ্থিক সাহাৰ্য প্ৰদান কৰিব লাগে । শিক্ষাসমূহ দিল্লী শিক্ষাৰ দৰে গঢ়ি তুলিব লাগে। ইপিনে আম আদমি পাৰ্টীৰ সৎ তথা কামৰ ৰাজনীতিত দিল্লীৰ লগতে গোটেই ভাৰতত মহিলাৰ লগতে পুৰুষৰ ভূমিকা অপৰিসীম।…
Read More

পাঠশালাত শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু উপস্থিত হয়

পাঠশালাত শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু উপস্থিত হয়।পাৰস্পৰিক বদলি বিচাৰি আহি শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰা শিক্ষয়ত্ৰীক ধমক দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে।বদলিৰ বাবে বাৰে বাৰে অনুৰোধ কৰি শিক্ষামন্ত্ৰীক কৰিছিল আবেদন কিন্তু তাৰ পিছতো শিক্ষামন্ত্ৰী গৰাকীয়ে ধমক দিয়া পৰিলক্ষিত হয়।চাকৰি কৰা মন নহলে চাকৰি এৰাৰ আহ্বান কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে। আৰু মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ মতে নহয় এতিয়া কাম হব আইনৰ মতে হব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।জানিব পৰা মতে শিক্ষা মন্ত্ৰীৰ পৰা কোনো সহাঁৰি নাপাই আবেগিক হৈ পৰিছে তিনি গৰাকী শিক্ষয়িত্ৰীয়ে।
Read More

মাৰ্ঘেৰিটাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত তিনিদিনীয়াকৈ আৰম্ভ অগ্নিপথ আঁচনিৰ বিভিন্ন কাৰ্যসূচী, প্ৰশিক্ষণ আৰু কৰ্মশালা আৰম্ভ

মাৰ্ঘেৰিটাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত তিনিদিনীয়াকৈ আৰম্ভ অগ্নিপথ আঁচনিৰ বিভিন্ন কাৰ্যসূচী, প্ৰশিক্ষণ আৰু কৰ্মশালা আৰম্ভ। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ মাৰ্ঘেৰিটা টাউন হাইস্কুল প্ৰাঙ্গণত অগ্নিপথ আঁচনিৰ আধাৰ প্রাগ নিযুক্তি প্ৰশিক্ষণ কাৰ্যক্ৰম আৰম্ভ হৈছে । ভাৰত মাতাৰ প্ৰতিচ্ছবিত ফোঁট আৰু বন্তি প্ৰজলনেৰে মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমে আৰম্ভ কৰা অনুষ্ঠানত কাৰ্যকৰী সভাপতি সাৰদা কান্ত ৰায়ৰ সঞ্চালনাত এক সভা অনুষ্ঠিত হয়।সাধাৰণ সম্পাদক নৱ বৰাই আতঁ ধৰা সভাখনত বহু বিশিষ্ট ব্যক্তি সেনা বিষয়াই ভাষণ দিয়ে।ইয়াৰ পিছতেই আৰম্ভ হয় পাঁচ শতাধিক যুৱক যুৱতীৰ বিভিন্ন প্ৰশিক্ষণ আৰু কৰ্মশালাৰ কাৰ্যসূচী ।
Read More
কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত কৰ্মশালা

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত কৰ্মশালা

 সমগ্ৰ দেশৰ লগতে অসমতো অস্বাস্থ্যকৰ পেকেজড খাদ্যৰ বিক্ৰীৰ সমান্তৰাল ভাৱে বৃদ্ধি পাইছে হৃদ আৰু অন্যান্য অসংক্ৰমিত ৰোগীৰ সংখ্যা। শুকুৰবাৰে গুৱাহাটীৰ হোটেল ৰিভিয়েৰাত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসম আৰু  কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ উদ্যোগত ৰাজ্যৰ আগশাৰীৰ খাদ্য প্ৰস্তুতৰ সৈতে জড়িত উদ্যোগ গোষ্ঠীৰ প্ৰতিনিধিৰ উপস্থিতিত এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত উপস্থিত উদ্যোগ গোষ্ঠীৰ প্ৰতিনিধি সকলে গ্ৰাহকে যাতে স্বাস্থ্যসন্মত খাদ্য বাচনি কৰিব পাৰে, তাৰ বাবে পেকেজড ফুডৰ সন্মুখভাগত স্বাস্থ্য সম্বন্ধীয় সতৰ্কবাৰ্তা, খাদ্যবস্তুত মিহলি হৈ থকা নিমখ, চেনী আৰু সংপৃক্ত চৰ্বিৰ পৰিমাণ স্পষ্ট ভাবে উল্লেখ কৰাৰ সপক্ষে ঐক্য  মন প্ৰকাশ কৰে। কৰ্মশালাত উপস্থিত থাকি নিভাঁজৰ অধ্যক্ষ ডঃ বীৰেন্দ্ৰ কুমাৰ দাস, ৰিপ'জৰ মহাপ্ৰবন্ধক স্বপন নাথ,…
Read More
২৯ জুলাইত চিত্ৰগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ “উপসৰ্গ”

