অসম

শিৱসাগৰত বজ্ৰপাত পৰি দুজনৰ মৃত্যু, আহত ৫ জন

শিৱসাগৰত বজ্ৰপাত পৰি দুজনৰ মৃত্যু, আহত ৫ জন

এক ভয়াৱহ পৰিঘটনাত শিৱসাগৰত বজ্ৰপাতৰ ফলত দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাই আন পাঁচজন গুৰুতৰভাৱে আহত হয়। অজয় য়াইন আৰু দিগন্ত মিলি নামৰ যুৱক দুজনে ধাননি পথাৰত কাম কৰি থকাৰ সময়তে শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। হঠাৎ বিজুলীৰ আঘাতে অজয় য়াইন আৰু দিগন্ত মিলিৰ বাবে মাৰাত্মক বুলি প্ৰমাণিত হয়, যাৰ ফলত দুয়োৰে মৃত্যু ঘটে। ইয়াৰ উপৰিও এই ঘটনাত অজয় য়াইন, গণেশ মিলি, পুতুলা য়াইন, আৰু উৰ্মিলা য়াইনৰ পুত্ৰ বিক্ৰম য়াইন গুৰুতৰভাৱে আহত হয়। আহত ব্যক্তিকেইজনক তাৎক্ষণিক চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আৰক্ষী জোৱান আৰু ডাইজেষ্টাৰ মেনেজমেণ্টৰ বিষয়াসকলৰ সৈতে ক্ষতিগ্ৰস্ত গাঁওখন ভ্ৰমণ কৰি প্ৰত্যক্ষভাৱে পৰিস্থিতিৰ বুজ…
Read More
কাইলৈ মণিপুৰ ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

কাইলৈ মণিপুৰ ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ১০ জুনত (শনিবাৰে) হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰ ভ্ৰমণ কৰিব বুলি শুকুৰবাৰে জানিব পৰা গৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৱা মাহত ৰাজ্যখনত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা বিষয়সমূহৰ ওপৰত এই যুটিয়ে আলোচনা কৰাৰ কথা আছে। অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা লাভৰ বাবে মেইটেই জনগোষ্ঠীৰ দাবীৰ প্ৰতিবাদত পাহাৰীয়া জিলাসমূহত ‘জনজাতি সংহতি মৰ্চা’ৰ আয়োজন কৰাৰ পিছতে মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চাৰিদিনীয়া ৰাজ্য ভ্ৰমণৰ সময়ত কঠোৰ সতৰ্কবাণী জাৰি কৰি কয় যে যিসকলে অস্ত্ৰ আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।…
Read More
মহানগৰীত ছাত্ৰীৰ মৃত্যু! এ কে কনষ্টাকশ্যনৰ সঞ্চালকক গ্ৰেপ্তাৰ আৰক্ষীৰ…

মহানগৰীত ছাত্ৰীৰ মৃত্যু! এ কে কনষ্টাকশ্যনৰ সঞ্চালকক গ্ৰেপ্তাৰ আৰক্ষীৰ…

মহানগৰীৰ গণেশগুৰিত পথৰ ওপৰত খান্দি থোৱা গাঁতৰ বাবে এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটাৰ পিছতে তৎপৰ হৈ পৰিছে মহানগৰ প্ৰশাসন। গুৱাহাটী আৰক্ষীয়ে এ কে কনষ্ট্ৰাকশ্যন কোম্পানীৰ সঞ্চালকগৰাকীৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰাৰ কেইঘণ্টামান পিছতে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে। বি বালাজী নামৰ সঞ্চালকজনক নাৰেংগীৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ মতে, বালাজীক জেৰা কৰাৰ অন্তত তেওঁক আদালতত হাজিৰ কৰা হৈছে। উল্লেখযোগ্য যে এ কে কনষ্ট্ৰাকশ্যন কোম্পানী এম ভেংকটেশ্বৰ ৰাওৰ। ইয়াক গুৱাহাটীত ব’ৰৱেল ঠিকাদাৰৰ অধীনত তালিকাভুক্ত কৰা হৈছে পানী যোগান প্ৰকল্পৰ বাবে ঠিকাদাৰী হৈ মহানগৰীৰ ১২টা স্থানত কাম কৰি আছে। অৱশ্যে জল ব’ৰ্ডে তেওঁলোকৰ কাম-কাজত কেইবাটাও অমিল লক্ষ্য কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে। তদুপৰি…
Read More
শোকাবহ! মহানগৰীত স্কুল বাছৰ খুন্দাত মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়াৰ

শোকাবহ! মহানগৰীত স্কুল বাছৰ খুন্দাত মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়াৰ

