03
Apr
হাইলাকান্দিৰ হাৰ্টবাৰ্টগঞ্জ বজাৰৰ ১০ নং ৱাৰ্ডৰ এটা কালী মন্দিৰৰ চৌহদত গৰুৰ হাড় উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘটনাৰ পিছতে আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, ২ এপ্ৰিলৰ পুৱাৰ ভাগত কালী মন্দিৰত স্থানীয় এজন বাসিন্দাই গৰুৰ হাড় প্ৰত্যক্ষ কৰে। হাইলাকান্দি আৰক্ষীয়ে হাড়বোৰ উদ্ধাৰ কৰি অধিক তদন্তৰ বাবে থানালৈ লৈ গৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নবনীত মহন্তকে ধৰি আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়। স্থানীয় এজন বাসিন্দাই সাংবাদিকৰ সৈতে কথা পাতি থাকোঁতে কয়, “আমি সন্দেহ কৰোঁ যে হাড়বোৰ ইচ্ছাকৃতভাৱে মন্দিৰত ৰখা হৈছিল। হাইলাকান্দি চহৰত ঐতিহাসিক ৰাম নৱমী ৰেলী…
