অসম

ডিব্রুগড় নিৰ্বাচনী জিলাত ষ্টেটিক ছাৰ্ভিলেন্স আৰু ফ্লায়িং স্কোৱাডৰ  তালাচী অভিযানত  নগদ ধন জব্দ

ডিব্রুগড় নিৰ্বাচনী জিলাত ষ্টেটিক ছাৰ্ভিলেন্স আৰু ফ্লায়িং স্কোৱাডৰ  তালাচী অভিযানত  নগদ ধন জব্দ

ডিব্ৰুগড় নিৰ্বাচন জিলাত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে  আদৰ্শ আচৰণ বিধি কোষে সক্ৰিয় ভূমিকা পালন কৰিছে। ডিব্রুগড় নিৰ্বাচনী জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ' ছাৰ্ভিলেন্স  দলসমূহে ২৪ ঘণ্টাই নিয়মীয়া তালাচী অভিযান চলোৱাৰ লগতে আদৰ্শ আচৰণ বিধি উলঙ্ঘনৰ ঘটনা ৰোধ কৰাৰ বাবে কাম কৰি আছে। বুধবাৰে  সন্ধিয়া ষ্টেটিক ছাৰ্ভিলেন্সৰ দলে  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জি'ৰ পইণ্টত শিৱসাগৰৰ পৰা তিনিচুকীয়ালৈ গৈ থকা এজন ব্যক্তিৰ পৰা নগদ  ৬৯,৩১০ টকা জব্দ কৰাৰ লগতে  উক্ত স্থানতেই ফ্লায়িং স্কোৱাডৰ দলে এ এচ০৬…
Read More
নগাঁৱৰ শংখধ্বনিলৈ শ্ৰেষ্ঠ ভাওনা দলৰ সন্মান

নগাঁৱৰ শংখধ্বনিলৈ শ্ৰেষ্ঠ ভাওনা দলৰ সন্মান

মঞ্জুলা কলা কেন্দ্ৰৰ উদ্যোগত যোৰহাট বৰখঙীয়াত শিক্ষাবিদ, ৰূপকাৰ সোণধৰ বৰা সোঁৱৰণী সমন্বয় ক্ষেত্ৰ আৰু  শ্ৰীশ্ৰী নাৰায়ন চন্দ্ৰ দেৱ গোস্বামী সোঁৱৰণী অস্থায়ী নাট ঘৰত যোৱা ২২ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ আয়োজিত সদৌ অসম অংকীয়া ভাওনা সমাৰোহ,২০২৪ত অসমৰ প্ৰায় বাৰ খন জিলাৰ ১৫ টাকৈ অংকীয়া ভাওনা দলে অংশগ্ৰহণ কৰে। চাৰি দিনত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱ গুৰুজনাৰ আটাইকেইখন অংকীয়া ভাওনা আৰু ঝুমুৰা সমাৰোহত পৰিৱেশন কৰা হয়। নগাঁও জিলাৰ পুৰণিগুদামৰ পৰা   অনিত্য ভূঞাৰ পৰিচালনাত ২৩ মাৰ্চত শঙ্কৰদেৱ গুৰুজনাৰ " পাৰিজাত হৰণ" আৰু ২৫ মাৰ্চ অৰ্থাৎ শেষৰ দিনা শংখধ্বনি শিল্পী সমাজে ভাস্কৰ্য্য পূৰ্ণ গায়ন, হিমাশ্ৰী সেনাপতি আৰু জ্ঞানদ্বীপ হাজৰিকাৰ পৰিচালনাত  শঙ্কৰদেৱ গুৰুজনাৰ " কেলিগোপাল"…
Read More
সুৱেৰীত আনন্দত বুৰ গ’ল শৰণীয়া তিনিশ পৰিয়াল

