অসম

ভাৰতীয় দলৰ পৰা বাহিৰ হ’ব দুৰ্বল ফৰ্মৰ ক্ৰিকেটাৰ

ভাৰতীয় দলৰ পৰা বাহিৰ হ’ব দুৰ্বল ফৰ্মৰ ক্ৰিকেটাৰ

ভাৰতীয় দল পৰিচালনাই দুৰ্বল ফৰ্মত থকা তিনিজন বেটছমেনৰ ভিতৰত কমেও এজনক দলৰ পৰা বাহিৰ কৰাৰ সম্ভাৱনা আছে আৰু লগতে একাধিক আক্ৰমণাত্মক বেটছমেনক শীৰ্ষ ক্ৰমত ফিল্ডিং কৰাৰ কৌশল পৰ্যালোচনা কৰাৰ সম্ভাৱনা আছে। মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ সহায়ক ৰিয়ান টেন দোছাটে আৰু সীতাশু কোটাকে ইয়াৰ ইংগিত দিয়ে। টি-২০ বিশ্বকাপ ছুপাৰ ৮ৰ খেলখনত দক্ষিণ আফ্ৰিকাই ভাৰতক ৭৬ ৰানত পৰাস্ত কৰে। এতিয়া ভাৰতে পৰৱৰ্তী দুয়োখন মেচতে জয়লাভ কৰিব লাগিব, গতিকে দল পৰিচালনা সমিতিয়ে অভিষেক শৰ্মা (৪খন মেচত ১৫ ৰান) আৰু তিলক ভাৰ্মা (৫খন মেচত ১০৭ ৰান)ৰ প্ৰদৰ্শন বিবেচনা কৰিব। ৰিংকু সিঙেও ফিনিছাৰৰ ভূমিকা পালন কৰাত ব্যৰ্থ হৈ ২৯টা বলত ৮২.৭৫ ষ্ট্ৰাইক ৰেটত ২৪ ৰান…
Read More
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যাত্ৰীৰ বাবে মুকলি কৰিলে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলবিমানবন্দৰৰ যাত্ৰী ধাৰণ ক্ষমতা ১৩.১ নিযুতলৈ বৃদ্ধি

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যাত্ৰীৰ বাবে মুকলি কৰিলে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলবিমানবন্দৰৰ যাত্ৰী ধাৰণ ক্ষমতা ১৩.১ নিযুতলৈ বৃদ্ধি

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (এলজিবিআইএ) নতুন টাৰ্মিনেলটোত বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ হৈছে। ইয়াৰ ফলত বিমানবন্দৰটোৰ বাৰ্ষিক যাত্ৰী ধাৰণ ক্ষমতা ১৩.১ নিযুতলৈ বৃদ্ধি পাইছে । অৱশ্যে অহা এপ্ৰিল মাহৰ পৰাহে নতুন টাৰ্মিনেলটো সম্পূৰ্ণ কাৰ্যক্ষম হব। পূৰ্ণ পৰ্যায়ৰ কাৰ্যকৰীকৰণৰ পূৰ্বে নতুন টাৰ্মিনেলত চেক-ইন, বেগ হেণ্ডলিং , নিৰাপত্তা আৰু এয়াৰক্ৰাফ্ট টাৰ্ণ এৰাউণ্ড আদিৰ লাইভ ট্ৰায়েল কৰা হৈছে। ২০২৫ চনৰ ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই টাৰ্মিনেলটো শুভ উদ্বোধন কৰিছিল। আজি সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত বিমান বন্দৰ পৰিচালনাকাৰী প্ৰতিষ্ঠান আদানী এয়াৰপ’ৰ্ট হ’ল্ডিংছ লিমিটেডৰ (এএএইচ্চএল) সঞ্চালক জিৎ আদানীৰ উপস্থিতিত নৱনিৰ্মিত টাৰ্মিনেলৰ বাণিজ্যিক কাৰ্যকলাপৰ শুভাৰম্ভ কৰে । প্ৰথমগৰাকী যাত্ৰীক…
Read More
দেশজুৰি সন্ত্ৰাসবাদীৰ সক্ৰিয়তা; দিল্লী আৰক্ষীৰ জালত পাকিস্তান আৰু বাংলাদেশৰ উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত ৮ দুৰ্বৃত্ত

দেশজুৰি সন্ত্ৰাসবাদীৰ সক্ৰিয়তা; দিল্লী আৰক্ষীৰ জালত পাকিস্তান আৰু বাংলাদেশৰ উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত ৮ দুৰ্বৃত্ত

