উত্তৰ-পূৱ

কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ

কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ

মুখ্যমন্ত্ৰী  ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে গ্ৰহণ কৰা কাৰ্যসূচী পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৃক্ষৰোপণ কৰি মুকলি কৰি যোৱাৰ পিছতে শুকুৰবাৰে কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰী একগোট হৈ জ্যোতিপ্ৰসাদৰ মহান বাণী “সেউজী সেউজী সেউজীয়া, সেউজী ধৰণী ধুনীয়া” লক্ষ্যৰে আগবাঢ়ি আহে । উল্লেখ্য যে, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত কাৰ্যালয়ে গ্ৰহণ কৰা বৃক্ষৰোপণ কাৰ্যসূচীত আনদুগৰাকী জিলা পৰিবহণ বিষয়া ক্ৰমে আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম আৰু প্ৰবৰ্তক শাখাৰ পৰিবহণ বিষয়া হিমাংশু দাসৰ উপস্থিতিত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৃক্ষৰোপণ এক মহৎ কাৰ্য বুলি মন্তব্য কৰ। বৃক্ষৰোপণৰ এই…
Read More
 ১৫ আগষ্টত ৰাজ্যিকভিত্তিত ৰশ্মিতা গুপ্ত স্মাৰক তৰ্ক প্ৰতিযোগিতা

 ১৫ আগষ্টত ৰাজ্যিকভিত্তিত ৰশ্মিতা গুপ্ত স্মাৰক তৰ্ক প্ৰতিযোগিতা

পাণ্ডুৰ জনপ্ৰিয় সামাজিক-সাংস্কৃতিক সংগঠন জনমতৰ উদ্যোগত ৰশ্মিতা গুপ্ত স্মাৰক চতুৰ্থ বাৰ্ষিক "সদৌ অসম তৰ্ক প্ৰতিযোগিতা"অহা ১৫ আগষ্ট তাৰিখে স্বাধীনতাৰ পঁয়সত্তৰ বছৰ উদযাপনৰ অংশ হিচাপে আয়োজন কৰা হৈছে।পাণ্ডুৰ বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনৰ ১০-৩০বজাত অনুষ্ঠিত হব লগা ৰাজ্যভিত্তিক এই তৰ্ক প্ৰতিযোগিতাৰ বিষয় হৈছে সদনৰ মতে"বৰ্তমান সময়ত বাক্ স্বাধীনতা আৰু অভিব্যক্তিৰ ওপৰত ভাবুকি আহিছে।"দশম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি থকা এই প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে আয়োজকসকলে আহ্বান জনাইছে। শ্ৰেষ্ঠ দল,শ্ৰেষ্ঠ তাৰ্কিক,২য় আৰু ৩য় শ্ৰেষ্ঠ তাৰ্কিক,উদীয়মান তাৰ্কিক, সম্ভাৱনাময় তাৰ্কিক,আদিৰ বাবে আকৰ্ষণীয় আৰ্থিক পুৰস্কাৰৰ উপৰিও স্মাৰক আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব বুলি উদ্যোগক্তাসকলে জনাইছে।প্ৰতিযোগিতাত ভাগ লবলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলে পক্ষে…
Read More

