উত্তৰ-পূৱ

ঐতিহ্যমণ্ডিত বেলশৰ বিল্বেশ্বৰ দেৱালয়ত আশীষ ল’লে ৰাজ্যপাল জগদীশ মুখীয়ে

নামনি অসমৰ অন্যতম শৈৱশক্তি পীঠ নলবাৰী জিলাৰ বেলশৰৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত বৃহস্পতি বাৰে প্ৰথম বাৰৰ বাবে উপস্থিত হল ৰাজ্যৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী । দেৱালয় খনত ৰাজ্যপাল গৰাকী উপস্থিত হোৱাৰ লগে লগে পুষ্পবৃষ্টিৰে আদৰণি জনাই । প্ৰবিত্ৰ ভাদ মাহৰ পহিলা দিনটোতে ৰাজ্যপাল গৰাকীয়ে দেৱালয় দৰ্শন কৰি ৰাইজৰ মংগল কামনা কৰি পূজা অৰ্চনা কৰে । ৰাজ্যপাল গৰাকীয়ে লগতে দেৱালয়ৰ গহ্বৰত থকা মূল শিৱ লিংগটো পূজা কৰে।ইয়াৰ পিছতে ৰাজ্যপাল গৰাকীক দেৱালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জ্ঞাপন কৰে । ৰাজ্যপাল গৰাকীয়ে এই শৈৱ শক্তি পিঠ খনলৈ আহি অভিভূত হৈ পৰে আৰু হিন্দুস্থানত ধৰ্মই মানুহৰ মাজত একাত্ম ভাব গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি…
Read More

পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

দৰং জিলাৰ অভিভাবক মন্ত্রী চন্দ্র মোহন পাটোৱাৰী ওচৰত কাতৰ আহ্বান‌ স্থানীয় ৰাইজৰ।উল্লেখযোগ্য যে দৰং জিলাৰ দলগাওঁ সমষ্টিৰ অন্তৰ্গত দলগাঁও- শিয়ালমাৰীৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১/২ নং বৰুৱাঝাৰ গাওঁ পঞ্চায়তৰ সভানেত্রীৰ ঘৰৰ সন্মুখৰ ৰাস্তা MGNREGA আচনিৰ "construction of cc block road from Abu Bakkar siddique house to PWD road via Azmat ali house at no. 1/2 Baruajhar" কামত বৃহৎ দূৰ্নীতি হোৱা ৰাইজৰ দৃষ্টি গোচৰ হৈছে।পথ একেবাৰে নিম্নমানৰ কাম কৰাৰ ফলত জহি খহি গৈছে। আৰু এই প্ৰধান ৰাস্তাটোৰে দৈনিক সৰ্বসাধাৰণ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলেও অহা যোৱা কৰে। কোনো মতে পথচাৰীসকলে বৰ ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হৈছে। একাংশ ঠিকাদা, , আমানুল…
Read More
খানাপাৰাৰ কৃষি ভৱন চৌহদত MOVCD-NER, অসম আঁচনিৰ অধীনত জৈৱিক খুচুৰা বিপণীৰ আধাৰশিলা স্থাপন

খানাপাৰাৰ কৃষি ভৱন চৌহদত MOVCD-NER, অসম আঁচনিৰ অধীনত জৈৱিক খুচুৰা বিপণীৰ আধাৰশিলা স্থাপন

