28
Jul
পথ-দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে সমাজৰ সৰ্বস্তৰলৈ পথ-সুৰক্ষা সজাগতা আগবঢ়াই নিয়াৰ বাবে আজি মহানগৰীৰ ৰাজপথত এক বৃহৎ কাৰ ৰেলী উলিওৱা হয়। আজি দুপৰীয়াৰ ভাগত বশিষ্ঠ চাৰিআলিৰ ওজা হুণ্ডাই প্ৰাইভেট লিমিটেডৰ সন্মুখত পতাকা জোকাৰি এই কাৰ ৰেলী মুকলি কৰে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। কাৰ ৰেলী মুকলি কৰি তেওঁ পথেৰে চলাচল কৰা সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীৰ যোগেদি সমাজৰ সৰ্বস্তৰতে পথ-সুৰক্ষাৰ জনসচেতনতা সৃষ্টিৰ উদেশ্যৰ কথা ব্যক্ত কৰে। তেওঁ কয় যে যানবাহন ব্যৱহাৰকাৰীয়ে সদায় বাহনখনৰ সুৰক্ষাৰ দিশটো সঠিক আৰু সম্পূৰ্ণ হৈ থকাটো বিচাৰে ৷ এইক্ষেত্ৰত হুণ্ডাই ক্ৰেতাই মানুহৰ…
