অসম

ৰে’লৱেত ১৪.৭শতাংশ ৰে’ল চালকৰ পদ খালি

ৰে’লৱেত ১৪.৭শতাংশ ৰে’ল চালকৰ পদ খালি

ৰে'লৱেত লোকো পাইলট আৰু সহকাৰী লোকো পাইলটৰ মুঠ ১,২৭,৬৪৪ টা পদ আছে, যাৰ ভিতৰত ১ মাৰ্চ, ২০২৪ তাৰিখলৈকে ১৮,৭৬৬ টা পদ (১৪.৭শতাংশ) পূৰণ নোহোৱাকৈ আছে। তথ্যৰ অধিকাৰ (আৰটিআই)ৰ অধীনত কৰা আবেদনৰ উত্তৰত ৰে'লৱে ব'ৰ্ডে এই তথ্য প্ৰদান কৰিছে। এক আৰটিআই উত্তৰত ৰে'লৱে ব'ৰ্ডে কয় যে সহকাৰী লোকো পাইলটতকৈ লোকো পাইলটৰ (ৰে'ল চালক) অধিক পদ খালী আছে। প্ৰদান কৰা তথ্য অনুসৰি, লোকো পাইলটৰ ৭০,০৯৩ টা পদ মঞ্জুৰ কৰা হৈছে, যাৰ ভিতৰত ১৪,৪২৯ টা (প্ৰায় ২০.৫ শতাংশ) খালী আছে। আনহাতে সহকাৰী লোকো পাইলটৰ ৫৭,৫৫১ টা পদ অনুমোদিত, যাৰ ভিতৰত ৪,৩৩৭ টা (প্ৰায় ৭.৫ শতাংশ) খালী আছে।
Read More
পবিতৰা অভয়াৰণ্যৰ কাষৰীয়া গাওঁবাসীক সুৰক্ষাৰ বাবে টৰ্চলাইট প্ৰদান

পবিতৰা অভয়াৰণ্যৰ কাষৰীয়া গাওঁবাসীক সুৰক্ষাৰ বাবে টৰ্চলাইট প্ৰদান

সঘনাই বন্যপ্ৰাণীৰ মুখামুখি হ’ব লগা হোৱা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰান্তীয় গাওঁবাসীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org)  শনিবাৰে গাওঁবাসীক বিশটা টৰ্চলাইট প্ৰদান কৰে। গঁড়ৰ সৰ্বাধিক ঘনত্ব (৩৮.৮ বৰ্গ কিলোমিটাৰ এলেকাত ১০৭টা এশিঙীয়া গঁড়) আৰু বৃহৎ সংখ্যক এছীয় ম’হৰ বাবে জনাজাত অভয়াৰণ্যখনৰ আশে-পাশে ঘন জনবসতিপূৰ্ণ গাঁওসমূহ থকাৰ ফলত সঘনাই মানুহ আৰু বন্যপ্ৰাণী মুখামুখি হোৱাৰ পৰিস্থিতি সৃষ্টি হয় । বন্যপ্ৰাণীৰ বাসস্থানৰ কাষৰীয়া এলেকাৰ পৰা অহা গাঁওবাসীৰ মাজত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ নেতিবাচক প্ৰভাৱ সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত কৰি আৰণ্যক দলে গাওঁবাসীক টৰ্চলাইটবোৰ বিতৰণ কৰে। বাৰ্লিন চিৰিয়াখানাৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।এই অনুষ্ঠানত পাঁচখন গাঁও ক্ৰমে…
Read More
“পাভৈ গ্ৰীণছ” ভ্ৰমণ কৰি ঘৰতে বাগিচা-নাৰ্চাৰী স্থাপনৰ প্ৰশিক্ষণ, অভিজ্ঞতা লাভ 

“পাভৈ গ্ৰীণছ” ভ্ৰমণ কৰি ঘৰতে বাগিচা-নাৰ্চাৰী স্থাপনৰ প্ৰশিক্ষণ, অভিজ্ঞতা লাভ 

বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ লগতে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি জীৱিকা অটুট ৰখাত ঘৰতে স্থাপন কৰা বাগিচা আৰু নাৰ্চাৰীয়ে কৰা ফলপ্ৰসু সহায়ৰ বিষয়ে অভিজ্ঞতা অৰ্জনৰ উদ্দেশ্য অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে উদালগুৰি জিলাৰ বদলাপাৰা গাঁৱৰ মানৱ-হাতী সংঘাত আক্ৰান্ত মহিলাসকলক প্ৰশিক্ষণৰ বাবে বিশ্বনাথ চাৰিআলিৰ “পাভৈ গ্ৰীণছ” ভ্ৰমণ কৰোৱায় । আৰণ্যকৰ এই পদক্ষেপে নিজৰ গাঁৱৰ পৰা ওলাই আহিবলৈ সুযোগ নোপোৱা মহিলাসকলক প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা ওলাই অহাত উদগনি যোগায় । নিজৰ ঘৰতে বাগিচা আৰু নাৰ্চাৰী স্থপনৰ ক্ষেত্ৰত উদ্যমিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা “পাভৈ গ্ৰীণছ”ৰ উদ্যোগী নীলম দত্ত(২০০৩ চনৰ অসম গৌৰৱ বঁটাপ্ৰাপক) সৈতে এই গ্ৰাম্য মহিলাসকলে ৪ এপ্ৰিলত মত বিনিময়…
Read More
বৰপেটাত আই পি এল জুৱাৰীৰ বিৰুদ্ধে অভিযান

বৰপেটাত আই পি এল জুৱাৰীৰ বিৰুদ্ধে অভিযান

বৰপেটা জিলাৰ বিভিন্ন স্থানত অবৈধ ভাবে  চলাই অহা আই পি এল জুৱাৰ বিৰুদ্ধে বৰপেটা জিলাৰ আৰক্ষীয়ে কালি এক অভিযান চলাই জিলা খনৰ বিভিন্ন স্থানৰ পৰা আঠটা জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ দুই লাখ চৌৱন্ন হেজাৰ তিনিশ বিশ টকা আৰু কেবাটাওঁ  মোবাইল ফোন আৰু কিছু নথি পত্ৰ জব্দ কৰে৷ জানিব পৰা মতে , বৰপেটা আৰক্ষী থানাৰ  অধীনস্থ বৰপেটা জিলাৰ  কমলপুৰ গাঁৱৰ বিশা মিঞাৰ পুত্ৰ আমিনুল ইছলামক আই পি এলৰ টিকট বিক্ৰী কৰা সময়ত আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰে৷ ইপিনে হাউলী আৰক্ষী থানাৰ অন্তৰ্গত হালাপাকুৰি গাঁৱৰ আজাহাৰ আলীৰ পুত্ৰ জাহিদুল ইছলামক গ্ৰেপ্তাৰ কৰে ৷ জুৱাৰীটোৰ পৰা আই পি এল জুৱাৰ সংখ্যা আৰু এটা নোটবুক…
Read More
ড০ ইন্দিৰা শইকীয়াৰ”হৃদয়ৰ প্ৰাৰ্থনা” ৰ উন্মোচন

ড০ ইন্দিৰা শইকীয়াৰ”হৃদয়ৰ প্ৰাৰ্থনা” ৰ উন্মোচন

দেওবাৰে কটন এলুমনাই ভৱনত ড° ইন্দিৰা শইকীয়াৰ হৃদয়ৰ প্ৰাৰ্থনা- নামৰ শিশু, চেমনীয়া আৰু কিশোৰৰ উপযোগী চুটি প্ৰবন্ধৰ সংকলন এখন উন্মোচন কৰা হয়। লেখিকাৰ এইখন সাহিত্য সম্পর্কীয় সপ্তম সংখ্যক গ্ৰন্থ। ইয়াৰ আগতে প্রবন্ধ, অণুগল্প, কবিতা, চুটিগল্প, অষ্ট্ৰেলিয়াৰ ভ্ৰমণ কাহিনী আৰু শিশু গল্পৰ একোখনকৈ গ্ৰন্থ প্ৰকাশ হৈছিল। ইয়াৰ উপৰিও শিক্ষা বিষয়ৰ (অনাৰ্চ) আৰু বি.এড. কৰ্চৰ প্ৰায় ১৪খন প্রসংগ পুথি যুটিয়াভারে প্রকাশ পাইছে। আজিৰ গ্ৰন্থ উন্মোচনী সভাত বন্তি প্রজ্বলন কৰে কামৰূপ মহানগৰ লেখিকা সমাজৰ সভাপতি ৰত্না ৰংচেহনপীয়ে। উন্মোচক হিচাপে ড° প্রদীপজ্যোতি মহন্ত, বিশিষ্ট অতিথি হিচাপে ড° নীলিমা ভাগৱতী আৰু যুগললোচন দাসৰ লগতে বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে ৰাজুৰাণী…
Read More
শিমলীতোলাত বন বিভাগৰ অভিযানত জব্দ শাল গছৰ কুণ্ডাসহ এখন বাহন

