অসম

২০১৫ ৰ পূৰ্বে অসমত প্ৰৱেশ কৰা অমুছলমানৰ বিদেশী গোচৰ প্ৰত্যাহাৰ কৰিব ৰাজ্য চৰকাৰে

২০১৫ ৰ পূৰ্বে অসমত প্ৰৱেশ কৰা অমুছলমানৰ বিদেশী গোচৰ প্ৰত্যাহাৰ কৰিব ৰাজ্য চৰকাৰে

নাগৰিকত্ব সংশোধনী আইনৰ উদ্ধৃতি দি অসম চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ আগতে অসমত প্ৰৱেশ কৰা ছয় জনগোষ্ঠী লোক – হিন্দু, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী –ৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ জিলা বিষয়া আৰু বিদেশী ন্যায়াধিকৰণ (এফ টি বা বিদেশী ন্যায়াধিকৰণ)ৰ সদস্যসকলক নিৰ্দেশ দিছে। এক প্ৰতিবেদন অনুসৰি ৰাজ্যখনৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ১৭ জুলাইত এখন বৈঠক অনুষ্ঠিত কৰি CAA আৰু গোচৰ প্ৰত্যাহাৰৰ প্ৰেক্ষাপটত বিদেশী ন্যায়াধিকৰণৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুযায়ী এই বৈঠক অনুষ্ঠিত হয়। CAA ৰ উদ্দেশ্য হৈছে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ ছটা সংখ্যালঘু ধৰ্মীয় সম্প্ৰদায়ৰ (মুছলমানৰ বাহিৰে) শৰণাৰ্থীক নাগৰিকত্ব…
Read More
চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত মা কামাখ্যাৰ ফটো সযতনে ৰাখিছে সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে ; গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তৰ পৰা বুজ অসমৰ পৰিস্থিতি

চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত মা কামাখ্যাৰ ফটো সযতনে ৰাখিছে সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে ; গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তৰ পৰা বুজ অসমৰ পৰিস্থিতি

দীৰ্ঘদিন ধৰি অসম আৰক্ষীত সেৱা আগবঢ়াই প্ৰায় সাত মাহ পূৰ্বে বিশ্বৰ অন্যতম সৰ্ববৃহৎ অৰ্দ্ধ সামৰিক বাহিনী হিচাপে পৰিগণিত হোৱা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ( চি আৰ পি এফ ) ৰ সঞ্চালক প্ৰধান পদত দায়িত্বভাৰ গ্ৰহণ কৰিলেও অসম, অসমীয়া আৰু মা কামাখ্যাক পাহৰা নাই জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে। অসম - মেঘালয় কেডাৰৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াজনে সুদীৰ্ঘকাল অসম আৰক্ষীত সেৱা আগবঢ়াই প্ৰায় তিনি বছৰ পূৰ্বে অসম আৰক্ষীত সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। বিগত বৰ্ষৰ শেহৰ ফালে কেন্দ্ৰীয় চৰকাৰৰ নিযুক্ত সম্পৰ্কীয় কেবিনেট কমিটীয়ে সিঙক দক্ষতা, যোগ্যতা আৰু অভিজ্ঞতাৰ ভিত্তিত চি আৰ পি এফৰ সঞ্চালক প্ৰধান পদত বাচনি কৰিছিল। তাৰ পাছত চলিত বৰ্ষৰ…
Read More
ব্যক্তিগত বিদ্যালয়ত অনাথ শিশুক বিনামূলীয়া শিক্ষা দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ব্যক্তিগত বিদ্যালয়ত অনাথ শিশুক বিনামূলীয়া শিক্ষা দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে অনাথ শিশুক শিক্ষাৰ অধিকাৰৰ অধীনত ব্যক্তিগত বিদ্যালয়ত বিনামূলীয়া শিক্ষা দিয়াৰ নিৰ্দেশ দিছে। দৰিদ্ৰ শ্ৰেণী আৰু বঞ্চিত গোটৰ শিশুৰ বাবে ২৫ শতাংশ কোটাত অনাথ শিশুৱে ব্যক্তিগত বিদ্যালয়ত বিনামূলীয়া শিক্ষা লাভৰ অনুমতিৰ বাবে সকলো ৰাজ্যকে অধিসূচনা জাৰি কৰিবলৈ কয়। ন্যায়াধীশ বি ভি নাগাৰাথ্না আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে চাৰি সপ্তাহৰ ভিতৰত সকলো ৰাজ্যক এই অধিসূচনা জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছত এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক অৱগত কৰবলৈ কয়। শুনানিৰ সময়ত বিচাৰপীঠে কয় যে মেঘালয়, ছিকিম, অৰুণাচল প্ৰদেশ, গুজৰাট আৰু দিল্লীৰ দৰে ৰাজ্যই ইতিমধ্যে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। সেয়ে বাকী ৰাজ্যসমূহক চাৰি সপ্তাহৰ ভিতৰত একে কাম কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে…
Read More
চিকিৎসা জগতত এক নতুন অলৌকিকতা: ৩০ বছৰে সংৰক্ষিত ভ্ৰূণৰে সুস্থ শিশুৰ জন্ম