উত্তৰ পূৰ্বাঞ্চলৰ বাবে মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেন্ট (MOVCD-NER) -এ এখন জৈৱিক খুচুৰা বিপণী নিৰ্মাণৰ প্ৰস্তুতি চলাইছে । এই উদ্দেশ্যে ১৭ আগষ্টত গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি ভৱনৰ চৌহদত আধাৰশিলা স্থাপন কাৰ্যসূচীৰ আয়োজন কৰে উদ্যানশস্য আৰু খাদ্য সংসাধীকৰণ সঞ্চালকালয়ে । অসমৰ কৃষি, উদ্যানশস্য আৰু খাদ্য সংসাধীকৰণ দপ্তৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী অতুল বৰাই এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আধাৰশিলা স্থাপন কৰে ।  এই জৈৱিক খুচুৰা বিপণী মুকলি কৰাৰ মূল উদ্দেশ্য হৈছে চহৰবাসীৰ বাবে জৈৱিকভাৱে উৎপাদিত সামগ্ৰী সহজে উপলব্ধ কৰা । MOVCD-NER, অসম আঁচনিৰ অধীনত বিভিন্ন জিলাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীজে (FPC) এতিয়া গুৱাহাটীত এই বিপণীৰ জৰিয়তে তেওঁলোকৰ জৈৱিক সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰিব…
Read More
মহানগৰীৰ চেনিকুঠীস্থ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালকালয়ত  সংহত নমুনা জৰীপ প্ৰতিবেদনৰ তথ্যপুথিৰ শুভ উন্মোচন

মহানগৰীৰ চেনিকুঠীস্থ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালকালয়ত  সংহত নমুনা জৰীপ প্ৰতিবেদনৰ তথ্যপুথিৰ শুভ উন্মোচন

মহানগৰীৰ চেনিকুঠীস্থ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালকালয়ৰ তথ্য আৰু প্ৰদৰ্শনী শাখাৰ সভাগৃহত বুধবাৰে সংহত নমুনা জৰীপ প্ৰতিবেদন, ২০১৯-২০ শীৰ্ষক তথ্যপুথি খন উন্মোচন কৰে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালক তথা সচিবৰূপে কৰ্মৰত ইন্দিৰা আৰ কলিতাই। পৰিসংখ্যা শাখাৰ পৰিদৰ্শক পুলকেশ ৰায় বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত বিভাগৰ অতিৰিক্ত সঞ্চালক ডা: দিলীপ কুমাৰ ভূঞা, পৰিকল্পনা বিষয়া ডা: দণ্ডেশ্বৰ ডেকা,যুটীয়া সঞ্চালক ডা: প্ৰবীণ দাস আৰু অতিৰিক্ত সঞ্চালক ডা: এল থিকে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে। অলপতে অসম চৰকাৰে ভাৰতীয় প্ৰশাসনিক পদলৈ পদোন্নতি দিয়া সন্দৰ্ভত ইন্দিৰা আৰ কলিতাক এখন ফুলাম গামোচা আৰু এখন শুভেচ্ছামূলক পত্ৰেৰে বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা অনুষ্ঠানটোত উদ্বোধক হিচাপে তেওঁ কয়, "পশুপালন আৰু পশুচিকিৎসা…
Read More
সুৰভি কলিতালৈ আদৰ্শ জননী বটা

সুৰভি কলিতালৈ আদৰ্শ জননী বটা

১৫ আগষ্টত আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি,অমৃত নিউজ আৰু জনপ্ৰিয় অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ উদ্যোগত মহানগৰীৰ কটন এলমনাই প্ৰেক্ষাগৃহত ২০২২বৰ্ষৰ আদৰ্শ জননী বঁটা সমাজকৰ্মী সুৰভি কলিতাক আৰু অমৃত প্ৰবাহ সাংবাদিকতা বটা বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীক প্ৰদান কৰা হয়৷ আন্তৰ্জাতিক খেলুৱৈ তথা প্ৰেছ ক্লাব অসমৰ সভাপতি কৈলাশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ স্মৰণ কৰাৰ লগতে বন্তি প্ৰজ্বলন, মাল্যৰ্পন কৰি সভাৰ আনুষ্ঠানিকতাৰ শুভাৰম্ভ কৰে৷ সাংবাদিক দৰ্শনা বৰুৱাই আতঁধৰা এই বঁটা প্ৰদান অনুষ্ঠানত এইবৰ্ষৰ  "আদৰ্শ জননী বঁটা"  নিজহাতে গ্ৰহণ কৰে কমলপুৰ সমষ্টিৰ অন্তৰ্গত শিংৰাৰ সুৰভি কলিতাই৷উক্ত বঁটাটি  প্ৰদান কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা   অসম…
Read More

