অসম

কাকপথাৰত আলফা স্বাধীনত যোগদান বিবাহিত যুৱকৰ, পত্নী অন্তঃসত্বা…

কাকপথাৰত আলফা স্বাধীনত যোগদান বিবাহিত যুৱকৰ, পত্নী অন্তঃসত্বা…

আজি আলফাৰ প্ৰতিষ্ঠা দিৱস। আজিৰ দিনটো অৰ্থাৎ ১৯৭৯ চনৰ ৭ এপ্ৰিলৰ দিনটোতে শিৱসাগৰত জন্মলাভ কৰিছিল আলফাই। আলফাৰ এই প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণতে পুনৰ এগৰাকী অসমীয়া যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰাৰ খবৰ পোহৰলৈ আহিছে। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এজন বিবাহিত যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। জানিব পৰা মতে, যোৱা ২১ মাৰ্চৰ পৰাই সন্ধানহীন হৈ আছে কাকপথাৰৰ গমিধৰ মহন্ত আৰু ৰূপা মহন্তৰ পুত্ৰ ২০ বৰ্ষীয় বিকাশ মহন্ত। অন্তঃসত্বা পত্নীক এৰি সন্ধানহীন হোৱা যুৱকজনে আলফা স্বাধীনত যোগ দিবলৈ যোৱাৰ সন্দেহ কৰা হৈছে।পৰিয়ালৰ লোকে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক দাখিল কৰিছে এখন এজাহাৰ। আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱসৰ পৰিপ্ৰেক্ষিতত উজনি অসমত আৰক্ষীয়ে…
Read More
১২ ঘণ্টাৰ ভিতৰত ৰাজ্যত ঘোচ লৈ গ্ৰেপ্তাৰ ৩ গৰাকী চৰকাৰী কৰ্মচাৰী…

১২ ঘণ্টাৰ ভিতৰত ৰাজ্যত ঘোচ লৈ গ্ৰেপ্তাৰ ৩ গৰাকী চৰকাৰী কৰ্মচাৰী…

ৰাজ্যত ১২ ঘণ্টাৰ ভিতৰতে ঘোচ লৈ গ্ৰেপ্তাৰ তিনিজনকৈ ঘোচখোৰ চৰকাৰী কৰ্মচাৰী। বুধবাৰে সন্ধিয়া ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ নগাঁও আৰক্ষী থানাৰ উপ-পৰিদৰ্শক (ইউ বি) সুৰুজপল হক। পুৰণি বিচাৰাধীন গোচৰক সকাহ দিয়াৰ নামত ঘোচ লোৱাৰ সময়তে আৰক্ষী বিষয়াগৰাকীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। ইপিনে বৃহস্পতিবাৰৰ দিনটোত ঘোচ লৈ পুনৰ হাতে-লোটে গ্ৰেপ্তাৰ হল দুজন চৰকাৰী কৰ্মচাৰী। দুটা পৃথক অভিযানত উৎকোচ গ্ৰহণৰ সময়তে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। পুৱা ঘোচ লোৱাৰ সময়ত হাতে-লোটে গ্ৰেপ্তাৰ নগাঁৱৰ লহকৰঘাট গাঁও পঞ্চায়ত চেক্ৰেটেৰী মুকুট চন্দ্ৰ কুমাৰ। গৃহ মেৰামতিৰ কামৰ বাবে চেক মুকলি কৰাৰ বাবে উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ অভিযুক্তজন। ইয়াৰ পিছতে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ সন্ধানত দুৰ্নীতি নিবাৰক…
Read More
কাজিৰঙাত দুখন যাত্ৰীবাহী বাছৰ সংঘৰ্ষত আহত কেইবাজনো যাত্ৰী

কাজিৰঙাত দুখন যাত্ৰীবাহী বাছৰ সংঘৰ্ষত আহত কেইবাজনো যাত্ৰী

বৃহস্পতিবাৰে কাজিৰঙাত এখন যাত্ৰীবাহী বাছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰাৰ ফলত কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, কঁহৰাত এই বৃহৎ পথ দুৰ্ঘটনাৰ খবৰ পোৱা গৈছে য’ত কেইবাজনো যাত্ৰী কঢ়িয়াই অনা এখন বাছত আন এখন বাছে খুন্দা মাৰে। দুৰ্ঘটনাটোৰ পিছতে কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয়। উল্লেখযোগ্য যে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু মুখ্য অতিথি হিচাপে কাজিৰঙা গজ উৎসৱত অংশগ্ৰহণ কৰিবলৈ তেজপুৰত অৱতৰণ কৰিব।
Read More
বজালীত দা-ৰে ঘপিয়াই স্বামীক হত্যা কৰি থানাত আত্মসমৰ্পণ পত্নীৰ…