চিকিৎসা জগতত এক নতুন অলৌকিকতা: ৩০ বছৰে সংৰক্ষিত ভ্ৰূণৰে সুস্থ শিশুৰ জন্ম

আমেৰিকাত এহাল দম্পতীয়ে ৩০ বছৰতকৈ অধিক সময় ফ্ৰীজত ৰখা ভ্ৰূণৰে সন্তান জন্ম দিছে। ই এতিয়ালৈকে সফলতাৰে সন্তান জন্ম দিয়া আটাইতকৈ দীঘলীয়া সময়লৈ মজুত ৰখা ভ্ৰূণ বুলি বিশ্বাস কৰা হৈছে। অহাইঅ’ৰ বাসিন্দা ৩৫ বছৰীয়া লিণ্ডচে আৰু তেওঁৰ ৩৪ বছৰীয়া স্বামী টিম পিয়ৰ্ছে শনিবাৰে সন্তান থাডিউছ ডেনিয়েল পিয়ৰ্ছৰ পিতৃ-মাতৃ হয়।নতুন প্ৰযুক্তি আৰু আনুষংগিক তথ্যৰ বিষয়ে ব্যাখ্যা কৰা এম আই টি টেকন’লজি ৰিভিউৰ সৈতে হোৱা এক কথা-বতৰাত লিণ্ডছে কয় যে তেওঁৰ পৰিয়ালে অনুভৱ কৰিছিল যে যেন এখন কল্পবিজ্ঞানৰ ছবি চলি আছে। ২০ বছৰীয়া ভ্ৰূণৰ পৰা শিশু জন্ম হোৱাৰ পূৰ্বৰ অভিলেখ আছিল যেতিয়া ১৯৯২ চনৰ পৰা জমা হৈ থকা ভ্ৰূণৰ পৰা ২০২২ চনত যমজ…
Read More
দুর্গা পূজাৰ পূৰ্বে বিটিআৰৰ পৰিষদীয় নির্বাচন: মুখ্যমন্ত্ৰী

দুর্গা পূজাৰ পূৰ্বে বিটিআৰৰ পৰিষদীয় নির্বাচন: মুখ্যমন্ত্ৰী

বিটিআৰৰ পৰিষদীয় নির্বাচন দুর্গা পূজাৰ আগতে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই। বাক্সা জিলা বিজেপিৰ উদ্যোগত অদালবাৰীত অনুষ্ঠিত মুছলপুৰ পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে কয়-দুর্গা পূজাৰ আগতে বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। পূজাৰ পিচত নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰীত বহুকেইটা আঁচনি ৰাইজক দিবলগীয়া আছে। এপ্রিলত বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব । আগষ্টৰ ২০ পৰা ২৫ তাৰিখৰ ভিতৰত বিটিচিৰ নিৰ্বাচনৰ দিন ঘোষণা হ'ব। বিটিআৰৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব সেইলৈ ৰাজনৈতিক দলসমূহৰ মাজত চলি থকা চৰ্চাৰ মাজতে এই ঘোষণা কৰিছে।  কাৰণ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সকলো ৰাদনৈতিক দলৰ বাবে হ'ব একপ্ৰকাৰ ছেমিফাইনেল।
Read More
কিছুমান প্ৰাকৃতিক স্প্ৰে ব্যৱহাৰ কৰিও আপুনি আপোনাৰ ঘৰটো মহমুক্ত কৰিব পাৰে। পিছে কিদৰে ?

