অসম

মোৰাঝাৰ আৰক্ষী থানাত সজাগতা সভা

মোৰাঝাৰ আৰক্ষী থানাত সজাগতা সভা

দেশত অতি প্ৰয়োজনীয় তিনিখন নতুন ফৌজদাৰী আইন প্ৰৱৰ্তন হব৷ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা,ভাৰতীয় ন্যায় সংহিতা ,ভাৰতীয় সাক্ষ্য অধিনিয়ম এই তিনি আইন সন্দৰ্ভত মোৰাঝাৰ আৰক্ষী থানাত এখন সজাগতা সভা হৈ যায়। আজিৰে পৰা সমগ্ৰ দেশতে পুৰনি IPC আইনৰ সলনি নতুন আইন বলবৎ হ'ব৷ এই উপলক্ষে দিনৰ ১১ বজাত আৰক্ষী থানা চৌহদত হোৱা  সজাগতা সভাত নতুন আইন সম্পৰ্কে ৰাইজক সজাগ কৰিবলৈ  হোজাই জিলা অতিৰিক্ত  আৰক্ষী অধীক্ষক ৰুপম বৰদলৈ উপস্থিত থাকি নতুন আইনৰ বিষয়ে  বিতংভাবে আলোচনা কৰে৷ সভাত মোৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক শশধৰ কলিতাই এই তিনি নতুন আইন সন্দৰ্ভত আলোকপাত কৰে৷সভাত থানাৰ নাগৰিক সমিতিৰ সভাপতি ওমৰ উদ্দিনকে ধৰি গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া,…
Read More
কাইলৈ বৰপেটা জিলা পুৰুষ দল দবা বাচনি প্ৰতিযোগিতা

কাইলৈ বৰপেটা জিলা পুৰুষ দল দবা বাচনি প্ৰতিযোগিতা

বৰপেটা জিলা (পুৰুষ দল) দবা বাচনি প্ৰতিযোগিতাখন ৩০ জুন দিনৰ ১১ বজাত বৰপেটা জিলাৰ কলগাছিয়াৰ 'জ্যোতি-ৰাভা-নজৰুল সংঘ'ত অনুষ্ঠিত হ'ব। উল্লেখ্য যে, ২০২৪ বৰ্ষৰ ৰাজ্যিক সদৌ অসম আন্ত:জিলা দবা প্ৰতিযোগিতালৈ বৰপেটা জিলাৰ চাৰিজন নিৰ্বাচিত দবা খেলুৱৈ পঠাবলৈ বাচনি এই প্ৰতিযোগিতাখন কলগাগিছাত অনুষ্ঠিত হ'ব। বাচনি প্ৰতিযোগিতাখনত অবিভক্ত বৰপেটা জিলাৰ সকলো দবা খেলুৱৈয়ে যোগদান কৰিব পাৰিব। এই বাচনি দবা প্ৰতিযোগিতাৰ মাছুল ৩০০টকা। প্ৰতিযোগিতাখন চুইচ লীগ পদ্ধতিত অনুষ্ঠিত হ'ব। ইচ্ছুক দবা খেলুৱৈয়ে বি ডি চি এ'ৰ সভাপতি চন্দন কুমাৰ দাস আৰু আৰদশ আলি, সাধাৰণ সম্পাদক আৰদশ আলিৰ লগতে ৰাজ্যিক কাৰ্যনিৰ্বাহক পৰান্তপ সূত্ৰধাৰ চৌধুৰীৰ সৈতে যোগাযোগ কৰিব পাৰে। উল্লেখ্য যে, এইবাৰৰ পৰা বৰপেটা জিলা বাচনি…
Read More
বৰপেটাৰোডৰ দিকভি শর্মাৰ সাফল্য