২৯ জুলাইত চিত্ৰগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ “উপসৰ্গ”

 "বিউটিফুল লাইভছ" নামৰ ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰা যুৱ পৰিচালক কংকন ডেকাই পৰিচালনা কৰা নতুন অসমীয়া চলচ্চিত্ৰ "উপসৰ্গ" অহা ২৯ জুলাইত মুক্তিলাভ কৰিব। কাৰ্ণেল ফিল্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মিত "উপসৰ্গ" ৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু প্ৰযোজনাও কৰিছে কংকন ডেকাই। "টকা কাক নালাগে"-এই টেগলাইন ব্যৱহাৰ কৰা 'উপসৰ্গ'ৰ কাহিনীভাগ এনেধৰণৰ- কিংকৰ ওজা আৰু বেণ্ডপাৰ্টীৰ অনিল দুই বন্ধুৰ ধনী হোৱাৰ মন। কম দিনতে লাগে বহুত টকা। বোবা ৰাজেনে সিঁহতক সাংঘাটিক উপায় এটা দিলে। কিংকৰৰ মন ৰেণুক প্লেনটোত চামিল কৰোৱাৰ। কামৰ লগতে মনটোও ভাল লাগি থাকিব। পিছে এই প্লেনটোনো কি? কি ঘটনা-পৰিঘটনাৰ মাজেৰে যাব আটায়ে? এনে এক কাহিনীৰে নিৰ্মিত ছবিখনিৰ মূল চৰিত্ৰত অভিনয় কৰিছে…
Read More

নাওবৈচাৰ তিনিখনকৈ চাহ বাগানত বিজেপিৰ বিজয় উৎসৱ পালন

নাওবৈচাৰ তিনিখনকৈ চাহ বাগানত বিজেপিৰ বিজয় উৎসৱ পালন । হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ অংশ গ্ৰহণৰে ঝুমুৰ নৃত্যৰ লগতে বাহিৰ কৰে শোভাযাত্ৰা।আদিবাসী বিশিষ্টা মহিলা দ্ৰৌপদী মুৰ্মুক এনডিএ তৰফৰ পৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে পদক্ষেপ কৰি জয়ী কৰোৱাৰ আনন্দত নাওবৈচাৰ তিনিখনকৈ চাহ বাগিচাত ভাৰতীয় জনতা পাৰ্টীয়ে বিজয় উৎসৱ পালন কৰে। ডিজু, চিলনীবাৰী আৰু দলহাট চাহ বাগিচাৰ চাহ শ্ৰমিক সকলৰ অংশগ্ৰহনেৰে দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতিৰূপে আদৰণি জনোৱাৰ লগতে পিছপৰা আদিবাসী জনগোষ্ঠীৰ মহিলাগৰাকীক দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত কৰোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে।
Read More

লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ তীব্ৰ প্ৰতিবাদ

কংগ্ৰেছ হাই কামাণ্ড ছোনীয়া গান্ধীৰ ওপৰত অন্যায়ভাৱে RD য়ে জাপি দিয়া গোচৰৰ বিৰুদ্ধে লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ তীব্ৰ প্ৰতিবাদ।বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত কিছু চৰকাৰী সংস্হাই কংগ্ৰেছৰ নেত্ৰী, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী শ্ৰীযুতা ছোনীয়া গান্ধীৰ ওপৰত অন্যায়ভাৱে গোচৰ জাপি দি উক্ত গোচৰৰ তদন্তৰ অধীনত সোধা পুছাৰ নামত অযথা হাৰা-শাস্তি কৰাৰ কাৰণে বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন ঠাইত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছী কৰ্মী সকলে।সমান্তৰাল কৈ লখিমপুৰ জিলাৰ কংগ্ৰেছ কমিটিয়ে জিলা উপায়ুক্তৰ কাৰ্যায়লৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।"নৰেন্দ্ৰ মোদী গো বেক"।"বিজেপি চৰকাৰ হাই হাই"।"অসম চৰকাৰ গো বেক,"আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলাৰ লগতে জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখনি…
Read More

