15
Jun
ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ প্ৰধান অভিযুক্তই অপৰাধ অনুসন্ধান বিভাগৰ অসমক বিপথে পৰিচালিত কৰা দেখা গৈছে। প্ৰধান অভিযুক্ত হাছানুৰ ইছলামৰ বাসগৃহৰ পৰা চিআইডিয়ে ইতিমধ্যে অভিযান চলাই তেজৰ দাগ লগা এটা কাঠৰ টুকুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই কাঠৰ টুকুৰাৰেই অভিযুক্তই জোনালী নাথক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। চিআইডিয়ে হত্যাৰ সন্দেহযুক্ত অস্ত্ৰটো জব্দ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে হাছানুৰ ইছলামে সোধা-পোছাৰ সময়ত চি আই ডিৰ আগত স্বীকাৰোক্তি দিয়ে যে মৃত বিজেপি নেত্ৰীগৰাকীৰ সৈতে তেওঁৰ অবৈধ সম্পৰ্ক আছিল। সংবাদমেল সম্বোধন কৰি চিআইডিৰ আই জি পি দেৱৰাজ উপাধ্যায়াই কয় যে, দেওবাৰে নিশা মহিলাগৰাকীক হত্যা কৰি মৃতদেহ পেলাই দিয়াৰ কথা…