বৰপেটাৰোডৰ দিকভি শর্মাৰ সাফল্য

অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বোর্ডৰ উদ্যোগত ৰবীন্দ্র জয়ন্তী উপলক্ষে আয়োজিত নৃত্য প্রতিযোগিতাৰ 'ক' শাখাত ৰাজ্যৰ ১৯খন জিলাৰ প্রতিযোগী সকলৰ লগত প্ৰতিদ্বন্দ্ব্বিতা কৰি সাফল্য পালে উদীয়মান শিশু শিল্পী দিকভিয়ে। যোৱা ২১জুনত গুৱহাটিৰ শংকৰদেৱ কলাক্ষেত্রৰ মাধৱদেৱ স্মৃতি মঞ্চত 'ক' বিভাগৰ প্রতিযোগিতাত দিকভিয়ে নিবেদন কৰিছিল 'আকাশ জুৰে শুনি গো ' ৰবীন্দ্র সংগীতত নৃত্য। বৰপেটাৰোডৰ মিলন নগৰৰ বাসিন্দা প্রদ‍্যুৎ শর্মা আৰু হৈমন্তী শর্মাৰ কন্যা তথা মানাস ভেলি একাডেমিৰ শিক্ষার্থী দিকভিৰ সাফল্যত বৰপেটাৰোড কেন্দ্রীয় ৰবীন্দ্র স্মৃতি মঞ্চ, নেতাজি সুভাষ বসু ভাৱনা মঞ্চ,বিবেকানন্দ ভাৱ‌ প্রচাৰ সমিতি, মানাস দর্পণ পত্রিকা গোষ্ঠী,বৃহত্তৰ বৰপেটৰোড বাঙালী সমাজ, বৰপেটাৰোড প্রেছ ক্লাব ,স্পন্দন সাংস্কৃতিক গোষ্ঠী, জাকৈ এনজিওকে আদি কৰি বিভিন্ন দল…
Read More
চৌদি আৰৱত ভাৰতৰ ৯৮ জনসহ ১৩০০ জন হজ যাত্ৰীৰ মৃত্যু

চৌদি আৰৱত ভাৰতৰ ৯৮ জনসহ ১৩০০ জন হজ যাত্ৰীৰ মৃত্যু

চৌদি আৰৱত হজ যাত্ৰীসকলৰ মৃত্যুৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি, অত্যাধিক গৰমৰ ফলত এই বছৰ ১,৩০১ জন হজ যাত্ৰীৰ মৃত্যু হৈছে। দেওবাৰে চৌদিৰ স্বাস্থ্য মন্ত্ৰী ফাহাদ বিন আব্দুৰ ৰহমান আল-জালাজেলে কয় যে মৃত ১,৩০১ জনৰ ভিতৰত ৮৩ শতাংশ অকৰ্তৃত্বশীল তীৰ্থযাত্ৰী আছিল, যিসকলে পবিত্ৰ মক্কা আৰু ইয়াৰ আশে-পাশে হজৰ ৰীতি-নীতি পালন কৰিবলৈ প্ৰচণ্ড গৰমত দীঘলীয়া দূৰত্ব খোজ কাঢ়িছিল। ৰাজ্যিক টিভি আল এখবাৰিয়াৰ সৈতে বাৰ্তালাপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৯৫ জন তীৰ্থযাত্ৰীয়ে চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে, যাৰ কিছুমানক ৰাজধানী ৰিয়াধত চিকিৎসাৰ বাবে বিমানেৰে লৈ যোৱা হৈছে। তেওঁ কয় যে চৌদিত তীৰ্থযাত্ৰীসকলৰ মৃত্যুৰ ভিতৰত চিনাক্তকৰণ আটাইতকৈ কঠিন কাম আছিল কিয়নো…
Read More
দ্ৰুত দবাত শীৰ্ষত  চন্দন কুমাৰ দাস

