উত্তৰ-পূৱ

কলিতা জাতিক অপমানিত কৰা টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ জনৈক যাধৱ কোৱৰক ৰাজহুৱা ক্ষমা খোজাৰ দাবী

কলিতা জাতিক অপমানিত কৰা টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ জনৈক যাধৱ কোৱৰক ৰাজহুৱা ক্ষমা খোজাৰ দাবী কলিতা জনগোষ্ঠী সন্মিলন অসমৰ।টাই আহোম ছাত্ৰ সন্থাৰ বিৰুদ্ধে এইবাৰ কলিতা জনগোষ্ঠীক অপমান কৰাৰ অভিযোগ তুলিছে কলিতা জনগোষ্ঠী অসমে।কলিতা জাতিৰ কোনো ইতিবৃত্ত নাই বুৰঞ্জী নাই বুলি তীৰ্যক মন্তব্য কৰা বুলি অভিযোগ। অসমৰ দুই খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত মতভেদ।অসমৰ বৃহত্তম আৰু প্ৰাচীতম কলিতা জনগোষ্ঠীক লৈ তীৰ্যক মন্তব্য টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰৰ।বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি আঙুৰলতা ডেকাক সমালোচনা কৰিবলৈ গৈ সংবাদ মেল যোগে কলিতা জনগোষ্ঠীক টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদব কোঁৱৰে অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে।কলিতা জনগোষ্ঠী অসমক লৈ তীৰ্যক মন্তব্য কৰা যাদব কোঁৱৰক গৰিহণা দি…
Read More
২০১৩ৰ পিছত বাংলাদেশৰ বিৰুদ্ধে প্ৰথম এদিনীয়া জয় জিম্বাবোৱেৰ

২০১৩ৰ পিছত বাংলাদেশৰ বিৰুদ্ধে প্ৰথম এদিনীয়া জয় জিম্বাবোৱেৰ

চিকান্দাৰ ৰাজা আৰু ইনোচেণ্ট কায়াৰ শতকে জিম্বাবোৱেক প্ৰথম খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত বাংলাদেশক পাঁচ উইকেটত পৰাস্ত কৰাত সহায় কৰে। ২০১৩ চনৰ পিছত বাংলাদেশৰ বিৰুদ্ধে জিম্বাবোৱেৰ এইটো প্ৰথম এদিনীয়া জয়। ৰাজাই আঠটা চাৰি আৰু ছয়টা ছয়ৰ সহায়ত ১০৯ টা বলত অপৰাজিত ১৩৫ ৰান সংগ্ৰহ কৰে। তেওঁ কায়াৰ (১১০ ৰান) সৈতে পঞ্চম উইকেটৰ বাবে ১৯৪ ৰানৰ অংশীদাৰী ত্বৰান্বিত কৰে। ইয়াৰ সৈতে, জিম্বাবোৱে দুৰ্বল আৰম্ভণিৰ পৰা পুনৰুদ্ধাৰ কৰি তিনি উইকেটত ৬২ ৰান কৰি পাঁচ উইকেটত ৩০৭ ৰানত জয় লাভ কৰে। ইয়াৰ পূৰ্বে বাংলাদেশে দুই উইকেটত ৩০৩ ৰান সংগ্ৰহ কৰে। তেওঁলোকৰ চাৰিজন টপ অৰ্ডাৰৰ বেটছমেনে অৰ্ধ-শতক অৰ্জন কৰে। বাংলাদেশৰ হৈ লিটন দাসে  সৰ্বাধিক…
Read More
বিজেপি চৰকাৰখনে আহোম জনগোষ্ঠীক কেতিয়াও অৱহেলা কৰা নাই