শিমলীতোলাত বন বিভাগৰ অভিযানত জব্দ শাল গছৰ কুণ্ডাসহ এখন বাহন

গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত চোৰাং কাঠৰ বেহা অব্যাহত থকা সময়তে যোৱা নিশা শিমলীতোলাত বন বিভাগে এক অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং শাল গছৰ কুণ্ডাসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে শিমলীতোলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়া কনক চন্দ্ৰ ডেকাৰ নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে নিশাৰ ভাগত চলোৱা এক অভিযানত শিমলীতোলা-সিধাবাৰী সংযোগী পথৰ পোকালাগীৰ পৰা শাল কাঠৰ কুণ্ডা ভৰ্তি এ এছ-১৮ চি-৫৬৮০ নম্বৰৰ বলেৰো বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা চোৰাং কাঠৰ বজাৰ মূল্য আনুমানিক প্ৰায় ৬০ হাজাৰ টকা হব বুলি জানিব দিয়ে বনকৰ্মীয়ে৷ ইতিমধ্যে জব্দকৃত চোৰাং কাঠসহ বাহন খন…
Read More
কয়াকুছিত সুলভ মূল্যৰ দোকান জ্বলালে দুস্কৃতিকাৰীয়ে

কয়াকুছিত সুলভ মূল্যৰ দোকান জ্বলালে দুস্কৃতিকাৰীয়ে

বৰপেটা জিলাৰ কয়াকুছিত যোৱা নিশা এদল দুস্কৃতিকাৰীয়ে কয়াকুছি পথাৰ গাঁৱৰ তাইজ উদ্দিনৰ সুলভ মূল্যৰ দোকান জ্বলাই দিয়াৰ অভিযোগ উঠিছে ৷ আনকি উক্ত অগ্নিকাণ্ডত সুলভ মূল্যৰ দোকানৰ সংলগ্ন গোহালি ঘৰ এটাও ভস্মীভূত হয় ৷ ঘটনা সন্দৰ্ভত তাইজ উদ্দিনৰ পৰিয়ালে সদৰি কৰা মতে, কয়াকুছি পথাৰ গাঁৱৰ তাইজ উদ্দিনৰ সুলভ মুল্যৰ দোকানত আকস্মিকভাৱে জুই লাগে ৷ উক্ত অগ্নিকাণ্ডত দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাসিন্দাৰ বাবে চৰকাৰীভাৱেআবন্টিত ১০৫ কুইন্টল চাউলৰ ২৬ কুইন্টল সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ লগতে সুলভ মূল্যৰ দোকানৰ লগত সংলগ্ন গোহালি ঘৰটো জুই লাগি ২৬ কুইন্টল চাউলৰ সৈতে উক্ত ঘৰখন সম্পূৰ্ণ ভাৱে ভস্মীভূত হয়। জুইৰ সূত্ৰপাত ঘটিবলৈ কোনো বিশেষ কাৰণ দৃষ্টিগোচৰ নোহোৱা পৰিয়ালটোৱে পৰিকল্পিতভাৱে…
Read More
ভূপেন হাজৰিকা হুবহু ভেশ প্ৰদৰ্শন কৰা অমূল্য কলিতাৰ মৃত্যু