কিছুমান প্ৰাকৃতিক স্প্ৰে ব্যৱহাৰ কৰিও আপুনি আপোনাৰ ঘৰটো মহমুক্ত কৰিব পাৰে। পিছে কিদৰে ?

মহ, বহুতৰ বাবে এক আতংকৰ নাম। বিশেষকৈ, বৰষুণৰ দিনকেইটাত মহে সকলোকে যান্ত্ৰণা দিয়ে। মহে কামুৰিলে বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি হয়। বৰষুণৰ পানী য'তে-ত'তে পানী জমা হোৱাৰ ফলত মহৰ সংখ্যা বৃদ্ধি হয়।যাৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। মানুহে প্ৰায়ে মহৰ পৰা বাচিবলৈ আঠুৱা তথা বিভিন্ন মহ মৰা ঔষধ ব্যৱহাৰ কৰে। কিন্তু ৰাসায়নিক পদাৰ্থযুক্ত মহ মৰা ঔষধসমূহ স্বাস্থ্যৰ পক্ষে খুবেই ক্ষতিকাৰক। ৰাসায়নিক পদাৰ্থযুক্ত স্প্ৰে ব্যৱহাৰৰ ফলত পৰিৱেশৰো অভাৱনীয় ক্ষতি হয়। কিন্তু, কিছুমান প্ৰাকৃতিক স্প্ৰে ব্যৱহাৰ কৰিও আপুনি আপোনাৰ ঘৰটো মহমুক্ত কৰিব পাৰে। পিছে কিদৰে এই প্ৰাকৃতিক স্প্ৰে ঘৰতে তৈয়াৰ কৰিব পাৰি, জানো আহক- লেভেণ্ডাৰ তেল মহক প্ৰতিহত কৰাৰ এক উৎকৃষ্ট প্ৰাকৃতিক…
Read More
অৱশেষত হাৰ মানিলে ম্যানমাৰৰ সামৰিক শাসকে!

অৱশেষত হাৰ মানিলে ম্যানমাৰৰ সামৰিক শাসকে!

অৱশেষত হাৰ মানিলে ম্যানমাৰৰ সামৰিক শাসকে! গৃহযুদ্ধত বিধ্বস্ত দেশখনলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ চেষ্টা জেনেৰেল মিন আং হ্লিং নেতৃত্বাধীন চৰকাৰৰ।জেনেৰল মিন আং হ্লিং নেতৃত্বাধীন চৰকাৰে দেশখনৰ পৰা জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰি গণতান্ত্ৰিক কাৰ্যকলাপৰ ওপৰত থকা সকলো ধৰণৰ নিষেধাজ্ঞা উঠাই লৈছে। তাৰোপৰি অহা ডিচেম্বৰত দেশখনত নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। উল্লেখ্য যে, চুবুৰীয়া দেশখনত সশস্ত্ৰ বিদ্ৰোহী মিত্ৰজোঁটৰ লগতে গণন্ত্ৰৰ সমৰ্থকসকলে বিদ্ৰোহ অব্যাহত ৰাখিছে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সেই সময়ৰ গণতান্ত্ৰিক নেত্ৰী তথা দেশখনৰ প্ৰধানমন্ত্ৰী আং ছাং চ্যু কিৰ দল নেচনেল লীগ ফৰ ডেম’ক্ৰেচিৰ নেতৃত্বাধীন চৰকাৰখনক ভংগ কৰিছিল। আৰম্ভ হৈছিল সামৰিক জুন্টাৰ শাসন। তাৰ মাজতেই বিভিন্ন বিদ্ৰোহী সংগঠনে সামৰিক বাহিনীৰ বিৰুদ্ধে…
Read More
গুৱাহাটী পৌৰ নিগমৰ স্বাস্থ্য বিভাগৰ অভিযানত ধৰা পৰিল বিলাসী হোটেলত অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কাৰ্য ; ডেৰ লাখৰো অধিক টকাৰ জৰিমনা সংগ্ৰহ

গুৱাহাটী পৌৰ নিগমৰ স্বাস্থ্য বিভাগৰ অভিযানত ধৰা পৰিল বিলাসী হোটেলত অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কাৰ্য ; ডেৰ লাখৰো অধিক টকাৰ জৰিমনা সংগ্ৰহ