বিজেপি চৰকাৰখনে আহোম জনগোষ্ঠীক কেতিয়াও অৱহেলা কৰা নাই

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত আজি ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰ আৰু থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইয়ে  এখন সংবাদমেল মেল সম্বোধন কৰি  পুনৰ এবাৰ স্পষ্ট কৰে যে ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ প্ৰতিটো জাতি- জনগোষ্ঠীকে শ্ৰদ্ধা তথা সন্মান জনায়। প্ৰতিটো জাতি - জনগোষ্ঠীৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে নিৰন্তৰ কাম অব্যাহত ৰাখিছে। তেনেস্থলত সামাজিক মাধ্যমত ৰাজ্যিক বিজেপিৰ নেত্ৰীয়ে আহোম জাতিৰ বিৰুদ্ধে অপমান সূচক মন্তব্য কৰিছে বুলি  যি প্ৰচাৰ চলিছে সেইয়া সম্পূৰ্ণৰূপে ভুৱা আৰু এয়া কোনো দুষ্টচক্ৰৰ সমাজ অস্থিৰ কৰা কু-পৰিকল্পনা। সংবাদমেলত মুখপাত্ৰ লক্ষ্য কোঁৱৰে কয় যে যোৱা ২৯ তাৰিখে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে নৱনিৰ্বাচিত…
Read More
শিক্ষক-কৰ্মচাৰী আৰু টিউটৰসকলৰ চাকৰি প্ৰাদেশিকীকৰণৰ দাবী

শিক্ষক-কৰ্মচাৰী আৰু টিউটৰসকলৰ চাকৰি প্ৰাদেশিকীকৰণৰ দাবী

গণিত আৰু বিজ্ঞান বিষয়ত মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমত শিক্ষা দিয়াৰ কেবিনেট সিদ্ধান্ত তৎকালে বাতিল কৰা, ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰা, টিউটৰসকলক  শিক্ষকৰ মৰ্যাদা  দিয়া আৰু তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক পূৰ্ণ কৰ্মচাৰীৰ মৰ্যাদা দিয়াৰ দাবীত আজি ৰাজ্যৰ সাতটা যুৱ-ছাত্ৰ সংগঠনে গুৱাহাটী ক্লাৱৰ ৰ’টাৰীৰ ওচৰত মিলিত হৈ  প্ৰতিবাদ সাব্যস্ত  কৰে৷ সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠন ক্ৰমে ডি ৱাই এফ আই, এ আই ৱাই এফ, এ আই ডি ৱাই  অ’, এছ এফ আই, এ আই ডি এছ অ’, এ আই এছ এ আৰু এ আই এছ এফ-এ যৌথভাৱে এই প্ৰতিবাদৰ আহ্বান দিছিল৷  চৰকাৰে কেবিনেটত সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ…
Read More

বটদ্ৰৱা থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত মহিলাৰ মত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ

বটদ্ৰৱা থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত মহিলাৰ মত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নগাওঁ জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁৱত এজনী মহিলাৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে গাঁও খনৰ আব্দুল হাইৰ জীয়ৰী অফিয়া খাতুনক জুৰিয়া থানাৰ অন্তৰ্গত মাহগুৰি গাঁৱৰ আৰফান আলীৰ পুত্ৰ নাছিৰ উদ্দীনৰ লগত আজিৰ পৰা প্ৰায় ২২ বছৰ পূৰ্বে বিবাহ দিয়া হয় যদিওঁ বিয়াৰ পিছৰে পৰাই স্বামীগৃহৰ পৰা চলাই আহিছিল অকথ্য নিৰ্যাতন। যাক লৈ কেইবাবাৰো সম্পন্ন হয় ৰাইজ মেলৰ। কিন্তু বিয়াৰ ইমান দিনৰ পিছতো নিৰ্যাতন চলাই থকাত উপায়হীন হৈ বৰপুত্ৰৰ লগত গুছি আহে মাতৃ গৃহলৈ। ইতিমধ্যে স্বামীগৃহৰ অত্যাচাৰত শয্যাশায়ী হৈ অৱশেষত আজি অকাল মৃত্যুক আঁকোৱালি লয়। এই…
Read More