বজালীত দা-ৰে ঘপিয়াই স্বামীক হত্যা কৰি থানাত আত্মসমৰ্পণ পত্নীৰ…

বজালীৰ বাসগৃহত এগৰাকী মহিলাই চোকা অস্ত্ৰৰে নিজৰ স্বামীক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, নিশা পাৰিবাৰিক সংঘাতৰ পিছতে পত্নীয়ে নিৰঞ্জন বৰা নামৰ স্বামীক দাৰে ঘপিয়াই হত্যা কৰে। এই অপৰাধ সংঘটিত কৰাৰ পিছত আজি পুৱা ছয় বছৰীয়া কন্যাৰ সৈতে জুনিতা বৰা নামৰ অভিযুক্তগৰাকীয়ে ভৱানীপুৰ থানালৈ গৈ আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ দাখিল কৰি অপৰাধস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। জানিব পৰা মতে, গোলাঘাটৰ নিৱাসী নিৰঞ্জন বৰাই বিবাহৰ পিছৰে পৰা বিগত দহ বছৰ ধৰি বজালীৰ শহুৰেকৰ ঘৰত বাস কৰিছিল। এই ঘটনাই গাঁওখনত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
Read More
যোৰহাটত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উষ্ম আদৰণি ৰাজ্যপাল-মুখ্যমন্ত্ৰীৰ

যোৰহাটত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উষ্ম আদৰণি ৰাজ্যপাল-মুখ্যমন্ত্ৰীৰ

তিনিদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। যোৰহাট বিমান বন্দৰত ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ। উল্লেখ্য যে, কাজিৰঙা গজ উৎসৱত মুখ্য অতিথিৰূপে অংশ ল’ব ৰাষ্ট্ৰপতি মুৰ্মুৱে। ইয়াৰ লগতে তেওঁ এই ভ্ৰমণকালতে গুৱাহাটীত মিছন মাউণ্ট কাঞ্চনজংঘা-২০২৩ৰো উদ্বোধন কৰিব। তদুপৰি ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৫ বৰ্ষপুতি উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানতো শোভা বৰ্ধন কৰিব। এই অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ উপৰিও উপস্থিত থাকিব ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ কাটাৰিয়া, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু, অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
Read More
অখিল গগৈৰ বিৰুদ্ধে NIAৰ গোচৰৰ পৰৱৰ্তী শুনানি ২৫ এপ্ৰিলত গ্ৰহণ কৰিব আদালতে

অখিল গগৈৰ বিৰুদ্ধে NIAৰ গোচৰৰ পৰৱৰ্তী শুনানি ২৫ এপ্ৰিলত গ্ৰহণ কৰিব আদালতে

২০১৯ চনৰ ডিচেম্বৰ মাহত অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী হিংসাত্মক প্ৰতিবাদৰ সময়ত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা দুটা গোচৰৰ সন্দৰ্ভত ২৫ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ আদালতে। ৰাইজৰ দলৰ মুৰব্বী আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ লগতে এই গোচৰৰ আন সন্দেহযুক্ত লোক ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰৰ সৈতে ৬ এপ্ৰিলত এন আই এৰ আদালতত হাজিৰ হয়। শুনানিৰ সময়ত গগৈয়ে অভিযোগ কৰে যে অসম বিধানসভাৰ সময়ত তেওঁক জেলত ৰখাৰ বাবে চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছিল। ২৫ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ বাবে এই বিষয়টো নিৰ্ধাৰণ কৰে আদালতে। ইয়াৰ পূৰ্বে ২০ মাৰ্চত উচ্চতম ন্যায়ালয়ে অসমত CAA বিৰোধী প্ৰতিবাদৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ…
Read More
গোৱালপাৰাত ভয়ংকৰ দুৰ্ঘটনাত নিহত ৩ জন, আহত শিশুসহ দুজন…

গোৱালপাৰাত ভয়ংকৰ দুৰ্ঘটনাত নিহত ৩ জন, আহত শিশুসহ দুজন…

বুধবাৰে নিশা গোৱালপাৰা জিলাত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত তিনিজন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত হয় এগৰাকী মহিলা আৰু এটি শিশু। জানিব পৰা মতে, দুধনৈত এখন দ্ৰুতবেগী ক্ৱিড গাড়ীয়ে পিছফালৰ পৰা এখন ট্ৰাকত খুন্দা মাৰে। গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা অৱস্থাত তীব্ৰ বেগত অহা কুইড গাড়ীখনে পিছফালৰ পৰা ট্ৰাকখনত খুন্দা মাৰে। ফলত গাড়ীখন ছিন্নভিন্ন হোৱাৰ লগতে চালকসহ তিনিজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে দুজন লোক গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত উপস্থিত হৈ আহত মহিলাগৰাকী আৰু সংকটজনক অৱস্থাত থকা এটি শিশু উদ্ধাৰ কৰে। ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। নিহত কেইজন হৈছে…
Read More
তাজমহল-কুটুব মিনাৰ ভাঙি তাৰ ঠাইত মন্দিৰ নিৰ্মাণ কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ আহ্বান বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