সুৱেৰীত আনন্দত বুৰ গ’ল শৰণীয়া তিনিশ পৰিয়াল

দৌলোৎসৱৰ আজিৰ দিনটোত ৰং বিৰঙৰ আবিৰেৰে ৰঞ্জিত হৈ পৰিল ঐতিহাসিক গোপাল আতা আৰু আই পদ্মপ্ৰিয়া সত্ৰৰ লগতে পুৰণ ভৱানীপুৰৰ ৰাজহুৱা নামঘৰ প্ৰাঙ্গণ।  দিনৰ প্ৰায় এঘাৰ বজাত গোঁসাইক দৌলৰ পৰা অৱৰোহণ কৰাৰ পিছতেই অনুষ্ঠিত 'গোঁসাই ফুৰোৱা' কাৰ্যসূচী পুৰণ ভৱানীপুৰ গাঁৱৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কাৰ্তিক চন্দ্ৰ দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তাৰ পিছতেই প্ৰায় সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত 'গোঁসাই ফুৰোৱা' কাৰ্যসূচী সম্পন্ন হয়। সমগ্ৰ বাট-পথ ৰঙ-বিৰঙৰ আবিৰ ছটিয়াই হৰিনাম পৰিবেশ কৰি ঐতিহাসিক গোপাল আতা সত্ৰ আৰু আই পদ্মপ্ৰিয়া সত্ৰত উপস্থিত হোৱাৰ পিছতেই সুৱেৰী উপলক্ষে আনন্দত বুৰ গ'ল 'শৰণীয়া' তিনিশ পৰিয়াল।শৰণীয়া লোকসকলে ইজনে সিজনক আবিৰ ছটিয়াই আনন্দ প্ৰকাশ কৰাৰ লগত ঠাইতে শৰাই নৈবেদ্য…
Read More
ৰাছিয়াৰ ৰাজধানী মস্কোত আই এছ আই এছৰ আক্ৰমণত ৭০ জনৰ মৃত্যু

ৰাছিয়াৰ ৰাজধানী মস্কোত আই এছ আই এছৰ আক্ৰমণত ৭০ জনৰ মৃত্যু

ৰাছিয়াৰ ৰাজধানী মস্কোত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৭০ জন লোকৰ মৃত্যু হৈছে।  ইয়াৰ উপৰিও, সন্ত্ৰাসবাদী আক্ৰমণত ১৪৫ জন লোক আহত হৈছিল, যিসকল বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইফালে, সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে আৰু দাবী কৰে যে তেওঁলোকৰ যুঁজাৰুসকলে খ্ৰীষ্টানসকলৰ এক বৃহৎ জনসমাগমত আক্ৰমণ কৰিছিল। আই এছ আই এছ ৰ সৈতে সম্পৰ্কিত সংবাদ সংস্থাই টেলিগ্ৰামত এক বিবৃতিত কয়, "আমাৰ যুঁজাৰুসকলে ৰাছিয়াৰ ৰাজধানী মস্কোৰ উপকণ্ঠত খ্ৰীষ্টানসকলৰ এক বৃহৎ সমাৱেশত আক্ৰমণ চলাইছিল, যাৰ ফলত বহুলোক নিহত আৰু আহত হৈছিল আৰু বৃহৎ ধ্বংসৰ সৃষ্টি হৈছিল।" আক্ৰমণৰ সময়ত, মস্কোৰ ক্ৰকাছ চিটি হল কনচাৰ্ট স্থানত পাঁচজন লোকে গুলীচালনা কৰে আৰু বোমা…
Read More
“ভ্ৰাম্যমাণ থিয়েটাৰ- শিল্পীৰ পৃথিৱীত এভূমুকি প্ৰথম কুৰিবছৰ ” শীৰ্ষক গ্ৰন্থ উন্মোচন

“ভ্ৰাম্যমাণ থিয়েটাৰ- শিল্পীৰ পৃথিৱীত এভূমুকি প্ৰথম কুৰিবছৰ ” শীৰ্ষক গ্ৰন্থ উন্মোচন

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী নেপথ্য কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া, বিশিষ্ট সাহিত্যিক ৰেণু দত্ত বৰফুকনৰ বৰ্ণিল জীৱন আধাৰিত তথ্যচিত্ৰ "জ্যোতিৰূপা" নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুনবড়ী উচ্চ মাধ্যমিক বিদ্যালয়ত শুভমুক্তি কৰা হয় । উক্ত অনুষ্ঠানতে বিশিষ্ট নাট্য সমালোচক, সাংবাদিক অতুল মজুমদাৰ ৰচিত "ভ্ৰাম্যমাণ থিয়েটাৰ - শিল্পীৰ পৃথিবীত এভূমুকি প্ৰথম কুৰি বছৰ " শীৰ্ষক গ্ৰন্থ এখনো উন্মোচন কৰা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন সহকাৰী পৰিচালক গকুল চন্দ্ৰ ডেকা আৰু লেখক তথ্যচিত্ৰ নিৰ্মাতা পৱন দত্তই গছপুলি ৰোপণ কৰি অনুষ্ঠানৰ শুভ আৰম্ভনি কৰে । কৃষক খগেন দাস , ম'হ পালক উত্তম ডেকা ,বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পংকজ পল্লভ শৰ্মা অৱসৰী শিক্ষক…
Read More
চান্দমাৰিত প্ৰথিতযশা সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক “পৰাগজ্যোতি প্ৰকাশন”ৰ পৰা সম্বৰ্দ্ধনাবৰ্তমান সময়ত সুষ্ঠ-সত্য সংবাদ পৰিৱেশনৰ অভাৱ ঘটিছে

চান্দমাৰিত প্ৰথিতযশা সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক “পৰাগজ্যোতি প্ৰকাশন”ৰ পৰা সম্বৰ্দ্ধনাবৰ্তমান সময়ত সুষ্ঠ-সত্য সংবাদ পৰিৱেশনৰ অভাৱ ঘটিছে

অসমৰ প্ৰথিতযশা সাংবাদিক, চিন্তাবিদ, অনুবাদক, "দি চেন্ট্ৰিনেল" কাকতৰ প্ৰাক্তন সম্পাদক, পদ্মশ্ৰী প্ৰাপক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক আজি "পৰাগজ্যোতি প্ৰকাশন"ৰ তৰফৰ পৰা নিজ বাসভৱন মহানগৰীৰ চান্দমাৰিস্থিত নিজ বাসভৱনত সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । ফুলাম গামোচা, চেলেং চাদৰ, কিতাপৰ টোপোলা, মানপত্ৰ আদিৰে সম্ভাষণ জ্ঞাপন কৰে পৰাগজ্যোতি প্ৰকাশনৰ হৈ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব অঞ্জন শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, "সাহিত্যকোঁৱৰ" কমল কলিতা, অনাতাঁৰ কেন্দ্ৰ, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বোলছৱি পৰিচালক অৱনী ৰঞ্জন পাঠক, বিশিষ্ট গীতিকাৰ- অৱসৰী প্ৰশাসনীয় বিষয়া শচীন দাস প্ৰভৃতিয়ে । প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত বক্তব্য দাঙি ধৰি বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাই কয়- "বৰ্তমান সময়ত…
Read More
জব্দ ১৫ টাকৈ‌ বিলাতী সুৰাৰ কাৰ্টুন

জব্দ ১৫ টাকৈ‌ বিলাতী সুৰাৰ কাৰ্টুন

হাজোৰ পাখামেলা, মাজৰচুপা, বৰাহটোলা, অভয়পুৰ, গেৰুৱাকে আদি কৰি ভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ সুৰাৰ প্ৰতিষ্ঠান। যাৰ ফলত কিছুদিন পূৰ্বে গেৰুৱাৰ মহিলা সমাজে লগ হৈ সাব্যস্ত কৰিছিল বৃহৎ প্ৰতিবাদ, ঘন্টা ধৰি বন্ধ হৈ পৰিছিল হাজো-গুৱাহাটী মূল ৰাজপথ। ইয়াৰ পিছতে আজি হঠাৎ হাজো‌ গেৰুৱাৰ চ'কত অভিযান চলাই আবকাৰী বিভাগে। আবকাৰী বিভাগৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ বিলাতী সুৰা।আবকাৰী বিভাগে অতৰ্কিতে  অভিযান চলাই জব্দ কৰে‌ ১৫টাকৈ বিলাতী সুৰাৰ কাৰ্টুন। গেৰুৱাৰ‌ জৈনক সত্যজিত দাস নামৰ লোকজনৰ দোকানত আবকাৰী বিভাগে চলাই এই অভিযান। ৰাজ্যত নিৰ্বাচনী বিধি বলবৎ হোৱাৰ‌ সময়তে সুৰাৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে আবকাৰী বিভাগ।
Read More
বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰ ১৯,৪৯,৮৭৩ গৰাকী

বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰ ১৯,৪৯,৮৭৩ গৰাকী

সম্প্ৰতি দেশৰ নিৰ্বাচন আয়োগে সমাগত লোকসভা নিৰ্বাচনৰ দিন-তাৰিখ ঘোষণা কৰাৰ পিছত ৰাজ্যখনৰ লগতে বৰপেটা জিলা প্রশাসনে লোকসভা নিৰ্বাচনক লৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে। সেয়ে সমাগত লোকসভা  নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী কাম-কাজত বৰপেটা জিলা প্রশাসন ব্যস্ত হৈ পৰিছে। বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচন সন্দৰ্ভত কালি আবেলি বৰপেটা জিলা আয়ুক্তৰ সভাকক্ষত জিলা আয়ুক্ত আয়ুষ গর্গে এখন সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলত বৰপেটা নিৰ্বাচনী জিলাক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে বৰপেটা জিলা আয়ুক্ত আয়ুষ গর্গে। সম্প্ৰতি ১০টা বিধানসভা সমষ্টিৰে গঠিত ৩ নং বৰপেটা লোকসভা  সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৯,৪৯,৮৭৩ গৰাকী। ইয়াৰে বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধানসভা সমষ্টিত ১৭,৮,৭৫৬ গৰাকী ভোটাৰ, বঙাইগাঁও বিধানসভা…
Read More
অ’টিটি প্লেটফৰ্মত অশ্লীল কনটেণ্ট সন্দৰ্ভত ভাৰত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ

অ’টিটি প্লেটফৰ্মত অশ্লীল কনটেণ্ট সন্দৰ্ভত ভাৰত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অ'টিটি প্লেটফৰ্মত অশ্লীল কনটেণ্ট সন্দৰ্ভত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে, ১৮ টা অ'টিটি প্লেটফৰ্ম, ১৯ টা ৱেবছাইট, ১০ টা মোবাইল এপ (গুগল প্লে ষ্টোৰৰ পৰা সাতটা আৰু তিনিটা এপল এপ ষ্টোৰৰ পৰা) আৰু ৫৭ টা ছ'চিয়েল মিডিয়া হেণ্ডেল সমগ্ৰ দেশতে নিষিদ্ধ কৰিছে। প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি)ৰ দ্বাৰা জাৰী কৰা এক বিবৃতিত কোৱা হৈছিল যে নিষিদ্ধ কৰা ১৮ টা অ'টিটি প্লেটফৰ্মত কিছু সময়ত অশ্লীল, অশালীন আৰু অশ্লীল সমল পৰিৱেশন কৰি আছিল। কেন্দ্ৰই এই পদক্ষেপ গ্ৰহণ কৰিছে যেতিয়া পূৰ্বে বহুবাৰ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰেও এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছিল। অনুৰাগ ঠাকুৰে বাৰে বাৰে…
Read More
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নিপেন দাস গ্ৰেপ্তাৰ

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নিপেন দাস গ্ৰেপ্তাৰ

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নিপেন দাসক শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰা হয়। জেইলাৰজনৰ বিৰুদ্ধে অমৃতপাল সিং আৰু তেওঁৰ সহযোগীসকলক সহায় কৰাৰ অভিযোগ উত্থাপিত হৈছে, যি বিচ্ছিন্নবাদী সংগঠন ৱাৰিছ পাঞ্জাৱ দেৰ সদস্য। কেইদিনমান পূৰ্বে, এই কয়দী কেইজনৰ পৰা  স্মাৰ্টফোন, স্পাইকেমকে ধৰি ইলেক্ট্ৰনিক সঁজুলি উদ্ধাৰ কৰা হৈছিল। কাৰাগাৰৰ বিষয়াজনক পুৱতি নিশা গ্ৰেপ্তাৰ কৰা হয় আৰু বৰ্তমান ডিব্ৰুগড় সদৰ আৰক্ষী থানাত আছে। যোৱা মাহত অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ কোঠাসমূহৰ পৰা কেইবাটাও বৈদ্যুতিক সঁজুলি উদ্ধাৰ কৰা হৈছিল, য'ত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) অধীনত গ্ৰেপ্তাৰ কৰা বন্দীসকল আছিল। আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) জি পি সিঙে কৈছিল যে কাৰাগাৰৰ চৌহদত অনুসন্ধান কৰাৰ সময়ত, চিম কাৰ্ডৰ সৈতে স্মাৰ্টফোন, সাধাৰণ…
Read More