সৰ্থেবাৰীত প্লাষ্টিকৰ বিৰুদ্ধে সৰ্থেবাৰী পৌৰসভাৰ অভিযান।

সৰ্থেবাৰীত প্লাষ্টিকৰ বিৰুদ্ধে সৰ্থেবাৰী পৌৰসভাৰ অভিযান। সৰ্থেবাৰী পৌৰসভাই একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ,বিক্ৰী আৰু মজুতকৰণৰ বিৰুদ্ধে অভিযান চলায় ।এই অভিযানত কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানতৰ পৰা জব্দ প্লাষ্টিকৰ সামগ্ৰী।কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীক জৰিমনা।এই অভিযানত সৰ্থেবাৰী পৌৰসভাৰ সভানেত্ৰী স্বৰ্ণলতা বৰ্মন, পৌৰসভাৰ কেবাগৰাকীও পাৰিষদ উপস্থিত আছিল।
Read More

গোসাইগাওঁ উকীল সন্থাৰ কাৰ্যালয়ত চৰম অৰাজকতাৰ

গোসাইগাওঁ উকীল সন্থাৰ কাৰ্যালয়ত চৰম অৰাজকতাৰ অভিযোগঃএফিডেফিট কৰিব যোৱা যুৱকক সুৰামত্ত অধিবক্তাৰ আক্ৰমন।গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন হাব্ৰুবিল স্থিত মহকুমা দন্ডাধিশৰ কাৰ্যালয়ৰ সমিপত স্থিত উকীল সন্থাৰ কাৰ্যালয়ত চৰম অৰাজকতাৰ অভিযোগ উত্থাপন হৈছে ৷ সন্থাৰ কাৰ্যালয়তে মদ্যপান কৰি অধিবক্তাই যুৱকক আক্ৰমন কৰাৰ গুৰুতৰ অভিযোগ কৰিছে ভুক্তভোগী যুৱকে ৷ ঘটনাক লৈ গোসাইগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ অভিযোগ মতে গোসাইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তৰ্গত দুই নম্বৰ ডেমডেমা গাঁৱৰ বাসিন্দা প্ৰমেশ্বৰ হাচদা নামৰ যুৱক গৰাকীয়ে জাতিৰ প্ৰমান পত্ৰৰ বাবে অধিবক্তাৰ জৰিয়তে এফিডেফিটৰ আবেদন কৰিছিল ৷ যুৱক গৰাকীয়ে এফিডেফিট টো আনিবলৈ কালি বিয়লি উকীল সন্থাৰ কাৰ্যালায়ত উপস্থিত হয় ৷ তেনে সময়ত উকীল সন্থাৰ কাৰ্যালয় কক্ষত…
Read More

গোলাঘাটত খাদ্যত বিষক্ৰিয়া হৈ ১৫ গৰাকী চিকিৎসাধীন

গোলাঘাটৰ চেলেঙীত আজি খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন হব লগীয়া হয় ১৪ গৰাকী লোক । অঞ্চলটোৰ দীপক ফুকনৰ ঘৰত গ্ৰহদোষ খণ্ডনৰ বাবে নাম-কীৰ্তন অনুষ্ঠানত মাহ প্ৰসাদ ; চিৰা-দৈ খাই এই বিষক্ৰিয়া হয় বুলি জানিব পৰা গৈছে । এই বিষক্ৰিয়াত শিশুৰ পৰা বৃদ্ধলৈকে ১৪ জন লোকক গোলাঘাটৰ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । কেইবাজনো সংকট মুক্ত বুলি চিকিৎসক ডাঃ বিপুল দাসে জানিবলৈ দিছে । আক্ৰান্ত লোকসকল মূলত পেটৰ বিষ,বমি আৰু ডিচেন্ট্ৰিত আক্ৰান্ত হৈছে । গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোক সকল হৈছে উৎপল ফুকন ( ১০), অনুপ্ৰভা ফুকন (৫৫),বিউটি ফুকন (৬০),মুখেশ্বৰ শইকীয়া (৪৫), নিত্যা ফুকন(৫২),ৰঞ্জিত ফুকন…
Read More
সৰুসজাইত ৭আগষ্টত জেভলিন দিৱস প্ৰতিযোগিতা