ছাত্ৰাবাসত গুটখা খোৱাক লৈ দশম শ্ৰেণীক একাদশ শ্ৰেণীৰ ছাত্ৰক বহিষ্কাৰ

নাজিৰা জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰাবাসত গুটখা খোৱাক লৈ দশম শ্ৰেণীক একাদশ শ্ৰেণীৰ ছাত্ৰৰ মাৰপিট,অধ্যক্ষৰ উপস্থিতি সাময়িকভাৱে ছয়গৰাকীকৈ একাদশ শ্ৰেণীৰ ছাত্ৰক বহিষ্কাৰ বিদ্যালয়ৰ পৰা। গোলাঘাট জৱাহৰ নবোদয় বিদ্যালয়ৰ বাতৰি মাৰ নৌ যাওঁতেই এইবাৰ নাজিৰা জৱাহৰ বিদ্যালয়ৰ ছাত্ৰ নিবাসত সংঘটিত হৈছে অন্য এক ঘটনা।বুধবাৰে নিশা নাজিৰা জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰাবাসত গুটখা খোৱাক লৈ মাৰপিট,কাজিয়াৰ সূত্ৰ পাত হয় জেষ্ঠ আৰু কনিষ্ঠ ছাত্ৰৰ মাজত। মাৰপিট তথা কাজিয়াৰ সূত্ৰপাতৰ খবৰ পায় ঘটনাস্থলীত উপস্থিত হয় নাজিৰা জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষ । যদিও ঘটনাস্থলীত অধ্যক্ষ উপস্থিত হয় গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় কেইবাগৰাকীয়ো ছাত্ৰ ।এই ঘটনাৰ পিছতেই বিদ্যালয়খনৰ অধ্যক্ষই জেষ্ঠ ছয়গৰাকীকৈ ছাত্ৰক বহিষ্কাৰ কৰে বিদ্যালয়ৰ পৰা।এতিয়া একাংশ অভিভাৱকৰ মাজত…
Read More

৮বছৰীয়া নাবালিকাক ধৰ্ষণৰ চেষ্টা

বঙাইগাঁও কোকিলাত মানৱ সমাজক লজ্জিত কৰা এটা ঘটনা ।অভয়াপুৰী নাম্বাৰপাৰাত ৮ বছৰীয়া নাবালিকাক ধৰ্ষণৰ চেষ্টা ।অভয়াপুৰী থানাৰ অন্তৰ্গত নাম্বাৰপাৰা ১ ম খণ্ডত ঘটে এই ঘটনাটো ।প্ৰাপ্ত তথ্য অনুসৰি বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰাত এগৰাকী ৮ বছৰীয়া নাবালিকাই দক্ষিণ নাম্বাৰপাৰাৰ চাৰিআলিবজাৰৰ দোকান এখনত বিস্কুট কিনিবলৈ যায় ।সেই বজাৰতে অৱস্থিত সোহা মেডিকেলৰ গৰাকী আমিনুল ইছলাম ওৰফে ওৱাহাব আলী নামৰ লম্পটজনে ৮ বছৰীয়া নাবালিকা জনীক সোহা মেডিকেল দোকান খনৰ ভিতৰত মাতি লৈ যায় আৰু পৰ্ণ ভিডিও দেখুৱাই নাবালিকা জনীৰ কাপোৰ কানি ছিঙি ধৰ্ষণ কৰাৰ চেষ্টা কৰে।নাবালিকা জনীয়ে চিঞৰ বাখৰ কৰি কোনোমতে লম্পট আমিনুল ইছলাম ওৰফে ওৱাহাব আলীৰ পৰা পলাই যাবলৈ…
Read More

