অসম

ISBTত প্ৰায় ৭০ কেজি গাঞ্জাসহ দুজনক আটক, ট্ৰাকেৰে কৰিছিল সৰবৰাহ…

ISBTত প্ৰায় ৭০ কেজি গাঞ্জাসহ দুজনক আটক, ট্ৰাকেৰে কৰিছিল সৰবৰাহ…

সোমবাৰে গুৱাহাটী আৰক্ষীয়ে ৭০ কিলোগ্ৰামতকৈ অধিক ওজনৰ গাঞ্জাসহ দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। প্ৰাথমিক খবৰ অনুসৰি গুৱাহাটীৰ বেতকুছি অঞ্চলৰ আই এছ বি টিত গুৱাহাটী আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এক অভিযান চলায়। এই অভিযানত প্ৰায় ৭৭ কিলোগ্ৰাম গাঞ্জা জব্দ্ কৰে আৰক্ষীয়ে। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বজাৰত জব্দ কৰা গাঞ্জাখিনিৰ মূল্য প্ৰায় ৭ লাখ টকা হব বুলি অনুমাম কৰা হৈছে। তদুপৰি বিষয়াসকলে আৰু জনাইছে যে গাঞ্জাৰ চালানটো ত্ৰিপুৰাৰ পৰা এখন মালবাহী ট্ৰাকত চোৰাংভাৱে অনা হৈছিল। গুৱাহাটী আৰক্ষীয়ে চোৰাং ব্যৱসায়ৰ অভিযোগত ট্ৰাকখনৰ চালক আৰু সহ-পাইলটক সোধা-পোছাৰ বাবে আটক কৰিছে। গুৱাহাটীত এই অভিযানৰ সময়ত আৰক্ষীয়ে আটক কৰি ৰখা লোক দুজনক ত্ৰিপুৰাৰ নিবাসী বাবুল বিশ্বাস আৰু…
Read More
ৰেচন কাৰ্ডধাৰী পৰিয়ালে বছৰি লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাঃ মুখ্যমন্ত্ৰীৰ ঘোষণা…

ৰেচন কাৰ্ডধাৰী পৰিয়ালে বছৰি লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাঃ মুখ্যমন্ত্ৰীৰ ঘোষণা…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ কথা ঘোষণা কৰে। ৰঙিয়াত ‘বিকাশৰ এদিন’ কাৰ্যসূচীত অংশগ্ৰহণৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই এই ঘোষণা কৰে। শৰ্মাই ভাষণত কয়, ”ৰেচন কাৰ্ড থকা পৰিয়ালসমূহে এতিয়া প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আঁচনি আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব।” তেওঁ আৰু কয় যে ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহক এই বছৰ এটা প্ৰদান কৰা হ’ব যাতে হিতাধিকাৰীসকলে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এছ এ)ৰ অধীনত বিনামূলীয়া চাউল, আৰু ডাইলৰ সুবিধা লাভ কৰিব পাৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ নোপোৱা বুলি ৰাইজে উত্থাপন কৰা…
Read More
তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ পুৰীত মৃত্যু অসমৰ মহিলাৰ…

তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ পুৰীত মৃত্যু অসমৰ মহিলাৰ…

উৰিষ্যাৰ পুৰীলৈ তীৰ্থ ভ্ৰমণৰ উদ্দেশ্যে গৈ কৰুণ মৃত্যুক সাৱটিলে অসমৰ এগৰাকী মহিলাই। এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে অৰ্পনা দাস নামৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ নিৱাসী মহিলাগৰাকীৰ। ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মৃতদেহ বিমানেৰে অনাৰ ব্যৱস্থা কৰা কৰা হয়। আজি অৰ্পনা দাসৰ মৃতদেহ উত্তৰ গুৱাহাটী ৰজাদুৱাৰত উপস্থিত হোৱাৰ পাছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। উল্লেখ্য যোৱা ১৬ মাৰ্চত অৰ্পনা দাস সহযোগী সকলৰ সৈতে জগন্নাথ পুৰীলৈ গৈছিল। উৰিষ্যাতে এনকেফেলাইটিচ ৰোগত আক্ৰান্ত হৈ ২৩ মাৰ্চত পুৰীৰ চিকিৎসালয়ত মৃত্যু হয় অৰ্পনা দাসৰ।
Read More
ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ আত্ম সংস্থাপনৰ বাবে ২ লাখকৈ টকা প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ আত্ম সংস্থাপনৰ বাবে ২ লাখকৈ টকা প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ নিবনুৱা প্ৰতিজন যুৱক-যুৱতীৰ কাৰণে ভাল খবৰ। নিবনুৱা যুৱক-যুৱতীৰ একাউণ্টত জমা হ’ব ২ লাখকৈ টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। তিনিটা কিস্তিত পাব এই ধন। ৰাজ্যৰ ২লাখ যুৱক-যুৱতীৰ আত্মসংস্থাপন দিয়া হ’ব! তিনিটা কিস্তিত যুৱকসকলক দিয়া হ’ব ২লাখকৈ টকা, আৱেদনৰ কাম আৰম্ভ হৈছে। যুৱক-যুৱতীৰ আত্মসংস্থাপনৰ বাবে হিমন্ত চৰকাৰৰ বিশেষ ঘোষণা। উল্লেখ্য যে, ‘বেংকৰ গেৰাণ্টি নোহোৱাকৈ ২ লাখ যুৱক-যুৱতীৰ একাউণ্টত সোমাব ২ লাখকৈ টকা।’ ৰঙিয়াত অনুষ্ঠিত ‘বিকাশৰ এদিন’ কাৰ্যসূচীত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
Read More
টিয়কত ভয়ংকৰ দুৰ্ঘটনাত আহত ২২ গৰাকী চাহ শ্ৰমিক…

