অসম

মণিপুৰত ব্যাপক হাৰত বনাঞ্চল হ্ৰাস পোৱা সন্দৰ্ভত চৰকাৰ পৰা উত্তৰ বিচাৰিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে

মণিপুৰত ব্যাপক হাৰত বনাঞ্চল হ্ৰাস পোৱা সন্দৰ্ভত চৰকাৰ পৰা উত্তৰ বিচাৰিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মণিপুৰৰ বনাঞ্চল ব্যাপক হ্ৰাস সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা উত্তৰ বিচাৰিছে। এনজিটিয়ে সংবাদ মাধ্যমত প্ৰচাৰিত এটা বাতৰিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যিয়ে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টৰ কথা উল্লেখ কৰিছিল। বিষয়টোৰ শুনানিৰ সময়ত, এনজিটিয়ে মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা উত্তৰ বিচাৰিছে।বাতৰিটোত মন্ত্ৰীজনৰ উদ্ধৃতি দি কয় যে ৰাজ্যখনৰ বনাঞ্চল ১৯৮৭ চনত ১৭,৪৭৫ বৰ্গ কিলোমিটাৰ (বৰ্গ কিলোমিটাৰ)ৰ পৰা ২০২১ চনত ১৬,৫৯৮ বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পাইছে অৰ্থাৎ বনাঞ্চলত ৮৭৭ বৰ্গ কিলোমিটাৰ হ্ৰাস পাইছে। এনজিটিৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু বিশেষজ্ঞ সদস্য এ চেন্থিল ভেলৰ বিচাৰপীঠে বাতৰি প্ৰতিবেদনটো লক্ষ্য কৰিছিল যে…
Read More
“নিপুণ অসম” ৰ বিশেষ প্ৰশিক্ষণ

“নিপুণ অসম” ৰ বিশেষ প্ৰশিক্ষণ

৫২০ নং কেওঁটকুছি বালিকা প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে "নিপুণ অসম" ৰ অধীনত "শ্ৰেণীকোঠা পৰ্যবেক্ষণ আহিলা" অ'ৰিয়েন্টেচন অনুষ্ঠিত হয়। উক্ত অ'ৰিয়েন্টেচনত সভাপতিত্ব বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি দ্বিজেন্দ্র কুমাৰ মিশ্ৰই। বুনিয়াদী স্বাক্ষৰতা আৰু সাংখ্যিকতা জিলা প্ৰালোচক মীনাক্ষী দাস, বৰপেটা ডায়েটৰ জেবিন চুলতানা আহমেদ আৰু বৰপেটা শিক্ষা খণ্ডৰ সমল ব্যক্তি চন্দন কুমাৰ দাসে পিপিটিৰ জৰিয়তে নিৰ্ধাৰিত বিষয় সন্দৰ্ভত নিজৰ বক্তব্য সুন্দৰকৈ উপস্থাপন কৰে৷ শ্ৰেণীকোঠা পৰ্যবেক্ষণৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে আগবঢ়োৱা এপ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে কে,আৰ পি বাসৱ দত্ত দাসে। চেণ্ট্ৰেল স্কোৱেৰ ফাউণ্ডেচনৰ প্ৰ'জেক্ট মেনেজাৰ ছাবিনা লস্কৰে শ্ৰেণীকোঠা কেনেকৈ পৰ্যবেক্ষণ কৰিব লাগিব তাৰ বিষয়ে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সকলক বিতংকৈ…
Read More
বাঘমাৰাচৰত তিনিজন নিৰুদ্দেশ

বাঘমাৰাচৰত তিনিজন নিৰুদ্দেশ

চেঙা সমিষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰাচৰত সোমবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে নিশাৰ পৰা নিৰুদ্দেশ হৈ আছে একেটা পৰিয়ালৰ তিনিজনকৈ লোক | গাঁওখনৰ কাদেৰ আলী,তেওঁৰ পত্নী জবেদা খাতুন আৰু তেওঁলোকৰ ১২ বছৰীয়া পুত্ৰ সন্তান জুবাইৰ আহমেদ নিৰুদ্দেশ হৈ আছে৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আলোপতি চৰ আৰক্ষী থানাত অৱগত কৰোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷একেটা পৰিয়ালৰে তিনি জনকৈ লোক নিৰুদ্দেশ হোৱা ঘটনাই বৃহত্তৰ বাঘমাৰচৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কি কাৰণত এটা পৰিয়ালৰ তিনিজন ব্যক্তি নিৰুদ্দেশ হৈ আছে,সেয়া এতিয়াও পোহৰলৈ অহা সমগ্ৰ ঘটনাটো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷এতিয়া আৰক্ষীয়ে তদন্ত কৰি ঘটনাৰ প্ৰকৃত…
Read More
চিবিএছইৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৯৩.৬০ শতাংশ, দ্বাদশ শ্ৰেণীৰ ৮৭.৯৮ শতাংশ

চিবিএছইৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৯৩.৬০ শতাংশ, দ্বাদশ শ্ৰেণীৰ ৮৭.৯৮ শতাংশ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছই) এ সোমবাৰে দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এইবাৰো উত্তীৰ্ণৰ শতাংশৰ ক্ষেত্ৰত ছাত্ৰীয়ে আকৌ এবাৰ ছাত্ৰক অতিক্ৰম কৰে। একে সময়তে, যোৱা বছৰৰ তুলনাত ৯০ আৰু ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা সামান্য বৃদ্ধি পাইছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰা ফলাফলত দশম শ্ৰেণীৰ উত্তীৰ্ণৰ শতাংশ যোৱা বছৰৰ তুলনাত ০.৪৮ শতাংশ বৃদ্ধি হৈ ৯৩.৬০ শতাংশলৈ উন্নীত হৈছে। একেদৰে, দ্বাদশ শ্ৰেণীত, ৮৭.৯৮ শতাংশ শিক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছিল, যি যোৱা বছৰৰ তুলনাত ০.৬৫ শতাংশ অধিক। দশম শ্ৰেণীৰ ফলাফলত, ৯৪.৭৫ শতাংশ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ছাত্ৰৰ তুলনাত ২.০৪ শতাংশ অধিক ছাত্ৰী উত্তীৰ্ণ হয়।…
Read More
ড০ বীৰুবালা ৰাভাক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক:  বহুবাক

ড০ বীৰুবালা ৰাভাক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক:  বহুবাক

পদ্মশ্ৰী প্ৰাপক ড০ বীৰুবালা ৰাভা আজি দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাত ৰাজ্যৰ ভিন-ভিন দল-সংগঠনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।সংবাদ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- "ড০ বীৰুবালা ৰাভা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰে সম্পদ নহয়, সমগ্ৰ ভাৰতৰে সম্পদ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে ড০ বীৰুবালা ৰাভাৰ উন্নত চিকিৎসাৰ বাবে যথোপযুক্ত ব্যৱস্থা কৰিব লাগে । এইয়া আমাৰ অনুৰোধ নহয়, দাবী ।" ড০ বীৰুবালা ৰাভাক অসম চৰকাৰে ক্ষীপ্ৰতাৰে ৰাজ্যৰ বাহিৰলৈ নি হ'লেও উন্নত চিকিৎসাৰ সু ব্যৱস্থা কৰিবৰ বাবে নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ…
Read More
শিমলীতোলাত বনৰীয়া হাতীৰ তাণ্ডৱ

শিমলীতোলাত বনৰীয়া হাতীৰ তাণ্ডৱ

দীৰ্ঘ দিনৰে পৰা গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন শিমলীতোলা,কানকাটা,আৰিকাটি,কাণকাটা আদি অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই ঘৰবাৰী লণ্ডভণ্ড কৰাৰ লগতে খেতিবাতি খাই তহিলং কৰাটো এক সচাৰচাৰ ঘটনাত পৰিণত হৈছে৷ কালি নিশা জিলাখনৰ দুধনৈ সমিষ্টিৰ অন্তৰ্গত শিমলীতোলা চাহ বাগান এলেকাৰ বিভিন্ন ঠাইত ৩৫/৪০ জনীয়া বনৰীয়া হাতীৰ জাক এটাই তাণ্ডব চলাই প্ৰায় ৭ বিঘা মান ইৰি ধানৰ খেতি খাই তহলিং কৰে৷বিগত সময়ৰ দৰেই এই বছৰত যোৱা ছয় সাতদিন ধৰি হাতীৰ জাকটোৱে ইয়াৰে বিভিন্ন স্থানত ধান খেতি খাই তহিলং কৰাত সৰ্বসান্ত কৰি পেলাইছে অঞ্চলবাসী কৃষক ৰাইজক৷ এতিয়া হাতীৰ উপদ্ৰবত ৰাইজ আতংকিত হৈ নিশা ওজাগৰে কটাবলগীয়া হৈছে অঞ্চলবাসী ৰাইজ৷ এনে ক্ষেত্ৰত জিলা বন…
Read More
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত কলা শাখাত শীৰ্ষত জিলিকিল বাক্সা, বিজ্ঞানত তামুলপুৰ, বাণিজ্যত শিৱসাগৰ জিলা

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত কলা শাখাত শীৰ্ষত জিলিকিল বাক্সা, বিজ্ঞানত তামুলপুৰ, বাণিজ্যত শিৱসাগৰ জিলা

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটোৱাই আজি পুৱা ৯ বজাত ঘোষণা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ব্যতিক্ৰমভাৱে এইবাৰ ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। কিয়নো পূৰ্বৰ পৰম্পৰা ভংগ কৰি প্ৰথমবাৰৰ বাবে এইবাৰৰ ফলাফলত নাথাকে কোনো শীৰ্ষ স্থান। আজি ঘোষিত ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বিগত বৰ্ষত কলা শাখাত উত্তীৰ্ণ হাৰ আছিল ৭০.১২ শতাংশ। অৰ্থাৎ বিগত বৰ্ষৰ তুলনা এইবাৰ উত্তীৰ্ণ হাৰ বহু বেছি। আনহাতে, বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। বিগত বৰ্ষত বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ আছিল ৮৪.৯৬ শতাংশ। একেদৰে বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ৮৭.৮০ শতাংশ ছাত্ৰ-ছাত্ৰী। বিগত বৰ্ষত বাণিজ্য শাখাত উত্তীৰ্ণ হাৰ আছিল…
Read More
৬৫ বছৰত ভাৰতত মুছলমান জনসংখ্যাৰ ৪৩.১৫ শতাংশ বৃদ্ধি