গুৱাহাটী মহানগৰীৰ একাংশ  বিলাসী হোটেল বা ৰেষ্টুৰেণ্টত জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অতি অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কৰি   গ্ৰাহকক যোগান ধৰা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে পহিলা আগষ্টৰ দিনা সন্ধিয়া গুৱাহাটী পৌৰ নিগমৰ স্বাস্থ্য বিভাগৰ দলে চলোৱা এক  আকস্মিক অভিযানত। জানিব পৰা মতে পৌৰ  নিগমৰ সহকাৰী আয়ুক্ত  তৃষাণু বিমল বৰা আৰু কাৰ্যবাহী বিষয়া গীতাঞ্জলী পাঠকৰ নেতৃত্বত নিগমৰ স্বাস্থ্য বিভাগৰ এটি দলে গুৱাহাটী জি  এছ ৰোডৰ বিলাসী হোটেল ডায়াৰ্চ ৰন্ধনশাল পৰিদৰ্শন কালত এই দুস্কাৰ্য ধৰা পৰে। কিয়নো ৰন্ধনশালটো ইমানেই লেতেৰা হৈ আছিল যে লেতেৰা পৰিবেশত জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি গ্ৰাহকৰ খাদ্য প্ৰস্তুত কৰি যোগান ধৰা হৈছিল। ফলত নিগমৰ দলটোৱে অস্বাস্থ্যকৰ পৰিবেশত…
Read More
৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন

৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰৰ পদত্যাগৰ দহ দিনৰ পাছত নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে অহা ৯ ছেপ্টেম্বৰত এই পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ সময়সূচী অনুসৰি ৭ আগষ্টত এই অধিসূচনা জাৰি কৰাৰ লগতে ২১ আগষ্টত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ। ২২ আগষ্টত মনোনয়নৰ তদন্ত আৰু ৯ ছেপ্টেম্বৰত ভোটগ্ৰহণ আৰু গণনা কৰা হ’ব। সংসদৰ দুয়োটা সদনৰ সদস্যৰে গঠিত এখন নিৰ্বাচনী মণ্ডলীৰ দ্বাৰা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয়। এই নিৰ্বাচন আনুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থা আৰু একক হস্তান্তৰযোগ্য ভোট পদ্ধতি ব্যৱহাৰ কৰি অনুষ্ঠিত কৰা হয়। ইয়াত ভোটাৰসকলে প্ৰাৰ্থীৰ নামৰ সন্মুখত ১, ২, ৩, ৪, ৫ আদি নম্বৰ দি নিজৰ পছন্দৰ ক্ৰম সূচায়। গোপন বেলট পেপাৰৰ জৰিয়তে ভোটদান কৰা…
Read More
ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাক মৃ*ত আখ্যা ৰাহুল গান্ধীৰ

ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাক মৃ*ত আখ্যা ৰাহুল গান্ধীৰ

বিগত ১০ দিনত তৃতীয়বাৰৰ বাবে ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগক লক্ষ্য আক্ৰমণ কৰিছে। শনিবাৰে ৰাহুল গান্ধীয়ে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাক মৃত আখ্যা দিয়ে। আমি আগন্তুক দিনত প্ৰমাণ কৰিম যে কেনেকৈ লোকসভা নিৰ্বাচনত বিসংগতি কৰিব পাৰি আৰু কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সংখ্যাগৰিষ্ঠতা অতি কম। যদি ১০-১৫খন আসনতো বিসংগতি নহ’লহেঁতেন তেন্তে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’লহেঁতেন। দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত বাৰ্ষিক আইনী সন্মিলন- ২০২৫ত এই দাবী কৰে ৰাহুল গান্ধীয়ে। ইয়াৰ পূৰ্বে ৰাহুলে ১ আগষ্টত নিৰ্বাচন আয়োগে ভোট চুৰি কৰা বুলি অভিযোগ কৰিছিল। আমাৰ হাতত এটা পৰমাণু বোমা আছে। বিস্ফোৰণ হ’লে নিৰ্বাচন আয়োগ বাচি নাথাকিব। শনিবাৰে ৰাহুলৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।…
Read More