অসম

কাইলৈ ঘোষণা কৰা হ’ব ৰাজ্যৰ তৃতীয় বৰ্গৰ চাকৰিৰ ফলাফল…

কাইলৈ ঘোষণা কৰা হ’ব ৰাজ্যৰ তৃতীয় বৰ্গৰ চাকৰিৰ ফলাফল…

কৰ্ণাটকৰ নিৰ্বাচনৰ বাবে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাই থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি টুইটযোগে ঘোষণা কৰে যে কাইলৈ ঘোষণা কৰা হ’ব তৃতীয়বৰ্গৰ চাকৰিৰ ফলাফল। এই ফলাফল পুৱা ১১ বজাত ঘোষণা কৰা হ’ব বুলি টুইটত লগতে প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। এই ফলাফল ১১,৫১০টা পদৰ বাবে ঘোষণা কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে টুইটত উল্লেখ কৰে ৰাজ্য চৰকাৰে ১ লাখ নিযুক্তিৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশে অগ্ৰসৰ হৈছে। প্ৰতিশ্ৰুতি অনুসৰি মে’ মাহতে তেওঁ এই লক্ষ্য পূৰণৰ কথা কৈছিল। উল্লেখ্য, ৰাজ্যত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে আৰক্ষী, বনৰক্ষী, শিক্ষানুষ্ঠান আদিত ৫১,৩৯৭টা পদত নিযুক্তি প্ৰদানৰ বাবে সাজু হোৱা চৰকাৰে শীঘ্ৰে তালিকা প্ৰকাশ কৰিব।
Read More
ডুমডুমাৰ চাউমিন ফেক্টৰীত বিধ্বংসী অগ্নিকাণ্ড, কণমানি আৰু যুৱতীৰ মৃত্যু

ডুমডুমাৰ চাউমিন ফেক্টৰীত বিধ্বংসী অগ্নিকাণ্ড, কণমানি আৰু যুৱতীৰ মৃত্যু

ডুমডুমাৰ তালাপ বালিবজাৰত সংঘটিত অগ্নিকাণ্ডত মৃত্যু দুজনৰ। তালাপ বালিবজাৰ টাউন ফিল্ডৰ সমীপত থকা চাউমিন প্ৰস্তুত কৰা এটা ক্ষুদ্ৰ ফেক্টৰীত সোমবাৰে সংঘটিত হৈছিল অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত এগৰাকী কণমানিসহ দুগৰাকী যুৱতী কৰ্মচাৰী অগ্নিদগ্ধ হৈছিল। অগ্নিদগ্ধ কণমানিগৰাকী ফেক্টৰীটোৰ স্বত্বাধিকাৰী মহন চৌধুৰীৰ কন্যা আয়ুষী চৌধুৰী। কণমানি আয়ুষীৰ লগতে আন এগৰাকী যুৱতী কৰ্মচাৰীৰ মৃত্যু হয়। মৃত্যু হোৱা যুৱতী কৰ্মচাৰীগৰাকী বালিজান লাইনৰ ৰীতা কুমাৰী শ্বাহ বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল আটাইকেইগৰাকী। উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ তালাপ বালিবজাৰ টাউন ফিল্ডৰ সমীপৰ চাউমিন প্ৰস্তুত কৰা এটা ক্ষুদ্ৰ ফেক্টৰীত সংঘটিত হৈছিল অগ্নিকাণ্ড। মহন চৌধুৰী নামৰ ব্যৱসায়ীজনৰ ‘কৃষ্ণা ফুড ফেক্টৰী’ নামৰ চাউমিন প্ৰস্তুত…
Read More
দৰঙা ফিল্ড ফায়াৰিং ৰেঞ্জত বিস্ফোৰণ ঘটি নিহত সেনা জোৱানৰ

দৰঙা ফিল্ড ফায়াৰিং ৰেঞ্জত বিস্ফোৰণ ঘটি নিহত সেনা জোৱানৰ

সোমবাৰে ভাৰতীয় সেনাৰ এজন জোৱান চিএফএন সন্দীপ কুমাৰে ৰেঞ্জত চকীদাৰ কৰ্তব্যৰত অৱস্থাত বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত দৰঙা ফিল্ড ফায়াৰিং ৰেঞ্জত প্ৰাণ হেৰুৱায়। বিস্ফোৰণৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয় আৰু ৰেঞ্জত উপলব্ধ ৰেজিমেণ্টৰ চিকিৎসা বিষয়াই তেওঁক থিতাতে তাৎক্ষণিক চিকিৎসা সাহায্য প্ৰদান কৰে। পৰৱৰ্তী সময়ত তেওঁক বিমানেৰে গুৱাহাটীৰ বেছ হাস্পতাললৈ লৈ যোৱা হয়, য’ত তেওঁ আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়। চিএফএন সন্দীপ কুমাৰ হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ আৰু ইহসংসাৰত পত্নী আৰু এবছৰীয়া পুত্ৰক এৰি থৈ যায়। এই ঘটনাত প্ৰাণ হেৰুওৱা জোৱানজনৰ শোকসন্তপ্ত পৰিয়ালৰ সৈতে ভাৰতীয় সেনাই শোক প্ৰকাশ কৰাৰ লগতে দৃঢ়তাৰে থিয় দিছে। এই ঘটনাৰ তথ্য জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
Read More
আৰক্ষী আৰু ৰাইজৰ ঘনিষ্ঠ সহযোগিতাৰ বাবে মুকলি কৰা হ’ল অসম আৰক্ষীৰ ইউটিউব চেনেল…

আৰক্ষী আৰু ৰাইজৰ ঘনিষ্ঠ সহযোগিতাৰ বাবে মুকলি কৰা হ’ল অসম আৰক্ষীৰ ইউটিউব চেনেল…

দেওবাৰে অসম আৰক্ষীয়ে ‘অসম পুলিচ চেনেল’ শীৰ্ষক অফিচিয়েল ইউটিউব চেনেল মুকলি কৰে। গুৱাহাটীৰ উলুবাৰীৰ অসম আৰক্ষী মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত বহু জ্যেষ্ঠ বিষয়া আৰু তেওঁলোকৰ পৰিয়ালৰ উপস্থিতিত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই চেনেলটো মুকলি কৰে। ইউটিউব চেনেলটোৱে ৰাইজ আৰু অসম আৰক্ষীৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ সুবিধাৰ বাবে আন্তঃপৃষ্ঠ হিচাপে কাম কৰিব। অনুষ্ঠানত অসম আৰক্ষীৰ লোক অৰ্কেষ্ট্ৰাৰ উন্মোচনৰ লগতে জালুকবাৰী আউটপোষ্টৰ ইউ বি চি লংকেশ্বৰ কলিতাক এজন ল’ৰাৰ জীৱন ৰক্ষাৰ নিস্বাৰ্থ আৰু সাহসী কাৰ্য্যৰ বাবে প্ৰশংসা ৰূপৰ পদক প্ৰদান কৰা হয়। এই উপলক্ষে ভাষণ দি ডিজিপি জিপি সিঙে উল্লেখ কৰে যে অসম আৰক্ষীৰ লক্ষ্য ৰাজ্যৰ নাগৰিকৰ সৈতে বন্ধন…
Read More
ৰাজ্যৰ প্ৰতিটো সমষ্টিতে স্থাপন কৰা হ’ব উপায়ুক্ত কাৰ্যালয়ঃ ঘোষণা মুখ্যমন্ত্ৰীৰ…

ৰাজ্যৰ প্ৰতিটো সমষ্টিতে স্থাপন কৰা হ’ব উপায়ুক্ত কাৰ্যালয়ঃ ঘোষণা মুখ্যমন্ত্ৰীৰ…

জিলাখনৰ পৰা সমষ্টি পৰ্যায়লৈ কৰ্তৃত্ব বিকেন্দ্ৰীকৰণ কৰি উপায়ুক্তসকলক লৌকিক কামৰ পৰা সকাহ দিয়াৰ স্বাৰ্থত অসম চৰকাৰে নিজৰ প্ৰশাসনিক গাঁথনি পুনৰ সংগঠিত কৰাৰ কথা চিন্তা কৰিছে। অসমত ৩১খন প্ৰশাসনিক জিলা আৰু ১২৬টা বিধানসভা সমষ্টি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, ৰাজ্য চৰকাৰে ১২৬টা সমষ্টিতে ‘উপায়ুক্ত কাৰ্যালয় স্থাপনৰ দিশত কাম কৰি আছে। অসম চৰকাৰে জিলা পৰ্যায়ৰ পৰা সমষ্টি পৰ্যায়লৈ ক্ষমতা বিকেন্দ্ৰীকৰণ কৰি উপায়ুক্তসকলক নিয়মীয়া কামৰ পৰা মুক্ত কৰিবলৈ নিজৰ প্ৰশাসনিক চেটআপ পুনৰ কাম কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে। ‘অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ আটাইকেইটাতে উপায়ুক্ত কাৰ্যালয় থাকিব আৰু প্ৰত্যেকৰে অতিৰিক্ত উপা য়ুক্ত থাকিব। আৰু সকলো কাম তেওঁলোকে কৰিব। কোনো কামৰ বাবে জিলা সদৰলৈ মানুহ…
Read More
গুৱাহাটী-ডিব্ৰুগড়ৰ মাজত বিমান সেৱাৰ শুভাৰম্ভ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ…

গুৱাহাটী-ডিব্ৰুগড়ৰ মাজত বিমান সেৱাৰ শুভাৰম্ভ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ…

আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটীৰ মাজত প্ৰথমখন ফ্লাইবিগ ফ্লাইট সেৱাৰ ফ্লেগ অফ কৰে, য’ত আজি ৬৪জন যাত্ৰীক লৈ আৰম্ভ হয় বিমান যাত্ৰা। গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী-শিলচৰ-গুৱাহাটীৰ মাজত চলিব ফ্লাইবিগ বিমান সেৱা। এটিডিচিএলে ভিজিএফ ফাণ্ডিঙৰ জৰিয়তে ফ্লাইবিগক সহায় কৰিব আৰু দুয়োটা খণ্ডতে বিমান সেৱাৰ সাপ্তাহিক পৰিচালনা দুয়োটা পক্ষই পাৰস্পৰিকভাৱে সিদ্ধান্ত ল’ব।
Read More
ডিব্ৰুগড় বগীবিলত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী ২ যুৱক

ডিব্ৰুগড় বগীবিলত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী ২ যুৱক

ডিব্ৰুগড় বগীবিল ৫২(B) ৰাষ্ট্ৰীয় ঘাই পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। AS-01-FD-2578 নম্বৰৰ Creta বাহন আৰু AS-06-AA-0967 নম্বৰৰ গ্লেমাৰ বাইকৰ লগত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাত পতিত হোৱা বাইক খনত দুজন আৰোহীৰ আছিল। দুৰ্ঘটনাটোৰ ফলত এজন থিতাতে নিহত হয় আৰু আনজন চিকিৎসালয়ত মৃত্যু হয়। জানিব পৰা মতে বগীবিল ১নং চৰাইহাবি গাঁৱত বিহু সন্মিলন চাই ঘৰলৈ উভতি আহোঁতে দুৰ্ঘটনাত পতিত হয় ভৱৰাম দাস (৩৫)আৰু মংগলাল দাস (৩১)নামৰ দুই বাইক আৰোহীৰ। নিহত দুই বাইক আৰোহীৰ ঘৰ জকাই বন কৈৱৰ্ত গাঁৱত বুলি জানিব পৰা গৈছে।
Read More
গোগামুখত অবৈধ অস্ত্ৰ-শস্ত্ৰসহ এজনক আটক…

গোগামুখত অবৈধ অস্ত্ৰ-শস্ত্ৰসহ এজনক আটক…

দেওবাৰে গোগামুখত অবৈধ অস্ত্ৰ-শস্ত্ৰসহ এজন লোকক আটক কৰা হৈছে। স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে ব্যক্তিজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত ব্যক্তিজনৰ নাম আমিনুল ইছলাম। সূত্ৰ অনুসৰি আমিনুলক অৰুণাচল প্ৰদেশৰ পৰা চিলাপথাৰলৈ গৈ থকা অৱস্থাত আটক কৰা হয়। বাছৰ পৰা নামি আন এখন বাছত উঠি চিলাপথাৰ অভিমুখে যাওঁতে তেওঁক আটক কৰা বুলি জানিব পৰা গৈছে। ধৃত ব্যক্তিজনৰ হাতত এটা এছ বি বি এল ৰাইফল উদ্ধাৰ কৰা হৈছে। লখিমপুৰৰ নাওবৈচাৰ পৰা ৰাইফলটো স্থানান্তৰ কৰাৰ কথা আছিল।
Read More
গোসাঁইগাঁৱত বিস্ফোৰকসহ কে এল অ’ (কে এন)ৰ ২ কেডাৰক আটক

গোসাঁইগাঁৱত বিস্ফোৰকসহ কে এল অ’ (কে এন)ৰ ২ কেডাৰক আটক

অসম আৰক্ষীয়ে শুকুৰবাৰে নিশা গোসাঁইগাঁৱত আই ই ডি বিস্ফোৰকসহ দুজন কে এল অ’ (কে এন) কেডাৰক আটক কৰে। খবৰ অনুসৰি, গুৰুফেলা অঞ্চলৰ হাতীগড় গাঁৱত গোসাঁইগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত উক্ত কে এল অ’ (কে এন)ৰ কেডাৰ কেইজনক পুৱা প্ৰায় ২ বজাত আটক কৰা হৈছে। ধৃত যুটিটোৰ নাম বিপুল ৰায় আৰু উত্তম ৰায়। ইয়াৰ উপৰিও আৰক্ষীয়ে আই ই ডি বিস্ফোৰক, ৱাকি-টকি আৰু হিচাপহীন নগদ ধন উদ্ধাৰ কৰিছে। কে এল অ’ (কে এন)ৰ কেডাৰে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধন দাবী কৰাৰ তথ্য লাভ কৰাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰ্তমান কে এল অ’ (কে এন)ৰ দুয়োজন কেডাৰ গোসাইগাঁও আৰক্ষীৰ জিম্মাত আছে।
Read More
যৌতুকৰ বাবে মহিলাক গছত বান্ধি নিৰ্মম শাস্তি স্বামীগৃহৰ, চাঞ্চল্য…

যৌতুকৰ বাবে মহিলাক গছত বান্ধি নিৰ্মম শাস্তি স্বামীগৃহৰ, চাঞ্চল্য…

লখিমপুৰত জঘন্য কাণ্ড। যৌতুকৰ বাবেই এগৰাকী মহিলাক গছত বান্ধি তালিবানী শাস্তি দিয়াৰ অভিযোগ। জানিব পৰা মতে যৌতুকৰ বাবেই চিলাপথাৰৰ এগৰাকী যুৱতীক তেওঁৰ স্বামী গৃহত অকথ্য নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চিলাপথাৰৰ চিলাগাঁৱৰ যুৱতী গৰাকীয়ে ২০২০ চনত লখিমপুৰৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত কাঠৰী চাপৰিলৈ বিয়া হৈছিল। কিন্তু বিয়াৰ কিছুদিনৰ পিছৰে পৰাই মহিলাগৰাকীক স্বামীৰ পৰিয়ালে যৌতুকৰ বাবে অকথ্য নিৰ্যাতন চলাই আহিছিল। যুৱতী গৰাকীৰ পিতৃয়ে যৌতুক দিব নোৱাৰাৰ বাবেই যুৱতী গৰাকীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছে স্বামী পৰিয়ালে। ২০২০ত ধেমাজি আদালতত মহিলাগৰাকীয়ে গোচৰ তৰিছিল যদিও স্বামীৰ পৰিয়ালে কৌশলেৰে গোচৰ উঠাই ল’বলৈ বাধ্য কৰাইছিল। যুৱতী গৰাকীক গছত বান্ধি লৈ অমানুষিক অত্যাচাৰ…
Read More