৬৫ বছৰত ভাৰতত মুছলমান জনসংখ্যাৰ ৪৩.১৫ শতাংশ বৃদ্ধি

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদে (ইএছপি-পিএম) এখন প্ৰতিবেদন প্ৰকাশ কৰিছে, যাৰ অনুসৰি ভাৰতত ধৰ্মীয় সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অংশ ১৯৫০ চনৰ পৰা ২০১৫চনলৈ ৭.৮১ শতাংশ হ্ৰাস পাইছে। একে সময়তে মুছলমান জনসংখ্যাৰ অংশ ৪৩.১৫ শতাংশ বৃদ্ধি পাইছে। বিশ্লেষণ কৰা অনুসৰি ১৬৭ খন দেশৰ ভিতৰত, ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ অংশ হ্ৰাস হোৱাৰ ক্ষেত্ৰত কেৱল ম্যানমাৰহে ভাৰততকৈ আগবাঢ়ি আছে। ম্যানমাৰত ধৰ্মীয় সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অংশ ১০ শতাংশ হ্ৰাস পাইছে। ১৯৫০ আৰু ২০১৫ চনৰ ভিতৰত, ভাৰতত ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ৭.৮১ শতাংশ হ্ৰাস পাইছে। ইয়াৰ সংখ্যা ৮৪.৬৮ শতাংশৰ পৰা ৭৮.০৬ শতাংশলৈ হ্ৰাস পাইছে। ভাৰতত, ১৯৫০ চনত মুছলমান জনসংখ্যাৰ অংশ আছিল ৯.৮৪ শতাংশ, যি ২০১৫ চনত ১৪.০৯ শতাংশলৈ বৃদ্ধি হৈছে, অৰ্থাৎ মুছলমান…
Read More
‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি

‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰাজ্যিক মুখ্য কাৰ্যালয়, মালিগাঁৱৰ ভাৰত স্কাউট আৰু গাইডৰ  উদ্যোগত গ্ল'বেল এডভেঞ্চাৰ এছ'চিয়েচনৰ  সহযোগত পৰিচালিত পাঁচদিনীয়া 'ৰাজ্যিক পৰ্যায়ৰ  দু:সাহসিক তথা ট্ৰেকিং কেম্প', অসমৰ সামৰণি পৰে । ২৫ এপ্ৰিলত মালিগাঁৱৰ 'ভাৰত স্কাউট আৰু গাইডৰ' ৰাজ্যিক কাৰ্যালয়ত এই কাৰ্যসূচী উদ্বোধন কৰে এন এফ ৰেলৱেৰ  মুখ্য পাৰ্চনেল বিষয়া শশাংক শৰ্মা , গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড কমিচনাৰ অৰূপ ডেকা আৰু প্ৰথম অসমীয়া এভাৰেষ্টাৰ তৰুণ শইকীয়াই । অনুষ্ঠানত উপস্থিত থাকে এন এফ ৰেলৱেৰ বিষয়া  চি এছ পণ্ডিত,  এ কে বৈশ্য আৰু  খগেশ দাস । এই শিবিৰত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ৰভাৰ আৰু ৰেঞ্জাৰ মিলি মুঠ ১২০ গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ লয়। কাৰ্যসূচীৰ সময়ছোৱাত…
Read More
হাজোৰ খেলুৱৈৰ ব্লেক বেল্ট অৰ্জন

হাজোৰ খেলুৱৈৰ ব্লেক বেল্ট অৰ্জন

ইউনিৰ্ভাচেল কাৰাটে ড' ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ অসম শাখাৰ অধীনত ব্লেক বেল্টৰ পৰীক্ষা হাজো পাখামেলাস্থিত বহ্নিমান কাৰাটে একাডেমীত অনুষ্ঠিত হৈ যায়। এই পৰীক্ষাত কৃষ্ণজিনা মালাকৰ, উষাহ বিশ্বাসী, পৰিস্মিতা কলিতা, যুগল কুমাৰ, কৃষাঙ্গ কাশ্যপ দাস, কৃপাল কুমাৰ দাস, চিন্ময় কলিতা, নিবিড় মালাকৰ আৰু জ্যোতিৰ্ময় কলিতাই ব্লেক বেল্ট প্ৰথম ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। প্ৰশিক্ষক দিপাংকৰ মজুমদাৰৰ তত্বাৱধানত অনুষ্ঠিত ব্লেক বেল্টৰ পৰীক্ষাত পৰীক্ষক হিচাপে উপস্থিতি থাকে সদৌ অসম কাৰাটে সন্থাৰ ৰেফাৰী কমিছনৰ সম্পাদক চিহান দিপক জৈন।
Read More