ভূপেন হাজৰিকা হুবহু ভেশ প্ৰদৰ্শন কৰা অমূল্য কলিতাৰ মৃত্যু

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ দুই নম্বৰ জীয়াকুৰৰ অমূল্য কলিতা নামৰ এগৰাকী শিল্পীৰ কিছুদিন পূৰ্বে গুৱাহাটীৰ গুড হেল্থ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। দীর্ঘদিন ধৰি হাঁওফাঁও, হৃদযন্ত্র আৰু বৃক্কৰ ৰোগত ভুগি থকা অমূল্য কলিতা অতি সহজ-সৰল ব্যক্তি আছিল। দক্ষিণ কামৰূপৰ কুকুৰমাৰা, ছয়গাঁও, বকো, আমতলা, আমতলা সত্ৰ, জীয়াকুৰ, ভাঠি জীয়াকুৰ, বৰটাৰী, ৩ নং আমতলা আদি অঞ্চলত এইগৰাকী শিল্পীয়ে বিহু নচাৰ লগতে বিহুৰ প্ৰশিক্ষণো দিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫ বছৰ। কলিতাই মৃত্যুৰ সময়ত পত্নী আৰু এটি কণমানি পুত্র সন্তান এৰি থৈ যায়। কলিতাৰ মৃত্যুত ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱ, কুকুৰমাৰাৰ প্ৰভাতী সূৰুয নাট্য গোষ্ঠী, ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুলৰ ১৯৯৫ চনৰ ছাত্ৰ-ছাত্ৰীসকল,গুৱাহাটী…
Read More
বর্ণালী সাংস্কৃতিক কেন্দ্ৰৰ একাদশ  প্ৰতিস্থা দিৱসটি আজি বিস্তৃত কায্যসূচিৰে পাঞ্জাবাৰী শংকৰদেৱ নগৰ স্থিত আৰ. বি.কমিউনিটি হ’ল ঘৰত অনুস্থিত কৰা হয়

বর্ণালী সাংস্কৃতিক কেন্দ্ৰৰ একাদশ  প্ৰতিস্থা দিৱসটি আজি বিস্তৃত কায্যসূচিৰে পাঞ্জাবাৰী শংকৰদেৱ নগৰ স্থিত আৰ. বি.কমিউনিটি হ’ল ঘৰত অনুস্থিত কৰা হয়

অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া মঞ্জুলা ভট্ৰাচায্যৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুস্থানটিত সমবেত সংগীত, সত্ৰীয়া নৃত্য ,গীত ,কবিতা পাঠ আদি ৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুস্থিত হৈ যোৱা চিত্ৰাংকণ প্ৰতিযোগিতা আৰু সাধু কোৱা প্ৰতিযোগিতাৰ  আৰু মহিলা সকলৰ মাজত অনুস্থিত হৈ যোৱা আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ বিজয়ী সকলকো বটাঁ প্ৰদান কৰা হয়। অনুস্থানটিত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী চেতনা দাস, ড° ছবিন ৰাজখোৱা ,কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব। ড° নগেন ভূঞা যুটিয়া অধিবক্তা, অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগ। বিশিষ্ট সংগীত শিল্পী মহেশ্বৰ বৰা, বিশিষ্ট চিত্ৰগ্ৰহণ কাৰী সুমন দুৱৰা ,সমাজ বন্ধু চাজন ভূঞা ইত্যাদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি। উল্লেখ্য যে বণালী সাংস্কৃতিক কেন্দ্ৰৰ প্ৰতিস্থাপক…
Read More
এপ্ৰিলৰ পৰা জুনমাহলৈ বৃদ্ধি পাব অত্যাধিক হিটৱেভৰ সংখ্যা

এপ্ৰিলৰ পৰা জুনমাহলৈ বৃদ্ধি পাব অত্যাধিক হিটৱেভৰ সংখ্যা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) কৈছে যে এপ্ৰিলৰ পৰা জুনমাহলৈ অত্যাধিক হিটৱেভৰ সংখ্যা বৃদ্ধি পাব। একে সময়তে, দেশৰ কিছু অংশত বৰষুণ হ্ৰাস হোৱাৰো সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ এই পূৰ্বানুমানই নিশ্চিত কৰিছে যে ২০২৪ বৰ্ষৰ গ্ৰীষ্মকাল অধিক ভয়াবহ হ'ব। ১ এপ্ৰিলত, বতৰ বিজ্ঞান বিভাগে আয়োজিত এখন সংবাদমেলত এপ্ৰিলৰ পৰা জুন ২০২৪ লৈ বতৰৰ পূৰ্বানুমান প্ৰকাশ কৰা হৈছিল। লগতে ২০২৪ চনৰ এপ্ৰিলত বৰষুণ আৰু তাপমাত্ৰাৰ বিষয়ে প্ৰকাশ কৰিছিল। বতৰ বিজ্ঞানৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই এখন সংবাদমেলত কয় যে এপ্ৰিলৰ পৰা জুনমাহৰ ভিতৰত সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক থাকিব বুলি আশা কৰা হৈছে, যাৰ ফলত তাপ তৰংগৰ সৈতে দিনৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা…
Read More