অৰুণাচল প্ৰদেশ

অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত মুঠ ৬০ খনৰ ৪৬ খন আসন দখল বিজেপিৰ

অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত মুঠ ৬০ খনৰ ৪৬ খন আসন দখল বিজেপিৰ

অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচন ২০২৪ৰ ফলাফল দেওবাৰে ঘোষণা হয়। ইয়াত, ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) আকৌ এবাৰ নিজৰ ক্ষমতা বজাই ৰাখিছে। বিজেপিয়ে ৰাজ্যখনৰ ৬০ খন বিধানসভা আসনৰ ভিতৰত ৪৬ খন আসনত জয় লাভ কৰে। অৰুণাচল প্ৰদেশত বিজেপিৰ এই সফলতাৰ বিষয়ে বহু আলোচনা হৈছে। এই সকলোবোৰৰ মাজতে, কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ বিজেপি সাংসদ কিৰেন ৰিজিজুৱে এই ৰাজ্যখনত বিজেপিৰ চমৎকাৰ প্ৰদৰ্শনৰ কাৰণ ব্যাখ্যা কৰিছে। এনডিটিভিক দিয়া এক সাক্ষাৎকাৰত ৰিজিজুৱে বৰ্ণনা কৰে যে কিয় বিজেপিয়ে ইয়াত ধাৰাবাহিকভাৱে নিৰ্বাচনত জয়লাভ কৰি আছে আৰু উত্তৰ-পূব অঞ্চলত ভাল প্ৰদৰ্শন কৰি আছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পৰাজিত হোৱা ১৪ খন আসনৰ…
Read More
অসম, অৰুণাচল প্ৰদেশ, মেঘালয়ৰ গ্ৰাম্য জনসংখ্যাৰ ৫০ শতাংশতকৈও অধিকে ব্যৱহাৰ কৰে পৰম্পৰাগত ইন্ধন

অসম, অৰুণাচল প্ৰদেশ, মেঘালয়ৰ গ্ৰাম্য জনসংখ্যাৰ ৫০ শতাংশতকৈও অধিকে ব্যৱহাৰ কৰে পৰম্পৰাগত ইন্ধন

উত্তৰ-পূবৰ ৰাজ্য অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ গ্ৰাম্য জনসংখ্যাৰ ৫০ শতাংশতকৈও অধিক লোকে পৰম্পৰাগত ইন্ধন যেনে কাঠ আৰু মিশ্ৰিত বায়োমাছ ৰন্ধনৰ বাবে ব্যৱহাৰ কৰে, যাৰ ফলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) মাণ্ডিৰ এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে । ফ্ৰান্সৰ ইনষ্টিটিউট নেচনেল ডি ৰেচাৰ্চে এট ডি'স্কুৰিট (আইএনআৰএছ) আৰু ভাৰতৰ নেচনেল ফিজিকেল লেবৰেটৰী (চিএছআইআৰ-এনপিএল)ৰ সহযোগত কৰা এই অধ্যয়নটোৰ উদ্দেশ্য হৈছে এলপিজিৰ তুলনাত ৰন্ধনৰ বাবে বায়োমাছ ইন্ধন ব্যৱহাৰৰ সৈতে সম্পৰ্কিত গম্ভীৰতা আৰু ইয়াৰ ফলত হোৱা ৰোগৰ ঘটনা মূল্যাঙ্কন কৰা। অধ্যয়নটোৱে দেখুৱাইছে যে এলপিজি ব্যৱহাৰ কৰা পাকঘৰতকৈ কাঠ বা বায়োমাছ ব্যৱহাৰ কৰি পাকঘৰ অধিক ক্ষতিকাৰক ।
Read More
অৰুণাচল প্ৰদেশত আটক আলফাৰ দুই স্বয়ম্ভূ কেডাৰ

অৰুণাচল প্ৰদেশত আটক আলফাৰ দুই স্বয়ম্ভূ কেডাৰ

অৰুণাচল প্ৰদেশত আটক আলফা স্বাধীনৰ দুই স্বয়ম্ভূ কেডাৰ। অসম ৰাইফলছৰ খুনছা বেটেলিয়ান আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ যুটীয়া অভিযানত আটক কেডাৰ দুজন। টিৰাপৰ সৰু সিংহন গাঁৱত আত্মগোপন কৰি আছিল কেডাৰ দুজনে। এই বিষয়ে গোপন খবৰ লাভ কৰি যৌথ অভিযান চলাইছিল অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে। ধৃত কেডাৰ দুজনৰ নাম আলফা স্বাধীনৰ স্বয়ম্ভূ লেফটেনেন্ট ৰঞ্জু অসম ওৰফে হিমাংশু ভূঞা আৰু অৰিন্দম অসম ওৰফে মহন্ত বৰুৱা বুলি জানিব পৰা গৈছে।
Read More
অৰুণাচলত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, ২ পাইলট সন্ধানহীন

