26
May
সমগ্ৰ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত ২০২৩-২৪ চনৰ বাবে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়া ‘DARPAN’ পৰ্টেলৰ অধীনত অনুষ্ঠিত হ’ব। ২০২৩ চনৰ ২৯ মে’ৰ পৰা ১৭ জুনলৈ এই পৰ্টেলটো প্ৰৱেশযোগ্য কৰি তোলা হ’ব। এই কথা বৃহস্পতিবাৰে ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে। শিক্ষানুষ্ঠানৰ দ্বাৰা কোনো ধৰণৰ অফলাইন নামভৰ্তি কৰা নহ’ব বুলি স্পষ্ট কৰি দিছে এ এইচ এছ ই চিয়ে। ২০২৩-২৪ বৰ্ষৰ পঞ্জীয়ন প্ৰক্ৰিয়া ২০২৩ চনৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত আৰম্ভ হ’ব আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়েহে নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে “DARPAN” পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। AHSEC ৰ মতে, ছাত্ৰ-ছাত্ৰীসকলে www.darpan.ahseconline.in বা www.ahsec.assam.gov.in ত গৈ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে…