অসম

অহা ২২ জুনৰ পৰা অনুষ্ঠিত হ’ব মা কামাখ্যা ধামৰ অম্বুবাচী মেলা…

অহা ২২ জুনৰ পৰা অনুষ্ঠিত হ’ব মা কামাখ্যা ধামৰ অম্বুবাচী মেলা…

২০২৩ চনৰ ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব মা কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা। এই মেলা সুচাৰুৰূপে চলিব পৰাকৈ কামৰূপ মেট্ৰ’ উপ আয়ুক্তৰ কনফাৰেন্স হলত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা প্ৰশাসন, অসম আৰক্ষীৰ শীৰ্ষ বিষয়া, পুৰোহিত, কামাখ্যা দেৱালয়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে। কামৰূপ (ম)ৰ এডিচি ধ্ৰুৱজ্যোতি হাজৰিকাই উল্লেখ কৰে যে জিলা প্ৰশাসনে সকলো বিভাগ আৰু কামাখ্যা দেৱালয়ৰ সৈতে সমন্বয় কৰি চলিত বৰ্ষত অসুবিধামুক্ত ‘অম্বুবাচী মেলা’ সুনিশ্চিত কৰিব। এডিচিৰ মতে, যোৱা বছৰ ভক্ত শিবিৰৰ সংখ্যা তিনিটাৰ পৰা পাঁচটালৈ বৃদ্ধি পাইছে যদিও জিলা প্ৰশাসনে এই বছৰ ইয়াক আৰু অধিক বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। বৈঠকৰ সময়ত গুৱাহাটী পৌৰ নিগমক পাঁচদিনীয়া ‘অম্বুবাচী মেলা’ৰ সময়ত…
Read More
বেলতলাত ভয়ংকৰ বাইক দুৰ্ঘটনাত নিহত ২ যুৱক

বেলতলাত ভয়ংকৰ বাইক দুৰ্ঘটনাত নিহত ২ যুৱক

শনিবাৰে পুৱা গুৱাহাটীৰ বেলতলা অঞ্চলত সংঘটিত এক শোকাবহ বাইক দুৰ্ঘটনাত মৃত্যু ঘটে দুজন যুৱকৰ। নিহত যুৱক দুজনক ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ অয়ন দাস আৰু বিশাল দাস বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে,, পিছফালৰ পৰা এখন দ্ৰুতবেগী বাহনে খুন্দা মৰাৰ ফলত বাইক আৰোহী দুজনক থিতাতে মৃত্যু হয়। সম্প্ৰতি মৃত যুৱক দুজনৰ মৃতদেহ পৰৱৰ্তী কাৰ্য্যবিধিৰ বাবে জিএনআৰচি চিকিৎসালয়ত ৰখা হৈছে। ইয়াৰ পূৰ্বে আজি অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত কাজিৰঙাত সংঘটিত পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়। হালধিবাৰী অঞ্চলৰ সমীপৱৰ্তী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই দুৰ্ঘটনাৰ খবৰ।
Read More
প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত অসমত সম্পূৰ্ণ ১০ লাখ ঘৰৰ নিৰ্মাণকাৰ্যঃ ৰঞ্জিত দাস

প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত অসমত সম্পূৰ্ণ ১০ লাখ ঘৰৰ নিৰ্মাণকাৰ্যঃ ৰঞ্জিত দাস

অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গুৰুবাৰে প্ৰকাশ কৰা মতে, ২০১৬ চনৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১০,০২,৯৩৫ টা গৃহ নিৰ্মাণৰ কাম অসমত সম্পূৰ্ণ হৈছে। দেশৰ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ লোকসকলক পকী ঘৰ প্ৰদান কৰাৰ লক্ষ্যত চৰকাৰ অটল বুলিও মন্তব্য কৰে দাসে। মন্ত্ৰী দাসে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপ আৰু অসমত আঁচনিখন দ্ৰুত ৰূপায়ণৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলকো ধন্যবাদ জ্ঞাপন কৰে। অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামিন)ৰ পৰিসংখ্যা অনুসৰি ২০১৬ চনৰ পৰা ২০২১ৰ মে’লৈ ৪,০৪,৩০৪টা ঘৰ নিৰ্মাণ কৰা হৈছে, আৰু মে’ ১০, ২০২১ৰ পৰা ২০২৩ৰ এপ্ৰিলৰ ২৬ তাৰিখলৈ ৫,৯৮,৬২৭টা ঘৰ নিৰ্মাণ…
Read More
IYCৰ সভাপতি শ্ৰীনিৱাসৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ…

IYCৰ সভাপতি শ্ৰীনিৱাসৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ…

ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ কেছ ডায়েৰী ২ মে’ৰ ভিতৰত দাখিল কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। তদুপৰি, শ্ৰীনিবাসে অসম কংগ্ৰেছৰ প্ৰাক্তন যুৱ সভানেত্ৰী অংকিতা দত্তই তেওঁৰ বিৰুদ্ধে দাখিল কৰা গোচৰটো বাতিল কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। ৰাজ্যৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা দেৱজিৎ লন শইকীয়াই কয় যে, “তেওঁলোকে (শ্ৰীনিবাস বিভি) এফআইআৰ বাতিলৰ বাবে আবেদন দাখিল কৰিছিল, অৱশ্যে আদালতে ২ মে’ত বিষয়টোৰ ৰায় সংৰক্ষিত কৰি ৰাখে। ইয়াৰ উপৰিও লন শইকীয়াই লগতে কয় যে আই ৱাই চিৰ সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ওপৰত গৌহাটী উচ্চ ন্যায়ালয়ে আৰক্ষীক গোচৰটো ডায়েৰী প্ৰদান কৰিবলৈ কয়। যোৱা ২৫…
Read More
১ হাজাৰ টকাৰ ঘোচ লোৱাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে নিলম্বন বঙালমৰা আৰক্ষী থানাৰ IC তৰুণ বড়োক…

১ হাজাৰ টকাৰ ঘোচ লোৱাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে নিলম্বন বঙালমৰা আৰক্ষী থানাৰ IC তৰুণ বড়োক…

ঘোচ লোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে নিলম্বন কৰা হ’ল লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ বড়োক। আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে লখিমপুৰৰ আৰক্ষী অধীক্ষকক ঘোচখোৰ আৰক্ষী বিষয়াগৰাকীক নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে। সমন্তৰালভাৱে এই উৎকোচ কাণ্ডৰ তদন্তৰো নিৰ্দেশ দিয়ে ডিজিপিয়ে। উল্লেখ্য যে, কোনো বিষয়ত গোচৰ দিবলৈ অহা এজন লোকৰ পৰা ১০০০ টকাৰ উৎকোচ লৈছিল আইচি তৰুণ বড়োৱে। গোপনে প্ৰস্তুত কৰা এই উৎকোচ কাণ্ডৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।
Read More
কাছাৰত প্ৰায় ৪ কোটি মূল্যৰ বাৰ্মিজ চুপাৰী জব্দ

কাছাৰত প্ৰায় ৪ কোটি মূল্যৰ বাৰ্মিজ চুপাৰী জব্দ

কাছাৰ আৰক্ষীয়ে সোমবাৰে দিগৰখালত ৭খন ট্ৰাকৰ পৰা প্ৰায় ৪ কোটি টকাৰ ১৮০০ বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰে। আনহাতে নিষিদ্ধ সামগ্ৰীৰ অবৈধ পৰিবহণৰ লগত জড়িত ৯ জন লোকক আটক কৰিছে আৰক্ষীয়ে। ধৃত লোককেইজন হৈছে ট্ৰাকসমূহৰ চালক আৰু হেণ্ডিমেন। বৰ্তমান তেওঁলোকক সোধা-পোছাৰ বাবে জিম্মাত লোৱা হৈছে। মিজোৰাম অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে ট্ৰাক কেইখন। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে এই নিষিদ্ধ সামগ্ৰীসমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিতৰণৰ বাবে আছিল।
Read More
দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন…

দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন…

সোমবাৰে সংগীতানুষ্ঠানৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন। নলবাৰীত সংগীতানুষ্ঠানৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকাৰ সময়ত নগাঁৱৰ চামগুৰিত দুৰ্ঘটনাত পতিত কণ্ঠশিল্পীগৰাকী। এখন টেম্প’ৰ সৈতে চুতীয়াৰ ইন’ভা বাহনৰ সংঘৰ্ষত সামান্য পৰিমানে আহত হয় কণ্ঠশিল্পীগৰাকী। দুৰ্ঘটনাটোত কৃষ্ণমণি চুতীয়াৰ বাহন চালকৰ লগতে টেম্প’খনৰ চালকজনো আহত হয়।
Read More
মহানগৰীত ফটো সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ দলৰ…

মহানগৰীত ফটো সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ দলৰ…

গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা। এগৰাকী ফটো সাংবাদিকক পুৱতি নিশা আক্ৰমণ সুৰাসক্ত দুস্কৃতিকাৰীৰ। বাতৰি অনুসৰি গুৱাহাটীৰ জি এছ ৰোডৰ ছিলভাৰ স্কোৱাৰ বিল্ডিঙৰ সমীপত এই ঘটনা সংঘটিত হয়। পুৱতি নিশা সুৰাপায়ী ৩ জনীয়া দুস্কৃতিকাৰীৰ এটা দলে আক্ৰমণ কৰে বিমল দাস নামৰ এগৰাকী ফটো সাংবাদিকক। আনহাতে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে দুস্কৃতিকাৰীয়ে। ইফালে এই গোচৰ সন্দৰ্ভত দিছপুৰ থানাত ৰুজু হৈছে এক গোচৰ। আৰক্ষীয়ে AS01-DU8803 নম্বৰৰ এখন বাহন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।
Read More
কংগ্ৰেছৰ পৰা নিলম্বনৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া অংকিতা দত্তৰ, ক’লে- ‘মই বিজেপিত যোগদান নকৰো’

কংগ্ৰেছৰ পৰা নিলম্বনৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া অংকিতা দত্তৰ, ক’লে- ‘মই বিজেপিত যোগদান নকৰো’

নিলম্বিত কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই সোমবাৰে সংবাদমেল সম্বোধন কৰি যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভি তেওঁৰ বিৰুদ্ধে তেওঁৰ হাৰাশাস্তিৰ অভিযোগ সঁচা বুলি উল্লেখ কৰে। শ্ৰীনিবাস বিভিৰ ট্ৰল আৰ্মীয়ে তেওঁৰ ভাবমূৰ্তিক অপমান কৰাৰ চেষ্টা কৰাৰ পিছতো তেওঁ বিজেপিত যোগদান নকৰে বুলিও স্পষ্ট কৰে। দত্তই দলীয় নেতৃত্বৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাত হতাশা প্ৰকাশ কৰে, আৰু ৰাজনীতিত মহিলাসকলৰ সুৰক্ষা আৰু সমৰ্থনৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। দত্তই উল্লেখ কৰে যে তেওঁ শ্ৰীনিবাস বিভিৰ হাৰাশাস্তিৰ বিষয়টো কংগ্ৰেছৰ শীৰ্ষ নেতাৰ আগত উত্থাপন কৰিছিল যদিও তেওঁৰ অভিযোগক আওকাণ কৰা হৈছিল। শ্ৰীনিবাস বিভিয়ে ক’ভিড-১৯ মহামাৰীৰ সময়ত জনসংযোগৰ ষ্টাণ্ট হিচাপে “মচীহা” বুলি ভুৱা ভাবমূৰ্তি সৃষ্টি কৰাৰ অভিযোগ উত্থাপন…
Read More
অসম আৰক্ষীত বৃহৎ ৰদবদলঃ কাছাৰত ৩০ গৰাকী উপ-পৰিদৰ্শকক বদলি…

অসম আৰক্ষীত বৃহৎ ৰদবদলঃ কাছাৰত ৩০ গৰাকী উপ-পৰিদৰ্শকক বদলি…

অসম আৰক্ষীত বৃহৎ ৰদবদল। কাছাৰ জিলাত ৩০গৰাকী উপ-পৰিদৰ্শকক বদলি। খবৰ অনুসৰি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ৩০ জন উপ-পৰিদৰ্শকক বদলি কৰা হয়। তদুপৰি তেওঁলোকক ২৪ ঘণ্টাৰ ভিতৰত নতুন ভূমিকাত যোগদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। কাছাৰৰ আৰক্ষী অধীক্ষক নুমল মহত্তই এই নিৰ্দেশ প্ৰেৰণ কৰে। চলিত মাহৰ আৰম্ভণিতে অসম চৰকাৰৰ গৃহ (ক) বিভাগে ১৮ এপ্ৰিলত ৰাজ্যৰ আৰক্ষী বিভাগত বৃহৎ সালসলনি কৰিছিল, য’ত বিভিন্ন আৰক্ষী বিষয়াক বদলি কৰা হৈছিল। অসম চৰকাৰৰ গৃহ (ক) বিভাগে যোৱা ১৮ এপ্ৰিলত ৰাজ্যৰ আৰক্ষী বিভাগত বৃহৎ সালসলনি কৰি বিভিন্ন আৰক্ষী বিষয়াক বদলি কৰে। তলত বদলি আৰু নতুন ভূমিকা আবণ্টিত বিষয়াসকলৰ তালিকা দিয়া হৈছে: ১) কাকলি পাটগিৰি, এ পি এছ (প্ৰ’বি)…
Read More