চিৰাঙত চুমা বিতৰ্কত এজন বিজেপি নেতা

চিৰাঙত চুমা বিতৰ্কত এজন বিজেপি নেতাৰ । মোবাইলে মোবাইলে বিয়পি পৰিছে এখন চুমাৰ ফটো ।বিজেপিয়ে নাৰীক দেৱী জ্ঞান কৰা আজি নাৰীক দেৱী জ্ঞান কৰা ফটো এতিয়া সকলোৰে মোবাইলে মোবাইলে বিয়পিছে এখন বিশেষ ফটো যিখন ফটো তোলাপাৰ লগাইছে সমগ্ৰ চিৰাং জিলাত । বিজেপিৰ চিৰাং জিলা সভাপতি ৰিন্টু কুমাৰ দাসে এগৰাকী মহিলাৰ গালত চুমা আকি দিয়া ফটোয়ে লগাইছে তোলপাৰ। বিজেপিৰ উপ-সভানেত্ৰীৰ গালত চুমা দিয়া ফটো এতিয়া সকলোৰে মোবাইলত। এয়াই নেকি বিজেপিৰ নাৰীক দেৱী জ্ঞানৰ নমুনা ।
Read More

ধন নিদিলে আচামী নধৰে এজন আৰক্ষী বিষয়াই

ধন নিদিলে আচামী নধৰে এজন আৰক্ষী বিষয়াই। উল্লেখযোগ্য যে বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুছ ছামাদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এগৰাকী অপহৃত কিশোৰীৰ পিতৃৰ। অপহৃত কিশোৰীক উদ্ধাৰ কৰাৰ লগতে অপহৰনকাৰীক গ্ৰেপ্তাৰ কৰাৰ নামত ভুক্তভোগী পৰিয়ালৰ পৰা ১২ হাজাৰ টকা লোৱাৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে। কোকিলা মৌলবীপাৰাৰ শ্বফি ভূঞাৰ দশম শ্ৰেণীত অধ্যয়নৰত ১৬ বছৰীয়া কিশোৰীক গাওঁখনৰে শ্বাহ কামালৰ বিবাহিত পুত্ৰ আনোৱাৰ হুছেইনে যোৱা এমাহ আগত অপহৰন কৰি লৈ যায় ।ঘটনা সংক্ৰান্তত ভুক্তভোগী পৰিয়ালে কোকিলা আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰিছে যদিও আজিলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কোকিলাৰ ভাৰপ্ৰাপ্ত…
Read More
সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীক সাক্ষাৎ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীৰ

সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীক সাক্ষাৎ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীৰ

অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ বিশেষ আঁচনিৰ অধীনত শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলক সাক্ষাৎ কৰে ব'ৰ্ডৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীয়ে। আজি সোণাপুৰস্থিত ৰিজনেল কলেজ অফ পেৰামেডিকেল হেলথ চাইন্স আৰু বেলতলাস্থিত এনইপিইডিএছত চাদেন ভিজিট কৰি হাবিব মহম্মদ চৌধুৰীয়ে শিক্ষানুষ্ঠান দুখনত অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ বিশেষ আঁচনিৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়। তদুপলক্ষে ছাত্র-ছাত্ৰীক সম্ভোধন কৰি তেওঁ কয় যে অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডে সংখ্যালঘুসকলৰ দৰিদ্ৰ পৰিয়ালৰ মেধাবী শিক্ষাৰ্থীৰ বাবে এই আঁচনি গ্ৰহণ কৰিছে। যাতে কোনো সংখ্যালঘু মেধাবী শিক্ষাৰ্থী উপযুক্ত শিক্ষা লাভৰ পৰা বঞ্চিত হ'বলগা নহয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে সংখ্যালঘুৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব…
Read More