অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত সৃষ্টি হৈছে অচলাৱস্থাৰ। ১৮ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা All Nyishi Youth Association (ANYA)-এ পুনৰ এবাৰ আহ্বান জনাইছে ৪৮ ঘন্টিয়া বন্ধৰ।

ANYA ৰ কৰ্মীৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনৰ কঠোৰ দমনমূলক নীতিৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে।

উল্লেখ্য যে, পেমা খাণ্ডু চৰকাৰৰ পদত্যাগৰ দাবীত ১৩, ১৪ জানুৱাৰীত ৩৬ ঘণ্টাৰ ইটানগৰ বন্ধ পালন কৰিছিল সংগঠনটোৱে। সেই বন্ধৰ সময়ত আটক কৰা ১৩০ জন ANYA কৰ্মীক এতিয়াও মুক্তি দিয়া নাই আৰক্ষীয়ে। ইয়াৰ মাজতে শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় ANYA ৰ উপ সভাপতি টেমি পাব’ক।

আৰক্ষীৰ এই দমন নীতিৰ প্ৰতিবাদত ১৮ জানুৱাৰীৰ পৰা ৪৮ ঘণ্টাৰ অৰুণাচলৰ ৰাজধানী ইটানগৰ বন্ধৰ আহ্বান ANYA ৰ।