দ্ৰুত দবাত শীৰ্ষত  চন্দন কুমাৰ দাস

গোৱালপাৰাত অনুষ্ঠিত সদৌ অসম মুকলি দ্ৰুত দবা চেম্পিয়নশ্বিপত তৃতীয় স্থান দখলৰ কৃতিত্ব অৰ্জন কৰাৰ পিছত এইবাৰ ২০ জুনত গুৱাহাটীত ৰাজ্য তথা দেশৰ ভিন্ন প্ৰান্তৰ দবাৰুৱে অংশগ্ৰহণ কৰা মুকলি দ্ৰুত দবা চেম্পিয়নশ্বিপত বৰপেটাৰ  চন্দন কুমাৰ দাসে জ্যেষ্ঠ শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি খিতাপ আজুৰি পুনৰ বৰপেটালৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে।  ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগ আৰু অসম ৰাজ্যিক জাৰ্ণেলিষ্ট ইউনিয়ন চমুকৈ 'আজু'ৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে গুৱাহাটীৰ দিছপুৰস্থ ভুৱনেশ্বৰী ফুকননী ইন্দোৰ ষ্টেডিয়ামত আয়োজন কৰা এদিনীয়া মুকলি দ্ৰুত দবা প্ৰাইজমানি চেম্পিয়নশ্বিপত চন্দনে ভেটাৰেণ শাখাত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈ নগদ ধনৰ লগতে মেডেল অৰ্জন কৰিবলৈ সক্ষম হয় । লক্ষনীয়ভাৱে চন্দনে আপেন কেটেগৰী…
Read More
বৰপেটাত পানীৰ তলত খেলপথাৰ

বৰপেটাত পানীৰ তলত খেলপথাৰ

নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা চহৰৰ খেলপথাৰ জলমগ্ন হৈ পৰিছে। বৰপেটাৰ সকলো ক্ৰীড়াৰ একমাত্ৰ খেলপথাৰ 'বৰপেটা জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰ' আৰু ইয়াৰ সংলগ্ন বিদ্যাপীঠ খেলপথাৰ এতিয়া পানীৰ তলত ।ক্ৰিকেট,ভলীবল, কাৰাটে আদি বিভিন্ন খেল,অনুশীলনীৰ উপৰিও শাৰিৰীক চৰ্চা নিয়মীয়াকৈ চলি থকা খেলপথাৰখন পানী শুকাই উপযোগী হোৱাকৈ আৰু হয়তো এমাহলৈ স্থবিৰ হৈ থাকিব লাগিব বুলি ধাৰণা কৰা হৈছে । পূৰ্ণাংগ ষ্টেডিয়াম, ইনডৰ ষ্টেডিয়াম নাইবা এথলেটিক্স ক্ৰীড়া আদিৰ আন্তঃগাথঁনি শূণ্য বৰপেটাৰ এইখন খেলপথাৰ পানীত নিমজ্জিত থকা মানেই ক্ৰীড়াৰ ক্ষেত্ৰত বিস্তৰ ক্ষতি হোৱা বুলি ক্ৰীড়াপ্ৰেমীৰ মাজত চৰ্চিত হৈছে।
Read More
বানপানীৰ সময়ত লব লগা সাবধানতা সন্দৰ্ভত বৰপেটাত মকড্ৰিল

বানপানীৰ সময়ত লব লগা সাবধানতা সন্দৰ্ভত বৰপেটাত মকড্ৰিল

সাবধানতা আৰু বানত আবদ্ধ লোকক উদ্ধাৰ সন্দৰ্ভত লব লগা ব্যৱস্থাৰ ওপৰত ৰাইজক সজাগতা কৰাৰ উদ্দেশ্যে বৰপেটা জিলাৰ বাগোদীত এক সজাগতা অভিযান আৰু মকড্ৰিল অনুষ্ঠিত হৈ যায় ৷ বৰপেটা জিলা দুৰ্যোগ প্ৰশমন বিভাগ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ উদ্যোগত আৰু এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানৰ সহযোগত বৰপেটা জিলাৰ বৰপেটা ৰাজহ চক্ৰৰ অধীনৰ বাগোদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সজাগতা আৰু মকড্ৰিলৰ সময়ত বিভাগ দুটাৰ ভালে সংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত আছিল ৷ এই সজাগতা মূলত অনুষ্ঠানত এন এন ডি আৰ এফ জিলা দুৰ্যোগ প্ৰশমন বিভাগ আৰু অগ্নি আৰু আপদ কালীন বিভাগে বানপানীৰ সময়ত লব লগা অনুসন্ধান আৰু উদ্ধাৰৰ কৌশল সমুহৰ ওপৰত লব লগা সাবধনতাৰ…
Read More
আৰক্ষীৰ জালত চোৰাং গৰু সৰবৰাহকাৰী