সৰুসজাইত ৭আগষ্টত জেভলিন দিৱস প্ৰতিযোগিতা

অসম এথলেটিকছ এছ'চিয়েচন আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত ৭আগষ্ট দেওবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব প্ৰথম বাৰ্ষিক ৰাষ্ট্ৰীয় জেভেলিন থ্ৰ' প্ৰতিযোগিতা। ভাৰতৰ গৌৰৱ জেভেলিন থ্ৰৱাৰ নিৰজ ছোপ্ৰাই ২০২১ বৰ্ষৰ অলিম্পিকত সোণৰ পদক লাভ কৰা ৭ আগষ্টৰ দিনটোত ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত এই জেভেলিন দিৱস প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীতো লৰা-ছোৱালী উভয়ৰে ১৪বছৰ অনুৰ্ধ্ব,১৬বছৰ অনুৰ্ধ্ব,১৮বছৰ অনুৰ্ধ্ব,২০বছৰ অনুৰ্ধ্ব আৰু পুৰষ-মহিলা উভয়ৰে মাজত  এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহনকাৰী প্ৰতিযোগীসকলে ৭আগষ্টৰ পুৱা ৭ বজাত সৰুসজাই ষ্টেডিয়ামত খেলৰ বাবে উপস্থিত হোৱাৰ লগতে বয়সৰ প্ৰমানপত্ৰ লগত আনিবলৈ উদ্যোক্তাই অনুৰোধ জনাইছে। প্ৰতিযোগিতাৰ কাৰ্যসূচীত ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি উদ্যোক্তাই আন্তৰিকতাৰে কামনা কৰিছে।
Read More
“সমন্বয় কবি“ কাব্যপ্ৰৱৰ কৰুণা কান্ত বৰ্মনক স্মৰণ সূৰুযমুখী কৱিচক্ৰৰ

“সমন্বয় কবি“ কাব্যপ্ৰৱৰ কৰুণা কান্ত বৰ্মনক স্মৰণ সূৰুযমুখী কৱিচক্ৰৰ

সমন্বয় কবি “কাব্যপ্ৰৱৰ কৰুণা কান্ত বৰ্মনদেৱৰ ১আগষ্ট তাৰিখে ওপজা দিন উপলক্ষে  কবি গৰাকীলৈ শ্ৰদ্ধা জনাই  ৩১ জুলাই  দেওবাৰে তেখেতৰ  বাসগৃহ কৱিতালয়“ ত সূৰুযমুখী কৱিচক্ৰ ৰ সৌজন্যত  “কৱিতাৰে এদিন ’ নামাকৰণেৰে এক  কবিতা পাঠৰ এটি সুন্দৰ অনুষ্ঠান আয়োজন কৰা হয়  ৷ প্ৰয়াত বৰ্মনদেৱৰ  পত্নী  প্ৰতিমা মুদৈ বৰ্মনে তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি বন্তি এগচি জ্বলাই  শুভ আৰম্ভ কৰা অনুষ্ঠানটিত  সভাপতিত্ব কৰে সূৰুযমুখী কৱিচক্ৰৰ সভাপতি  দিলীপ কুমাৰ ডেকাই আৰু অনুষ্ঠানটি সঞ্চালন কৰে কাৰ্যকৰী সভাপতি জ্যোতিৰ্ময় শৰ্মাই ৷ উক্ত অনুষ্ঠানতে “সমন্বয়ৰ কবি কাব্যপ্ৰৱৰ কৰুণা কান্ত বৰ্মন সোঁৱৰণী“ বঁটা  কবিতা প্ৰতিযোগিতাত পুৰস্কাৰ প্ৰাপ্ত কবিসকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷  উল্লেখযোগ্য যে এইবাৰৰ  কবিতা প্ৰতিযোগিতাত ১ম…
Read More