ৰাজধানী দিল্লীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত বিৰূপ পোষ্টাৰ লগোৱা আৰু কূটাঘাতমূলক কাৰ্যৰ পৰিকল্পনা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৮ জন দুৰ্বৃত্তক। দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ এক অভিযানে পাকিস্তান আৰু বাংলাদেশ ভিত্তিক উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত এই গেংটোৰ পৰিকল্পনা নস্যাৎ কৰে। গ্ৰেপ্তাৰ হোৱা আঠজনৰ ভিতৰত এজন পশ্চিমবংগৰ মালদাৰ নিবাসী আৰু বাকী সাতজন বাংলাদেশৰ নাগৰিক বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। বিগত ৭ ফেব্ৰুৱাৰীত দিল্লীৰ বিভিন্ন মেট্ৰ’ ষ্টেচনত আপত্তিজনক পোষ্টাৰ লগোৱাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। চিচিটিভি ফুটেজৰ সহায়ত অনুসন্ধান চলাই দিল্লী আৰক্ষীৰ এটা দলে পশ্চিমবংগৰ কলকাতাৰ পৰা উমৰ ফাৰুখ আৰু ৰবিউল ইছলাম নামৰ দুই মূল অভিযুক্তক কৰায়ত্ত কৰে। তেওঁলোকৰ ভাষ্যৰ ভিত্তিত পৰৱৰ্তী সময়ত তামিলনাডুৰ…
Read More
জুবিন ক্ষেত্ৰত সুৰামত্ত যুৱকৰ তাণ্ডৱ; কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰা ৩ যুৱকক আটক

জুবিন ক্ষেত্ৰত সুৰামত্ত যুৱকৰ তাণ্ডৱ; কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰা ৩ যুৱকক আটক

ৰাজহুৱা স্থানত সুৰাপান কৰি যাতায়ত ব্যাহত কৰাৰ লগতে আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত ৩ যুৱকক আটক কৰিছে সোণাপুৰ আৰক্ষীয়ে। দেওবাৰে বিয়লি প্ৰায় ৪:৩০ বজাত সোণাপুৰৰ জুবিনক্ষেত্ৰত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। অভিযুক্ত যুৱককেইজনে কৰ্তব্যৰত আৰক্ষী জোৱানৰ লগতে এগৰাকী মহিলা আৰক্ষী কৰ্মীকো শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, দক্ষিণ শালমৰাৰ আলম আলী আৰু শুৱালকুছিৰ মুকুট দাস তথা ৰঞ্জন দাস নামৰ যুৱককেইজনে সুৰাপান কৰি জুবিনক্ষেত্ৰৰ সমীপত যান-বাহন আবদ্ধ কৰি উদ্ভণ্ডালি আৰম্ভ কৰিছিল। সৰ্বসাধাৰণ যাত্ৰীৰ সমস্যা হোৱা দেখি কৰ্তব্যৰত আৰক্ষীৰ দলে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰোঁতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। সুৰামত্ত যুৱকৰ দলটোৱে আৰক্ষীৰ ওপৰত…
Read More
ৰাজ্যসভাৰ নিৰ্বাচনী যুঁজৰ ব্যাপক প্ৰস্তুতি; অসমৰ দুই প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰি দিল্লীলৈ প্ৰেৰণ বিজেপিৰ

ৰাজ্যসভাৰ নিৰ্বাচনী যুঁজৰ ব্যাপক প্ৰস্তুতি; অসমৰ দুই প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰি দিল্লীলৈ প্ৰেৰণ বিজেপিৰ

আগন্তুক ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অসমৰ ৰাজ্যসভাৰ তিনিখন আসনৰ নিৰ্বাচনক লৈ এতিয়া ৰাজ্যত তীব্ৰ তৎপৰতা আৰম্ভ হৈছে। ইয়াৰে দুখন আসনৰ বাবে বিজেপিৰ নিৰ্বাচনী সমিতিয়ে ইতিমধ্যে দুজন প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰি কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰিছে। দেওবাৰে গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে। তৃতীয়খন আসনৰ প্ৰাৰ্থিত্বক লৈ এতিয়াও ৰহস্য অব্যাহত ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধী পক্ষৰ ৰণনীতি পৰ্যবেক্ষণ কৰিহে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব। তেওঁ স্পষ্ট কৰি দিয়ে যে তৃতীয়খন আসনৰ বাবে এজন যোগ্য ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব, কিন্তু সেই সিদ্ধান্ত ল’বলৈ বিজেপি দলে কিছু সময় ল’ব। ইফালে ইউ…
Read More
মহাত্মা গান্ধীৰ দেশৰ ভিতৰতে সৰ্বোচ্চ প্ৰতিমূৰ্তি নিৰ্মাণৰ প্ৰস্তাৱ; তেলেংগানাত ৫,০০০ কোটিটকীয়া প্ৰকল্পক লৈ তীব্ৰ বিতৰ্ক

মহাত্মা গান্ধীৰ দেশৰ ভিতৰতে সৰ্বোচ্চ প্ৰতিমূৰ্তি নিৰ্মাণৰ প্ৰস্তাৱ; তেলেংগানাত ৫,০০০ কোটিটকীয়া প্ৰকল্পক লৈ তীব্ৰ বিতৰ্ক

মুচি নদীৰ পাৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ দেশৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে তেলেংগানা চৰকাৰে গ্ৰহণ কৰা এক অভিলাষী প্ৰকল্পই এতিয়া তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে জনসাধাৰণৰ মাজতো উদ্বেগ বৃদ্ধি কৰিছে। প্ৰায় ৫,০০০ কোটি টকা ব্যয় সাপেক্ষ এই মূৰ্তিটো মুচি নদীৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইচি আৰু মুচি নদীৰ সংগমস্থলত নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পটোক লৈ বৰ্তমান পৰিৱেশ কৰ্মী আৰু বিৰোধী দলসমূহে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। প্ৰায় ১০ একৰ মাটিত নিৰ্মাণ হ’বলগীয়া এই বিশাল প্ৰকল্পটোৰ বাবে চৰকাৰে ইতিমধ্যে ভূমি অধিগ্ৰহণৰ জাননী জাৰি কৰিছে। সমগ্ৰ মুচি নদীৰ উন্নয়ন পৰিকল্পনাৰ বাবে প্ৰায় ৩,২৭৯ একৰ ভূমিৰ প্ৰয়োজন হ’ব,…
Read More
আই পি এল খেলিব ৪৫ বছৰীয়া মহেন্দ্ৰ সিং ধোনীয়ে

আই পি এল খেলিব ৪৫ বছৰীয়া মহেন্দ্ৰ সিং ধোনীয়ে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ ছিজনৰ প্ৰস্তুতিৰ মাজতে মহেন্দ্ৰ সিং ধোনীৰ ভৱিষ্যতক লৈ চৰ্চা পুনৰ আৰম্ভ হৈছে যে কিংবদন্তি প্ৰাক্তন অধিনায়কগৰাকীয়ে এইবাৰ চেন্নাই ছুপাৰ কিংছৰ হৈ সকলো মেচ খেলা দেখা যাব নে নাই? ফ্ৰেঞ্চাইজিৰ ভিতৰৰ এক শীৰ্ষ সূত্ৰই নিশ্চিত কৰিছে যে ৪৫ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলোৱা ধোনী চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ সৈতে আগন্তুক আই পি এল ছিজনৰ বাবে উপলব্ধ হ’ব। কিন্তু এইবাৰ সঞ্জু চেমছনক বৃহৎ ধনৰ জৰিয়তে দলত সংযোজন কৰাৰ লগে লগে ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীয়ে লীগ পৰ্যায়ৰ সকলো মেচ খেলাৰ সম্ভাৱনা কম বুলি বিবেচিত হৈছে৷ চি এছ কেৰ এক জ্যেষ্ঠ সূত্ৰই কয় যে আমি নিশ্চিত কৰিব…
Read More
টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী যশপ্ৰীত বুমৰাহ

টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী যশপ্ৰীত বুমৰাহ

ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ ভাৰতৰ হৈ টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে। টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চমৎকাৰ প্ৰদৰ্শনেৰে তেওঁ এই কৃতিত্ব অৰ্জন কৰে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলখন অনুষ্ঠিত হয়। এই খেলখনৰ পূৰ্বে ভাৰতীয় প্ৰাক্তন অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ৩২টা উইকেটৰ অভিলেখ সমান কৰিবলৈ বুমৰাহক তিনিটা উইকেটৰ প্ৰয়োজন হৈছিল। তেওঁ অশ্বিনক অতিক্ৰম কৰি চাৰি অভাৰত মাত্ৰ ১৫ ৰানত তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। দক্ষিণ আফ্ৰিকাৰ বেটছমেন কুইণ্টন ডি কক, ৰিয়ান ৰিকেলটন, আৰু কৰ্বিন বছক আউট কৰি বুমৰাহ দলটোক শক্তিশালী আৰম্ভণি কৰে। এই প্ৰদৰ্শনেৰে টি-২০ বিশ্বকাপত বুমৰাহৰ মুঠ উইকেট ৩৩টা হৈছেগৈ। কিন্তু এই…
Read More
বিৰোধীত আউল! ১৫ খন আসন নহ’লে মিত্ৰতা ভংগৰ হুংকাৰ অখিল গগৈৰ, কংগ্ৰেছক সকিয়নী