বগিদাৰাত দহ-বাৰ জনীয়া গুণ্ডা বাহিনীৰ দ্বাৰা চাৰিজন লোকক আক্ৰমণৰ ঘটনা

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ১ নং বগিদাৰাত গুণ্ডা বাহিনীৰ দ্বাৰা চাৰিজন লোকক নিৰ্মম ভাবে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।স্বামীৰ দ্বাৰা পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা। অভিযোগ অনুসৰি স্থানীয় তমছেৰ আলীৰ পুত্ৰ হাফিজুৰ ৰহমানে(২৮) নিজ পত্নীক(জবেদা খাতুনক) দীৰ্ঘ দিনৰ পৰা নিৰ্যাতন চলাই অহাৰ পিছত বিগত ২ মে তাৰিখে পত্নীৰ গাৰ কাপোৰ খুলি কাপোৰ সমূহ পেট্ৰল ঢালি জ্বলাই দি হাত বান্ধি ৰাজপথত উলংগ কৰি শাৰীৰিক নিৰ্যাতন চলায়।ঘটনা সন্দৰ্ভত বোৱাৰী গৰাকীৰ জ্যেষ্ঠ ভাতৃ মহুবৰ আলীয়ে নিজ ভগ্নীক কৰা এনে অমানৱিয় নিৰ্যাতনৰ বাবে শাসন মুলক ভাবে ভনী জোৱাই হাফিজুৰ ৰহমানক দুটা চৰ দিয়াক কেন্দ্ৰ…
Read More
মুম্বাই ত্যাগ কৰি গোৱাৰ হৈ খেলিব অৰ্জুন তেণ্ডুলকাৰে

মুম্বাই ত্যাগ কৰি গোৱাৰ হৈ খেলিব অৰ্জুন তেণ্ডুলকাৰে

ভাৰতীয় দলৰ প্ৰাক্তন ক্রিকেটাৰ শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুনে মুম্বাই দল এৰিবলৈ সাজু হৈছে আৰু পৰৱৰ্তী ঘৰুৱা ছিজনত গোৱাৰ হৈ খেলিব পাৰে। বাওঁহাতৰ বেগী বলাৰজনে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছৰ অংশ আছিল। তেওঁ ২০২০-২১ বৰ্ষত মুম্বাইৰ হৈ ছৈয়দ মুস্তাক আলী ট্ৰফীত হাৰিয়ানা আৰু পুডুচেৰীৰ বিৰুদ্ধে দুখন খেল খেলিছিল। জানিব পৰা অনুসৰি কনিষ্ঠ তেণ্ডুলকাৰে মুম্বাই ক্ৰিকেট এছ'চিয়েচনৰ পৰা অনাপত্তি প্ৰমাণপত্ৰৰ (এনঅ'চি) বাবে আবেদন কৰিছে। এছ আৰ টি স্পৰ্টছ মেনেজমেণ্টে এক বিবৃতিত কয়, 'অৰ্জুনে তেওঁৰ কেৰিয়াৰৰ এই পৰ্যায়ত খেলপথাৰত যিমান সম্ভৱ সময় অতিবাহিত কৰাটো গুৰুত্বপূৰ্ণ। আমি বিশ্বাস কৰোঁ যে আন ঠাইৰ পৰা খেলিলে অৰ্জুনক অধিক প্ৰতিযোগিতামূলক খেল খেলিবলৈ সুযোগ দিব। তেওঁ তেওঁৰ ক্ৰিকেট…
Read More
টি-২০ কেৰিয়াৰত ৬০০ টা উইকেট সম্পূৰ্ণ ডোৱেন ব্ৰাভোৰ

টি-২০ কেৰিয়াৰত ৬০০ টা উইকেট সম্পূৰ্ণ ডোৱেন ব্ৰাভোৰ

 ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ডোৱেন ব্ৰাভোৱে টি-২০ কেৰিয়াৰত ৬০০ টা উইকেট সম্পূৰ্ণ কৰিছে। তেওঁ এনে কৰা বিশ্বকাপৰ প্ৰথম বলাৰ হৈ পৰিছে। ব্ৰাভোৱে বৰ্তমান দ্য ৱিয়ৰ্ড ফৰ্মেটত নৰ্দাৰ্ণ ছুপাৰচাৰ্জাৰৰ হৈ খেলি আছে। বৃহস্পতিবাৰে ওভাল ইনভিজিবল দলৰ বিৰুদ্ধে খেলা খেলখনত ব্ৰাভোৱে দুটা উইকেট লৈ এই অভিলেখ গঢ়িছিল। অৱশ্যে, মেচখন উত্তৰ ছুপাৰচাৰ্জাৰৰ দ্বাৰা হেৰুৱাইছিল। চেম কুৰানৰ ৬০ ৰানৰ বাবে ওভাল দলে সাত টা উইকেট হেৰুৱাই মেচখন জিকিছিল। টি-২০ত সৰ্বাধিক উইকেট অর্জনকাৰীৰ ভিতৰত আছে- ৬০০ উইকেট ডোৱেন ব্ৰাভো (৫৪৫ খন মেচ), ৪৬৬ উইকেট ৰছিদ খান (৩৩৮ খন মেচ), ৪৫৭ উইকেট সুনীল নাৰিন (৪২১ খন মেচ), ৪৫১ উইকেট ইমৰান তাহিৰ (৩৫৮ খন মেচ), ৪১৮ উইকেট চাকিব…
Read More
২০ নৱেম্বৰৰ পৰা  আৰম্ভ হ’ব ফিফা বিশ্বকাপ