অৰুণাচলত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, ২ পাইলট সন্ধানহীন

অৰুণাচল প্ৰদেশৰ বমডিলাৰ সমীপত অপাৰেচনেল ছৰ্টী উৰুৱাই থকা ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ বৃহস্পতিবাৰে দুৰ্ঘটনাগ্ৰস্ত হয়। পুৱা প্ৰায় ৯:১৫ বজাত হেলিকপ্টাৰখন এ টি চিৰ সৈতে যোগাযোগ হেৰুৱাই পেলোৱাৰ খবৰ পোৱা গৈছে। সেনাই জনোৱা মতে, বমডিলাৰ পশ্চিমৰ মণ্ডলা সমীপত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে আৰু পাইলটসকলক বিচাৰি উলিয়াবলৈ অনুসন্ধান আৰম্ভ কৰা হৈছে। ভাৰতীয় বায়ু সেনা আৰু সেনাবাহিনীৰ সৈতে থকা পুৰণি চেতক আৰু চিতা হেলিকপ্টাৰবোৰ সলনি কৰাৰ অতি প্ৰয়োজন, আনকি উচ্চ উচ্চতাৰ অঞ্চলত বাহিনীৰ জীৱনৰেখা গঠন কৰাৰ সময়তো। বৰ্তমান প্ৰায় ২০০ খন চিতা আৰু চেতক হেলিকপ্টাৰ সেৱাত আছে। যোৱা মাহত সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেই কয় যে সেনাই নিজৰ সামগ্ৰিক…
Read More
APPSCৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তপ্ত অৰুণাচল প্ৰদেশ! ইটানগৰত ১৪৪ ধাৰা জাৰি…

APPSCৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তপ্ত অৰুণাচল প্ৰদেশ! ইটানগৰত ১৪৪ ধাৰা জাৰি…

অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিলৰ বিৰোধিতাৰে ইটানগৰত তীব্ৰ প্ৰতিবাদ প্ৰাৰ্থীৰ। শুকুৰবাৰে ইটানগৰৰ ৰাজপথলৈ ওলাই আহি প্ৰশাসনৰ বিৰুদ্ধে শ্ল’গান দিবলৈ আৰম্ভ কৰে বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে। ইফালে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদানৰ চেষ্টা কৰাত আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়, যাৰ বাবে পৰিস্থিতি অধিক উত্তপ্ত পৰে। ইয়াৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে এই সংঘৰ্ষৰ ভিডিঅ’। সংবাদ সংস্থা এএনআইয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰৰ সময়তে প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰিছে। ইটানগৰৰ আই জি চুখু আপাই নিশ্চিত কৰিছে লাঠিচাৰ্জৰ ঘটনা। তেওঁ কয় যে, “পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত কন্দুৱা…
Read More
অৰুণাচল প্ৰদেশত NSCN-KYAৰ ২ কেডাৰত আটক, অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ…

অৰুণাচল প্ৰদেশত NSCN-KYAৰ ২ কেডাৰত আটক, অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ…

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰ মহকুমাত শনিবাৰে আছাম ৰাইফলছে নাগালিমৰ সক্ৰিয় নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালিম (এন এছ চি এন-কে ৱাই এ) কেডাৰৰ লগতে এজন লিংক মেনক আটক কৰে। নিষিদ্ধ সংগঠনৰ সক্ৰিয় কেডাৰৰ উপস্থিতিৰ বিষয়ে লাভ কৰা গোপন খবৰৰ ভিত্তিত জিলাখনৰ জয়ৰামপুৰ মহকুমাত আছাম ৰাইফলছৰ সেনাই অভিযান চলায়। তালাচী অভিযানৰ পিছতে এজন কেডাৰ আৰু এজন লিংক মেনক আটক কৰা হয়। কেডাৰকেইজনৰ নাম নয়ন কুমাৰ চাকমা আৰু গংৱাং ৱাংগলী বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, জেৰাৰ সময়ত কেডাৰ কেইজনে পুৰণি লংচং গাঁৱৰ হাতী শিবিৰত লুকুৱাই ৰখা এন এছ চি এন-কে ৱাই এৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ ভঁৰাল উন্মোচন কৰে। আৰক্ষীৰ সৈতে অসম…
Read More
পুনৰ ইটানগৰত ৪৮ ঘন্টীয়া বন্ধৰ আহ্বান ANYAৰ

পুনৰ ইটানগৰত ৪৮ ঘন্টীয়া বন্ধৰ আহ্বান ANYAৰ

অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত সৃষ্টি হৈছে অচলাৱস্থাৰ। ১৮ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা All Nyishi Youth Association (ANYA)-এ পুনৰ এবাৰ আহ্বান জনাইছে ৪৮ ঘন্টিয়া বন্ধৰ। ANYA ৰ কৰ্মীৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনৰ কঠোৰ দমনমূলক নীতিৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে। উল্লেখ্য যে, পেমা খাণ্ডু চৰকাৰৰ পদত্যাগৰ দাবীত ১৩, ১৪ জানুৱাৰীত ৩৬ ঘণ্টাৰ ইটানগৰ বন্ধ পালন কৰিছিল সংগঠনটোৱে। সেই বন্ধৰ সময়ত আটক কৰা ১৩০ জন ANYA কৰ্মীক এতিয়াও মুক্তি দিয়া নাই আৰক্ষীয়ে। ইয়াৰ মাজতে শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় ANYA ৰ উপ সভাপতি টেমি পাব’ক। আৰক্ষীৰ এই দমন নীতিৰ প্ৰতিবাদত ১৮ জানুৱাৰীৰ পৰা ৪৮ ঘণ্টাৰ অৰুণাচলৰ ৰাজধানী ইটানগৰ বন্ধৰ আহ্বান ANYA ৰ।
Read More