গুৱাহাটীৰ গণেশগুৰি অঞ্চলত বৃহস্পতিবাৰে পুৱা এখন স্কুল বাছৰ খুন্দাত মৃত্যু ঘটে এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীৰ। নিহত ছাত্ৰীগৰাকীক প্ৰিয়া কুমাৰী বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, পুৱা প্ৰিয়াই ভগ্নীৰ সৈতে স্কুললৈ গৈ থকা সময়তে ৰয়েল গ্ল’বেল স্কুলৰ এখন স্কুলবাছে ছাত্ৰীগৰাকীৰ স্কুটীখনত খুন্দা মাৰে। যাৰ ফলত চকাৰ তলত পিষ্ট হৈ প্ৰিয়াৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত হয় ভগ্নী। ইফালে দুৰ্ঘটনাৰ পিছতে স্কুলবাছখনৰ চালক বিপুল বড়োক আটক কৰে বশিষ্ঠ আৰক্ষীয়ে।
Read More
আনক গছৰ তলত বহিবলৈ পৰামৰ্শ! কিন্তু জানেনে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বাসগৃহত আছে কিমানটা এ.চি…

আনক গছৰ তলত বহিবলৈ পৰামৰ্শ! কিন্তু জানেনে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বাসগৃহত আছে কিমানটা এ.চি…

যি সময়ত সমগ্ৰ অসম প্ৰচণ্ড গৰমত দহিছে আৰু বিদ্যুৎ মাচুলৰ বৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰ ঘোলা কৰিছে, সেই সময়ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ফেন ব্যৱহাৰ কৰাৰ সামৰ্থ্য নাথাকিলে গছৰ তলত বহিবলৈ দিয়া পৰামৰ্শই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ মাজতে পোহৰলৈ আহিছে আনক গছৰ তলত জিৰাবলৈ পৰামৰ্শ দিয়া বিশ্বজিৎ দৈমাৰীৰ অফিচ আৰু বাসগৃহত ব্যৱহাৰ কৰা এয়াৰ কণ্ডিচনাৰৰ সংখ্যা। বাতৰি অনুসৰি, বিধানসভাৰ অধ্যক্ষগৰাকীৰ চৰকাৰী বাসগৃহত লগোৱা আছে ২২ টা এচি, একেদৰে বিধানসভাত থকা ১২টা এচিৰ মাজত তেওঁ কাম কৰে। খবৰ অনুসৰি বিশ্বজিৎ দৈমাৰীৰ বাবে এচি লগোৱা নতুন কোঠা এটা পৃথককৈ প্ৰদানৰো যো-জা চলাই থকা হৈছে। দৈমাৰীৰ এই অগতানুগতিক পৰামৰ্শক বিশেষভাৱে বিৰোধী কংগ্ৰেছ…
Read More
হত্যাৰ বলি হৈছিল আইআইটি খড়গপুৰত অধ্যয়নৰত অসমৰ ছাত্ৰ ফাইজান আহমেদ

হত্যাৰ বলি হৈছিল আইআইটি খড়গপুৰত অধ্যয়নৰত অসমৰ ছাত্ৰ ফাইজান আহমেদ

হত্যাৰ বলি হৈছিল আইআইটি খড়গপুৰত অধ্যয়নৰত অসমৰ ছাত্ৰ ফাইজান আহমেদ। এই তথ্য নিশ্চিত কৰিছে কলকাতা উচ্চ ন্যায়ালয়ে। পশ্চিমবংগ আৰক্ষী আৰু আইআইটি খড়গপুৰ কৰ্তৃপক্ষই আদালতত প্ৰদান কৰা তথ্যৰ ভিত্তিত আদালতে কয় যে ফাইজানৰ মৃত্যু আত্মহত্যা নাছিল। সূত্ৰ অনুসৰি, পৰৱৰ্তী শুনানিত আদালতে অসমৰ ছাত্ৰজনৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে তদন্তকাৰী সংস্থাৰ নাম উল্লেখ কৰিব। প্ৰণিধানযোগ্য আইআইটিৰ হোষ্টেলতে ৰহস্যজনকভাৱে মৃত্যুৰ বলি হৈছিল ফাইজান আহমেদ নামৰ ছাত্ৰজন।
Read More
ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামি সন্ধানহীন শ্বিলঙৰ ২ বন্ধু…

ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামি সন্ধানহীন শ্বিলঙৰ ২ বন্ধু…

মঙলবাৰে বিয়লি ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছে দুজন যুৱক। গুৱাহাটী মহানগৰীৰ উপকণ্ঠ চন্দ্ৰপুৰ অঞ্চলৰ পৰা এই ঘটনাৰ খবৰ পোৱা গৈছে। নিৰুদ্দেশ হোৱা যুটিটোৰ নাম বিবৰ্মী লালু আৰু ৰাহুল চেত্ৰী, দুয়োজনেই মেঘালয়ৰ শ্বিলঙৰ। লাভ কৰা তথ্য অনুসৰি ছয়জন বন্ধুৰ সৈতে গুৱাহাটীত উপস্থিত হোৱা এই যুটিটোৱে আজি বিয়লি বিনোদনৰ উদ্দেশ্যে চন্দ্ৰপুৰ ভ্ৰমণ কৰিছিল। অৱশ্যে নদীত গা ধুই থকা অৱস্থাত দুয়োজন সন্ধানহীন হৈ পৰে। তেওঁলোকৰ সন্ধান উলিয়াব নোৱাৰি তেওঁলোকৰ বন্ধুসকলে পৰিস্থিতিৰ বুজ ল’বলৈ সেই স্থানত উপস্থিত হোৱা কৰ্তৃপক্ষক অৱগত কৰে। অনুসন্ধান অভিযান চলি আছে।
Read More
দুলীয়াজানত প্ৰায় ডেৰশ কেজি গো-মাংসসহ দুজনক আটক