২০ নৱেম্বৰৰ পৰা  আৰম্ভ হ’ব ফিফা বিশ্বকাপ

 বিশ্বৰ শীৰ্ষ সংস্থা ফিফাই এদিন আগতে এই বছৰৰ শেষৰ ফালে কাটাৰত বিশ্বকাপ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। প্ৰতিযোগিতাখন এতিয়া ২০ নৱেম্বৰত আৰম্ভ হ'ব। বিশ্বকাপৰ প্ৰথমখন খেল ২০ নৱেম্বৰত দোহাত আয়োজক কাটাৰ আৰু ইকুৱেডৰৰ মাজত অনুষ্ঠিত হ'ব। ফিফাৰ সিদ্ধান্তটো ২৮ ৰ পৰিৱৰ্তে ২৯ দিনৰ বাবে বিশ্বকাপ তৈয়াৰ কৰাৰ সিদ্ধান্ত লোৱাৰ ১০১ দিন পিছত আহিছে। ফিফাৰ সমিতিয়ে নতুন সিদ্ধান্তটো অনুমোদন জনাইছে। সিদ্ধান্তটোত স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছিল ফিফাৰ সভাপতি গিয়ান্নি ইনফান্তিনো আৰু ছয়খন মহাদেশীয় ফুটবল সংস্থাৰ সভাপতি। ফিফাই কৈছিল যে সিদ্ধান্তটো সৰ্বসন্মতিক্ৰমে লোৱা হৈছে। বিগত বছৰৰ পৰা সমগ্ৰ বিশ্বতে টিকট বিক্ৰী আৰম্ভ হৈছে।অনুৰাগীসকলৰ ভ্ৰমণ পৰিকল্পনাৰ প্ৰভাৱ সন্দৰ্ভত ফিফাই বৃহস্পতিবাৰে কয়, 'ফিফাই কেছ-টু-কেছত এই সিদ্ধান্তক প্ৰভাৱিত…
Read More

আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে বিজনী আৰক্ষীৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা মুলক সমদল

ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বৰ্ষ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আজি বিজনীত বিজনী আৰক্ষীৰ উদ্যোগত এক সজাগতামুলক সমদল উলিওৱা হয়।বিজনী থানাৰ পৰা আৰম্ভ হোৱা সমদলটোৱে বিজনী চহৰ পৰিভ্ৰমণ কৰি পুনৰ বিজনী থানাত সামৰণি মাৰে। উক্ত কাৰ্যসূচীত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিজনীৰ মহকুমাধিপতী ৰাহুল কুমাৰ গুপ্তা, মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয় উপস্থিত থকাৰ লগতে বিজনীৰ আৰক্ষী, চিআৰপিএফ, গাঁওৰক্ষী বাহিনীৰ লোক অংশগ্ৰহণ কৰে।
Read More

সৰভোগ পৌৰসভাৰ আজাদী কা অমৃত মহোৎসৱৰ পদযাত্ৰা

সৰভোগ পৌৰসভাৰ আজাদী কা অমৃত মহোৎসৱৰ পদযাত্ৰা ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্য মন্ত্ৰী নিৰ্দেশমৰ্মে হৰ ঘৰে ঘৰে তিৰংগা পতকা লগোৱাবলৈ আজি সৰভোগ পৌৰসভাৰ পৰা পদযাত্ৰা কৰে । পৌৰসভাৰ সভানেত্ৰী মালবিকা দাস উপ পৌৰপতি সম্পদ দাস আৰু সদস্য - সদস্যাসকলৰ নেতৃত্বত অহা ১৩-১৫ আগষ্টলৈ প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰে ঘৰে পতকা লগোৱাই তাৰে উদ্দোগ লৈ সৰভোগ নগৰৰ চাৰিওফালে পদযাত্ৰা কৰে । এই পদযাত্ৰাত ৰাইজে সজাগ হবলৈ আহ্বান জনায়।
Read More

গোৰেশ্বৰত গোৰেশ্বৰ আৰক্ষী মৃদুল হাজৰিকাৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান।

গোৰেশ্বৰত গোৰেশ্বৰ আৰক্ষী মৃদুল হাজৰিকাৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান। গোপন সুত্রৰ পম খেদি বৃহস্পতিবাৰে লোক্ৰা বড় নগৰত এক অভিযান চলাই। অভিযান কালত আৰক্ষীৰ দলটোৱে ১ কিলো গাঞ্জাৰ লগতে ব্যবসায় লগত ব্যবহাৰ কৰা সামগ্রী জব্দ কৰে। গাওঁখনত দীর্ঘদিন ধৰি ব্যৱসায় চলাই থকা দেবেন নাথ নামৰ লোক এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ইয়াৰ পিছতে গোৰেশ্বৰ আৰক্ষীয়ে ব্যৱসায় চলাই থকা ব্যক্তি গৰাকীক আটক কৰি এক গোচৰ ৰুজু কৰে।যদিহে সেই অঞ্চলত কোনে লোকে এনেদৰে ব্যৱসায় চলাই থাকে আৰক্ষীক খৱৰ দি সহায় কৰিৱলৈ আহ্বান কৰে আৰক্ষী বিষয়া গৰাকীয়ে।
Read More
কমনৱেলথ গেমছ-২০২২ত মল্লযুঁজ-ভাৰোত্তোলকত অভূতপূৰ্ব প্ৰদৰ্শন

কমনৱেলথ গেমছ-২০২২ত মল্লযুঁজ-ভাৰোত্তোলকত অভূতপূৰ্ব প্ৰদৰ্শন

বিশ্বৰ ক্ৰীড়া প্ৰেমীৰ মন মোহিত কৰি ৰখা কমনৱেলথ গেমছ-২০২২ৰ ইভেণ্টৰ অন্ত পৰিছে। ভাৰতে ২২ টা সোণৰ পদকসহ ৬১ টা পদকৰ সৈতে তেওঁলোকৰ অভিযান সমাপ্ত কৰে। ইয়াৰ সৈতে, ভাৰতে পদক তালিকাত চতুৰ্থ স্থান লাভ কৰে। এইবাৰ ভাৰতে ভাৰোত্তোলন, বক্সিং, লন বল, কুস্তি আৰু এথলেটিকছত যথেষ্ট পদক জিকিছিল। কিছু ক্ৰীড়াত আনকি ইতিহাস ৰচনা কৰিছিল।এইবাৰ এথলেটিকছত ভাৰতীয় খেলুৱৈসকলে ইতিহাস সৃষ্টি কৰিছিল। পুৰুষৰ ট্ৰিপল-জাম্প ইভেণ্টত এলডছ পল আৰু আব্দুল্লাহ আবুবাকাৰে প্ৰথম দুটা স্থান দখল কৰে। এইটো প্ৰথম বাৰৰ বাবে আছিল যে ভাৰতে ট্ৰিপল জাম্পত ২ টা পদক লাভ কৰিছিল আৰু সেইটোও সোণ আৰু ৰূপ। এথলেটিকছত ভাৰতে এটা স্বৰ্ণ, চাৰিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক…
Read More