টিয়কত ভয়ংকৰ দুৰ্ঘটনাত আহত ২২ গৰাকী চাহ শ্ৰমিক…

যোৰহাট জিলাৰ অন্তৰ্গত টিয়কত শনিবাৰে সংঘটিত পথ দুৰ্ঘটনাত ২২ গৰাকী মহিলা চাহ শ্ৰমিক আহত হয়। সূত্ৰৰ পৰা জানিব পৰা মতে চাহ শ্ৰমিক কঢ়িয়াই অনা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে, যাৰ ফলত আহত হয়। টিয়কস্থিত মেলেং চাহ বাগিচাৰ সমীপত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, সেই চাহ শ্ৰমিকক দৈনন্দিন কামৰ বাবে বাগিচাখনলৈ লৈ যোৱা অৱস্থাত দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ পিছতে আহত আটাইকেইগৰাকী মহিলাক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Read More
জিভা পিচলিব পাৰে, কিন্তু ক্ষমা খোজাৰ প্ৰয়োজন আছিলঃ ৰাহুল গান্ধীক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জিভা পিচলিব পাৰে, কিন্তু ক্ষমা খোজাৰ প্ৰয়োজন আছিলঃ ৰাহুল গান্ধীক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে ৰাহুল গান্ধীক লোকসভাত সংসদ সদস্য হিচাপে অযোগ্য ঘোষণা কৰাটো ন্যায়িক বিষয় আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ বাহিৰত ৰখা উচিত। পুৱা সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “…আদালতে তেওঁক (ৰাহুল গান্ধী) দোষী সাব্যস্ত কৰিছে, আৰু আদালতে ঘোষণা কৰাৰ ফলস্বৰূপে…তেওঁক অযোগ্য ঘোষণা কৰা হৈছে। গতিকে মোৰ মতে এইটো এটা ন্যায়িক চক্ৰ আৰু ইয়াত কোনো ৰাজনৈতিক কথা নাই, গতিকে, আদালতৰ সিদ্ধান্তৰ লগতে অযোগ্যতাৰ ওপৰত আমাৰ ফালৰ পৰা কোনো মন্তব্যৰ প্ৰয়োজন নাই বুলি মই ভাবো।” তেওঁ লগতে কয়, ‘কৰ্ণাটকত দিয়া ভাষণত তেওঁ অ’বিচি সম্প্ৰদায়ক গালি-গালাজ কৰিছে। সেই মন্তব্যৰ ফলস্বৰূপে দেশৰ বিভিন্ন ঠাইত গোচৰ ৰুজু হৈছিল, আনকি অৰুণাচলতো…
Read More
চাপৰমুখত ড্ৰাগছ সৰবৰাহৰ সময়তে আটক মহিলাসহ দুই সৰবৰাহকাৰী…

চাপৰমুখত ড্ৰাগছ সৰবৰাহৰ সময়তে আটক মহিলাসহ দুই সৰবৰাহকাৰী…

চাপৰমুখ আৰক্ষীয়ে শনিবাৰে চাপৰমুখত অভিযান চলাই দুজন ড্ৰাগছ বেপাৰীক আটক কৰাৰ লগতে দুয়োৰে পৰা নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জনোৱা মতে, চাপৰমুখ ৰেলৱে ষ্টেচনৰ সমীপৱৰ্তী অঞ্চলটোৰ ভিতৰত পথেৰে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ সন্দৰ্ভত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায়। অভিযানকালত ৫টা চাবোনৰ বাকচত লুকুৱাই অনা ৪২৯ গ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ধৃত ড্ৰাগছ বেপাৰীকেইজনক নগাঁৱৰ ধিং মৰাঝাৰ অঞ্চলৰ বাসিন্দা হাজাৰা খাতুন আৰু আবু আছাৰ বুলি চিনাক্ত কৰা হৈছে।
Read More
৬ বছৰৰ পিছত জামিন লাভ এপিএছচি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালৰ…