দুলীয়াজানত প্ৰায় ডেৰশ কেজি গো-মাংসসহ দুজনক আটক

সোমবাৰে দুলীয়াজানৰ সমীপৱৰ্তী ভাদৈ পাচালি অঞ্চলত এখন বাহনৰ পৰা প্ৰায় ১৫০ কিলোগ্ৰাম গো মাংস জব্দ কৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে। আৰক্ষীয়ে গো মাংস সৰবৰাহৰ অভিযোগত দুজন লোককো আটক কৰে। ধৃত লোক দুজন দুলীয়াজানৰ মছজিদ পেট্টি অঞ্চলৰ জিয়াউদ্দিন আহমেদ আৰু হাবিবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। দেওবাৰে নিশা আৰক্ষীৰ সক্ৰিয় সূত্ৰৰ পৰা পোৱা গোপন খবৰৰ পিছতে জব্দ কৰে গো মাংসখিনি। প্ৰাথমিক তথ্য অনুসৰি, আৰক্ষীয়ে অভিযান চলাই মাৰ্ঘেৰিটাৰ পৰা দুলীয়াজান অভিমুখে আহি থকা এএছ ০৬এম ০১১৬ নম্বৰৰ এখন চাৰিচকীয়া বাহনত তালাচী চলায়। ঘটনা সন্দৰ্ভত দুলীয়াজান থানাত দুয়োজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু অভিযুক্ত দুজনৰ জেৰা অব্যাহত আছে। উল্লেখ কৰিব পাৰি যে…
Read More
বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোপণ কৰিবলৈ গৈ অৰুণাচলী দুৰ্বৃত্তৰ গুলীত মৃত্যু ২ অসমীয়াৰ

বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোপণ কৰিবলৈ গৈ অৰুণাচলী দুৰ্বৃত্তৰ গুলীত মৃত্যু ২ অসমীয়াৰ

বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোপণ কৰিবলৈ গৈ বন্দুকধাৰী অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল দুজনকৈ অসমীয়া যুৱকে। সোমবাৰে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ধেমাজি জিলাৰ জয়ৰামপুৰৰ সমীপৰ পাণবাৰীত। অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত নিহত অসমীয়া যুৱক দুজনক বগা চেতিয়া আৰু মণ্টু গগৈ বুলি চিনাক্ত কৰা হৈছে। ইফালে গুলীবিদ্ধ হৈ আহত হৈছে পুষ্প গগৈ নামৰ এজন এজন লোক। জানিব পৰা মতে, অসমীয়া তিনিজনে অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে গছপুলি ৰোপণ কৰি থকাৰ সময়তে অসমৰ সীমাত প্ৰৱেশ কৰি বন্দুকধাৰী অৰুণাচলী দুৰ্বৃত্তই গুলীবৰ্ষণ কৰে। যাৰ ফলত বগা চেতিয়াৰ থিতাতে মৃত্যু ঘটে। আনহাতে আহত আন দুজনক ততায়ৈকা হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও…
Read More
মাধমাৰ জনতাৰ ওপৰত! আকৌ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

মাধমাৰ জনতাৰ ওপৰত! আকৌ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

বিদ্যুৎ বিলৰ পিছত এইবাৰ জনতাৰ ওপৰত মাধমাৰ শোধাই বৃদ্ধি কৰা হ’ল পেট্ৰ’ল আৰু ডিজেলৰো দাম। এইবাৰ প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত বৃদ্ধি পালে ৫০ পইচাকৈ। এই বৃদ্ধিৰ পিছত অসমত পেট্ৰ’লৰ সংশোধিত হাৰ প্ৰতি লিটাৰত ৯৭.৫৪ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯০.২৩ টকা হৈছেগৈ। উল্লেখ্য যে, ৩১ মে’তো প্ৰতিলিটাৰ পেট্ৰ’লত ৫০ পইচা আৰু ডিজেলত ৫৭ পইচা বৃদ্ধি পাইছিল। মূল্যবৃদ্ধিৰ এনে ভয়াবহ পৰিস্থিতিত সাধাৰণ জনতাৰ বাবে এতিয়া জীয়াই থকাটোৱে এক ভয়াবহ সংগ্ৰামলৈ পৰিণত হৈছে।
Read More