বিৰোধীত আউল! ১৫ খন আসন নহ’লে মিত্ৰতা ভংগৰ হুংকাৰ অখিল গগৈৰ, কংগ্ৰেছক সকিয়নী

বিধানসভা নিৰ্বাচনৰ সমীকৰণ আসন ভাগ-বাটোৱাৰাক লৈ বিপৰ্যস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিপদত পৰিছে বিজেপি বিৰোধী মিত্ৰজোঁটৰ ভৱিষ্যত। ৰাজ্যত নিৰ্বাচনলৈ মাত্ৰ ডেৰমাহ বাকী থকা অৱস্থাত কংগ্ৰেছৰ একপক্ষীয় নীতিয়ে মিত্ৰজোঁটটোৰ ভিতৰচৰাত এক তীব্ৰ বিদ্ৰোহৰ সূচনা কৰিছে। বিশেষকৈ কংগ্ৰেছৰ স্থিতিত অতিষ্ঠ হৈ এতিয়া ৰাইজৰ দল আৰু অজাপে মিত্ৰতা ভংগ কৰি ‘একলা চল’ নীতি গ্ৰহণৰ চৰম হুংকাৰ দিছে। শনিবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক জৰুৰী নিৰ্বাচনী বৈঠকত কংগ্ৰেছৰ সৈতে চলি থকা মিত্ৰতাৰ বিষয়টোৱে চৰ্চা লাভ কৰে। সদ্যহতে দলটোত যোগদান কৰা দুই বিধায়ক শ্বেৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত আসন কেন্দ্ৰিক সংঘাতক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা হয়। বৈঠকৰ অন্তত…
Read More
হোজাইত চিৰিঞ্জ বিক্ৰীক লৈ নতুন নিৰ্দেশনা; চিকিৎসকৰ প্ৰেছক্ৰিপচন অবিহনে বিপাঙত পৰিছে ৰোগী

হোজাইত চিৰিঞ্জ বিক্ৰীক লৈ নতুন নিৰ্দেশনা; চিকিৎসকৰ প্ৰেছক্ৰিপচন অবিহনে বিপাঙত পৰিছে ৰোগী

চিকিৎসকৰ বৈধ প্ৰেছক্ৰিপচন অবিহনে চিৰিঞ্জ বিক্ৰীৰ ওপৰত জাৰি কৰা এক মৌখিক নিৰ্দেশনাই বিপাকত পেলাইছে হোজাই জিলাৰ সাধাৰণ গ্ৰাহক তথা ৰোগীসকলক। জিলাখনৰ ঔষধ পৰিদৰ্শকে ফাৰ্মাচীসমূহক দিয়া এই আকস্মিক নিৰ্দেশৰ পাছতে এতিয়া জৰুৰীকালীন চিকিৎসা সেৱাৰ ক্ষেত্ৰত এক জটিল সমস্যাই বিৰাজ কৰিছে। বিশেষকৈ নিয়মীয়াকৈ ইনচুলিন ল’বলগীয়া হোৱা মধুমেহ ৰোগীসকল এতিয়া চৰম সংকটৰ মুখত পৰিছে। স্থানীয় ফাৰ্মাচী পৰিচালকসকলে জনোৱা মতে, ড্ৰাগছ ইন্সপেক্টৰৰ পৰা লাভ কৰা মৌখিক নিৰ্দেশনা মানি চলাটো তেওঁলোকৰ বাবে বাধ্যতামূলক। সেই অনুসৰি, বৰ্তমান ঔষধৰ দোকানে বৈধ প্ৰেছক্ৰিপচন নথকা গ্ৰাহকক চিৰিঞ্জ যোগান ধৰিবলৈ অমান্তি হৈছে। এই বাধ্যবাধকতাই দৰিদ্ৰ আৰু গ্ৰামাঞ্চলৰ ৰোগীসকলক চিন্তিত কৰি তুলিছে, কাৰণ তেওঁলোকৰ বাবে বাৰে বাৰে চিকিৎসকৰ কাষ চাপি নতুন…
Read More