আৰক্ষীৰ জালত চোৰাং গৰু সৰবৰাহকাৰী

শিৱসাগৰ আৰক্ষীয়ে প্ৰায় এমাহ পলাতক অৱস্থাত থকা এটা কুখ্যাত গো-মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় | এতিয়া মনোজ হাজৰিকাৰ খঙীয়াস্থ হালোৱা চুকৰ বাসগৃহত আৰক্ষীৰ অতৰ্কিত অভিযান | ডিব্ৰুগড় চিলাপথাৰ আৰু শিৱসাগৰ ৰাজমাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায়ে বহিঃৰাজ্যলৈ চোৰাং গৰু সৰবৰাহ কৰিছে গো-মাফিয়া চক্ৰই | ডিমৌৰ উদয়পুৰ, শিৱসাগৰৰ দিচাংমুখ, ৰিৰিয়া আৰু বাগল হৈছে চোৰাং গৰু গোপন সৰবৰাহৰ মুখ্য কৰিড'ৰ |আনহাতে আৰক্ষীয়ে দাবী কৰা অনুসৰি আটকাধীন অভিযুক্তৰ বিৰুদ্ধে গোচৰ নং 14/2024 ভাৰতীয় দণ্ডবিধি 379/420/34 IPC আৰু অসম অৱকাৰী আইনৰ 1910ৰ অধীনত RW 53-1(A) ধাৰাত গোচৰ ৰুজু হৈ আছিল | আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ সৈতে আৰু কোন কোন জড়িত আছে তথা ঘটনাৰ প্ৰকৃত…
Read More
গাৰ্গী দাসলৈ ৰাষ্ট্ৰীয় প্ৰতিভাসন্ধানী জলপাণি

গাৰ্গী দাসলৈ ৰাষ্ট্ৰীয় প্ৰতিভাসন্ধানী জলপাণি

শংকৰদেৱ কলাক্ষেত্ৰৰ অধীনস্থ শংকৰদেৱ কলা মহাবিদ্যালয়ৰ ছাত্ৰী গাৰ্গী দাসে ২০২৩-২৪  বৰ্ষৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ  Centre for cultural Resources and Training , New Delhi (CCRT) ৰ দ্বাৰা  সত্ৰীয়া নৃত্যত ৰাষ্ট্ৰীয় প্ৰতিভাসন্ধানী জলপাণি (National Talent Search Scholarship) লাভ কৰিবলৈ সক্ষম হৈছে ৷ সম্প্ৰতি গাৰ্গী দাসে সোনজিৎ দাসৰ তত্ত্বাবধানত সত্ৰীয়া নৃত্যৰ শিক্ষা গ্ৰহণ কৰি আছে ৷
Read More
দিল্লীত চৰকাৰৰ গঠনৰ দাবী উত্থাপন এন ডি এৰ

দিল্লীত চৰকাৰৰ গঠনৰ দাবী উত্থাপন এন ডি এৰ

নেচনেল ডেমক্ৰেটিক এলায়েন্সে (এন ডি এ) চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছে। শুকুৰবাৰে কেইবাখনো বৈঠকৰ পিছত এন ডি এৰ নেতাৰ দলটোৱে ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ প্ৰস্তাৱ প্ৰদান কৰে। চৰকাৰ গঠনৰ দাবী জনোৱাৰ বাবে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হয় অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা, নীতিশ কুমাৰ, একনাথ চিন্দেকে ধৰি ১৬ টা দলৰ নেতাসকল।এতিয়া ৰাষ্ট্ৰপতিয়ে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক মনোনীত কৰাৰ পিছত শপতগ্ৰহণৰ সময় আৰু স্থান আনুষ্ঠানিকভাৱে নিৰ্ধাৰণ কৰিব। লোকসভা নিৰ্বাচনৰ ফলাফলত, এন ডি এ গোটে ২৯৩ খন আসন লাভ কৰিছিল, যি হৈছে ২৭২ টা সংখ্যাগৰিষ্ঠতাৰ যাদুকৰী সংখ্যাতকৈ অধিক। যদিও এন ডি এৰ নেতৃত্ব দিয়া ভাৰতীয় জনতা…
Read More