তাজমহল-কুটুব মিনাৰ ভাঙি তাৰ ঠাইত মন্দিৰ নিৰ্মাণ কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ আহ্বান বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

পাঠ্যপুথিৰ পৰা মোগলৰ অধ্যায় আঁতৰোৱাৰ পিছতে দুটা ভাগত বিভক্ত হৈছে ৰাজনৈতিক ক্ষেত্ৰ। শাসকীয় বিজেপিয়ে এই সিদ্ধান্তক প্ৰশংসা আৰু গ্ৰহণযোগ্য বুলি অভিহিত কৰাৰ বিপৰীতে বিৰোধীয়ে গ্ৰহণ কৰিছে বিপৰীতি স্থিতি। এই সকলোবোৰৰ মাজতে মোগলৰ অধ্যায় আঁতৰোৱা প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ন বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও। মোগলৰ অধ্যায় আঁতৰোৱাটো এক সঠিক সিদ্ধান্ত বুলি অভিহিত কৰি ৰূপজ্যোতি কুৰ্মীয়ে প্ৰধানমন্ত্ৰীলৈ জনালে আন এক আহ্বানো। বিশ্ব ঐতিহ্য হিচাপে পৰিচিত তাজমহল আৰু কুটুব মিনাৰ ভাঙি তাৰ ঠাইত বিশ্বৰ আটাইতকৈ ধুনীয়া মন্দিৰ স্থাপন কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনালে ৰূপজ্যোতি কুৰ্মীয়ে। নিজকে হিন্দুত্ববাদী প্ৰমাণ কৰিবলৈ উঠিপৰি লগা মৰিয়নীৰ বিধায়কগৰাকীৰ আহ্বান- বিশ্বৰ সবাতোকৈ ধুনীয়া আৰু ডাঙৰ মন্দিৰ নিৰ্মাণ হ’ব লাগে তাজমহলৰ…
Read More
পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল…

পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল…

ৰাজ্যত পুনৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আন এজন লাট মণ্ডল। এইবাৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডল জয়ছাব হুছেইন লস্কৰ। মাটিৰ কাম-কাজৰ বাবে ঘোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ ঘোচখোৰ লাটমণ্ডলজন।
Read More
অভিনেত্ৰী ৰবীনা টেণ্ডনক এইবছৰৰ ড০ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰিব বেলতলা ব’হাগী উৎসৱ সমিতিয়ে…

অভিনেত্ৰী ৰবীনা টেণ্ডনক এইবছৰৰ ড০ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰিব বেলতলা ব’হাগী উৎসৱ সমিতিয়ে…

মহানগৰীৰ বেলতলা ব’হাগী উৎসৱ ২০২৩ উদযাপনৰ সময়ত বলিউডৰ অভিনেত্ৰী ৰবীনা টেণ্ডনক প্ৰদান কৰা হ’ব এই বছৰৰ ড০ ভূপেন হাজৰিকা বঁটা। শনিবাৰে এক সংবাদমেলৰ সময়ত এই কথা সদৰী কৰে বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিখনৰ বিষয়ববীয়াসকলে। ‘আমি এইবাৰৰ ভূপেন হাজৰিকাৰ বঁটা ভূপেন হাজৰিকাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা ৰবীনা টেণ্ডনক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰি আমি অত্যন্ত আনন্দিত হৈছো। সূচী অনুসৰি উদযাপনৰ অন্তিম দিনা অৰ্থাৎ ২২ এপ্ৰিলত আমি অভিনেত্ৰীগৰাকীক বঁটা প্ৰদান কৰিম।’-সমিতিখনৰ সভাপতি নাৰায়ণ ডেকাই এইদৰে কয়। ভূপেন হাজৰিকাৰ লগত ৰবীনা টেণ্ডনৰ ওতঃপ্ৰোত সম্পৰ্ক আছিল। ২০০১ চনত কল্পনা লাজমীৰ ছবি দমনত নায়িকাৰ চৰিত্ৰত অভিনয় কৰা ৰবীনাই দুৰ্গা শইকীয়াৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে…
Read More