৬ বছৰৰ পিছত জামিন লাভ এপিএছচি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালৰ…

৬ বছৰৰ কাৰাদণ্ডৰ অন্তত শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক। ইয়াৰ পূৰ্বে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাক জনাইছিল যে ২০১৩, ২০১৫, আৰু ২০১৬ বৰ্ষৰ বেচৰ মুঠ ৫৭ জন ৰাজ্যিক চৰকাৰী কৰ্মচাৰীক ''কেছ ফৰ জব কেলেংকাৰী''ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি সেৱাৰ পৰা অব্যাহতি দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়া মতে, আন তিনিজন অনুমোদনকাৰী হৈ পৰিছে। ''সেই বছৰবোৰত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ ৬০ জন লোকক তদন্তৰ আওতালৈ অনা হৈছে। ৬০ জনৰ ভিতৰত ৫৭ জনক চাকৰি কেলেংকাৰীৰ বাবে এপিএছচিৰ নগদ ধনত গ্ৰেপ্তাৰ কৰি সেৱাৰ পৰা অব্যাহতি দিয়া হৈছে।'' কংগ্ৰেছ বিধায়ক ভৰত…
Read More
ভুৱা ফাৰ্মাচীষ্টৰ কবলত পৰি গৰ্ভৱতী মহিলাই হেৰুৱাবলগীয়া হ’ল সন্তান, তীব্ৰ চাঞ্চল্য…

ভুৱা ফাৰ্মাচীষ্টৰ কবলত পৰি গৰ্ভৱতী মহিলাই হেৰুৱাবলগীয়া হ’ল সন্তান, তীব্ৰ চাঞ্চল্য…

ভুৱা চিকিৎসাৰ বলি হৈ মহিলাই হেৰুৱাবলগীয়া হ’ল গৰ্ভৰ সন্তান। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰূপহীহাটত। খবৰ অনুসৰি এসপ্তাহ পূৰ্বে ৰূপহীহাটৰ জিউমাৰী বজাৰত থকা খাইৰুল ইছলামৰ মালিকানাধীন ফাৰ্মাচীলৈ গৈ মহিলাগৰাকীয়ে সুস্থ নোহোৱাত কিছু ঔষধ বিচাৰিছিল। অভিযোগ অনুসৰি খাইৰুলে মহিলাগৰাকীক বমি নিয়ন্ত্ৰণৰ ঔষধৰ বিপৰীতে গৰ্ভপাতৰ ঔষধ দিছিল। খাইৰুলৰ ভুল চিকিৎসাৰ ফলত মহিলাগৰাকীৰ গৰ্ভধাৰণ বন্ধ হৈ পৰে। ঘটনাৰ পিছতে অভিযোগ অনুসৰি ৰূপহীহাটৰ জিউমাৰী মাৰ্কেটৰ মামণি মেডিকেল হলত বৈধ অনুজ্ঞাপত্ৰ অবিহনে ফাৰ্মাচীখন চলাই অহা ভুৱা ফাৰ্মাচিষ্ট খাইৰুল ইছলামৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে শেহতীয়াকৈ ৰূপহীহাটত অবৈধ ফাৰ্মাচী শেলুৱৈৰ দৰে গজি উঠিছে। খাইৰুল ইছলামৰ দৰে ভুৱা ফাৰ্মাচিষ্টে…
Read More
১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব চাংসাৰিৰ নিৰ্মীয়মান এইমছ…

১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব চাংসাৰিৰ নিৰ্মীয়মান এইমছ…

১৪ এপ্ৰিলত অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব চাংসাৰিৰ নিৰ্মীয়মান এইমছ। বৃহস্পতিবাৰে এই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে পুৱা এইমছৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইমছৰ নিৰ্মাণকাৰ্য ইতিমধ্যে ৯০ শতাংশ সম্পূৰ্ণ হৈছে। হাস্পলাতখনৰ অ’পিডিকে ধৰি ১৮টা বিভাগ এতিয়া প্ৰায় কাৰ্যক্ষম হৈ উঠিছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে জানিবলৈ দিয়া মতে, এইমছৰ ৭৫০ খন বিচনাৰ ভিতৰত এতিয়ালৈকে ১৫০ খন স্থাপন কৰা হৈছে। উল্লেখ্য যে, অসম চৰকাৰে গিনিজ বুকত অন্তৰ্ভূক্তিৰ লক্ষৰে এইবাৰ আয়োজন কৰা বিহুৰ বিশাল আয়োজনত মুখ্য অতিথিৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
Read More