বকোৰ ছমৰীয়া-নগৰবেৰা সংযোগী শালমাৰা পাৰঘাটত দলং নিৰ্মানৰ দাবীত উত্তাল প্ৰতিবাদ

বকোৰ ছমৰীয়া-নগৰবেৰা সংযোগী শালমাৰা পাৰঘাটত দলং নিৰ্মানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।কামৰূপ জিলা বাঙালি পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৷ উল্লেখ্য যে, শালমাৰা পাৰঘাটেদি দৈনিক কমেও সহস্ৰাধিক যাত্ৰীয়ে ইঞ্জিনচালিত নৌকাৰে অতিতৰে পৰা পকেটৰ ধন খৰচ কৰি পাৰাপাৰ হব লগীয়া হৈছে ৷ ফলত স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীৰো বিশেষ সমস্যাৰ সন্মুখীণ হৈছে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ নো ব্ৰিজ নো ৰেষ্ট, দলং আমাক লাগিবই, আৱাৰ ডিমাণ্ড লিগেল ডিমাণ্ড আদি ধ্বনিৰে বৃহৎ ৰেলি উলিয়াই ছমৰীয়া চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যায় ৷
Read More

গৰাখহনীয়াত কবলত শ শ পৰিয়াল

বেকী নৈৰ প্ৰবল গৰাখহনীয়াত নিচিহ্ন হোৱাৰ পথত বাঘবৰ ৰাজহ চক্ৰৰ চানপুৰ, ৰচুলপুৰ আৰু সোণাপুৰ গাঁও।এইবেলি বান আৰু খহনীয়াত গাঁও তিনিখনৰ পৰা অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী বেকী নৈৰ বুকুত সম্পূৰ্ণ জাহ যায়।হাজি কৈফত আলী এম ই মাদ্ৰাছা, মছজিদ, দুটা প্ৰাথমিক বিদ্যালয় ইতিমধ্যে বেকী নদীৰ গৰাখহনীয়াত কবলত পৰিবলৈ অলপহে বাকী আছে।জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকে গৰাখহনীয়াপীড়িত লোকৰ কোনো খবৰ নোলোৱাৰ লগতে খহনীয়া নিয়ন্ত্ৰণৰ বাবে অকনো চেষ্টা নকৰাৰ বাবে ৰাইজে ক্ষোভ প্ৰকাশ কৰে।আজি ৰাইজৰ দলৰ সম্পাদক তথা জনীয়া সমষ্টিৰ যুৱ নেতা আশ্ৰাফুল ইছলামে সজাতি দলে গৰাখহনীয়াপীড়িত অঞ্চলত উপস্থিত হৈ স্থানীয় ৰাইজক লৈ বিভিন্ন শ্লোগানেৰে এক প্ৰতিবাদী কাৰ্য্যসূচী পালন…
Read More
টৰণ্টো অ’পেনৰ চেম্পিয়ন চিমোনা হালেপ

টৰণ্টো অ’পেনৰ চেম্পিয়ন চিমোনা হালেপ

বিশ্বৰ প্ৰাক্তন এক নম্বৰ চিমোনা হালেপে ব্ৰাজিলৰ বিট্ৰিজ হাদ্দাদ মাইয়াক পৰাস্ত কৰি টৰণ্টো অ'পেনৰ খিতাপ জয় কৰে। ৰোমানিয়াৰ হালেপে তেওঁৰ ব্ৰাজিলিয়ান প্ৰতিদ্বন্দীক ৬-৩, ২-৬, ৬-৩ পৰাস্ত কৰি ডব্লিউটিএ ৰেংকিঙৰ শীৰ্ষ ১০ লৈ উভতি অহাটো নিশ্চিত কৰে। উল্লেখ্য যে হালেপে কানাডাত জয়লাভ কৰি তৃতীয়বাৰৰ বাবে নেচনেল বেংক অ'পেন খিতাপ জয় কৰিছিল। টৰণ্টোত এইটো হালেপৰ প্ৰথম জয় আছিল, আনহাতে তেওঁৰ অন্তিম নেচনেল বেংক অ'পেন খিতাপ মণ্ট্ৰিয়েলত জিকিছিল।
Read More