অসম

অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰলৈ গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ পদক…

অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰলৈ গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ পদক…

গণৰাজ্য দিৱস উদযাপনৰ উপলক্ষে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰক ২৬ জানুৱাৰীত বিশিষ্ট সেৱাৰ বাবে সন্মানীয় ৰাষ্ট্ৰপতি পদক প্ৰদান কৰা হ’ব। এই সন্মানীয় বঁটা লাভ কৰিবলৈ দেশৰ ১০২ গৰাকী বিষয়াৰ ভিতৰত থাকিব সুৰেন্দ্ৰ কুমাৰ। ১০২টা ৰাষ্ট্ৰপতিৰ পদক বিশিষ্ট সেৱাৰ (পিএছএম)ৰ ভিতৰত ৯৪টা আৰক্ষী সেৱা, ০৪টা অগ্নিনিৰ্বাপক সেৱা আৰু ০৪টা অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱাক প্ৰদান কৰা হৈছে। ইফালে, ৬৬৭ জনৰ ভিতৰত অসমৰ ১৪ জন ব্যক্তিয়ে লাভ কৰিব ‘মেডেল ফৰ মেৰিটৰিয়াছ চাৰ্ভিচ’। ৭৫৩টা মেডেল ফৰ মেৰিটৰিয়াছ চাৰ্ভিচৰ ভিতৰত ৬৬৭টা মেডেল আৰক্ষী সেৱা, ৩২টা অগ্নিনিৰ্বাপক সেৱা, ২৭টা চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড চাৰ্ভিচ আৰু ২৭টা কাৰেকচনেল চাৰ্ভিচক প্ৰদান কৰা হৈছে। অসমৰ পৰা…
Read More
৬ সহকৰ্মীৰ ওপৰত গুলীচালনা কৰি মণিপুৰত অসম ৰাইফলছ জোৱানৰ আত্মহত্যা

৬ সহকৰ্মীৰ ওপৰত গুলীচালনা কৰি মণিপুৰত অসম ৰাইফলছ জোৱানৰ আত্মহত্যা

মণিপুৰত নিয়োজিত অসম ৰাইফলছৰ এজন জোৱানে ইণ্ডো-ম্যানমাৰ সীমান্তৰ ওচৰত নিজকে গুলীয়াই হত্যা কৰাৰ পূৰ্বে ছয়জন সহকৰ্মীৰ ওপৰত গুলীচালনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে, বুধবাৰে পুৱা এই ঘটনাৰ পিছত অসম ৰাইফলছে স্পষ্ট কৰি দিয়ে যে ৰাজ্যখনত চলি থকা হিংসাত্মক ঘটনাৰ সৈতে বিষয়টোৰ কোনো সম্পৰ্ক নাই। সূত্ৰসমূহৰ পৰা পোৱা তথ্য অনুসৰি, ঘটনাটো বুধবাৰে ৰাতিপুৱা সংঘটিত হয় ,যেতিয়া জোৱানজনে ছুটি কটোৱাৰ পিছত চুৰাচান্দপুৰৰ ঘৰৰ পৰা উভতি আহিছিল। ঘটনাটো ভাৰত-ম্যানমাৰৰ ওচৰৰ দক্ষিণ মণিপুৰৰ অসম ৰাইফলছ বেটেলিয়নৰ ভিতৰত সংঘটিত হয়। ঘটনাটোৰ তথ্য স্থানীয় আৰক্ষীক দিয়া হৈছে আৰু নিৰাপত্তা বাহিনীৰ সহায়ত আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। গুলীচালনাৰ বাবে ব্যৱহৃত ৰাইফলটো জিম্মাত লোৱা হৈছে আৰু তদন্ত আৰম্ভ…
Read More
আনুষ্ঠানিকভাৱে ভংগ হ’ল আলফা, শীঘ্ৰে জমা দিব অস্ত্ৰ-শস্ত্ৰ…

আনুষ্ঠানিকভাৱে ভংগ হ’ল আলফা, শীঘ্ৰে জমা দিব অস্ত্ৰ-শস্ত্ৰ…

যোৱা ২৯ ডিচেম্বৰত স্বাক্ষৰিত ত্ৰিপাক্ষিক চুক্তিৰ পিছতে সুদীৰ্ঘ ৪৪ বছৰৰ পিছত আনুষ্ঠানিকভাৱে ভংগ কৰা হ’ল আলফা। চুক্তি অনুসৰি আলফাই হিংসাৰ পথ ত্যাগ কৰি আনুষ্ঠানিকভাৱে ভংগ কৰাৰ পিছত ৩০ দিনৰ ভিতৰত চৰকাৰক জমা দিব অস্ত্ৰ-শস্ত্ৰ। উল্লখ্য যে, ২০২৩ৰ ২৯ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু আলফাই এই চুক্তিত স্বাক্ষৰ কৰিছিল। খবৰ অনুসৰি, দৰং জিলাত এখন বৈঠকৰ সময়ত গোটটোৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই সংগঠনটো ভংগ কৰাৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে। চুক্তিখনৰ ৰূপায়ণৰ তদাৰক কৰিবলৈ চেতিয়াৰ নেতৃত্বত সাতজনীয়া নিৰীক্ষণ সমিতি গঠন কৰা হয়। ভাষিক আৰু সাংস্কৃতিক স্বকীয়তা ৰক্ষা কৰি অসম জাতীয় বিকাশ মঞ্চ নামৰ সামাজিক সাংস্কৃতিক সংগঠন এটা প্ৰতিষ্ঠা কৰা…
Read More
ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছ নেতাৰ ওপৰত বিজেপি বিধায়কৰ ঘনিষ্ঠ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাক লৈ মৌনতা অৱলম্বন কৰা হিমন্ত বিশ্ব শৰ্মা এইবাৰ ৰাহুল গান্ধীৰ বিৰুদ্ধেয়ে দেখুৱাইছে একশ্যন মোড। মঙলবাৰে গুৱাহাটীত কংগ্ৰেছ সমৰ্থক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ পিছতে ডিজিপি জিপি সিঙক কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে ন্যায় যাত্ৰাৰ মহানগৰীত প্ৰৱেশ বন্ধ কৰাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে। ইফালে মুখ্যমন্ত্ৰী শৰ্মাই গান্ধীৰ বিৰুদ্ধে ৰাইজক উচটনি দিয়া আৰু গাইডলাইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। এই কাণ্ডৰ…
Read More
আজি যুৱ প্ৰজন্মক অন্ধভাৱে আৰএছএছ-বিজেপিক অনুসৰণ কৰিবলৈ বাধ্য কৰোৱা হৈছেঃ ৰাহুল গান্ধী

আজি যুৱ প্ৰজন্মক অন্ধভাৱে আৰএছএছ-বিজেপিক অনুসৰণ কৰিবলৈ বাধ্য কৰোৱা হৈছেঃ ৰাহুল গান্ধী

ন্যায় যাত্ৰাৰ সময়ত মঙলবাৰে অসম-মেঘালয় সীমান্তত ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ কল্পনাশক্তি ব্যৱহাৰৰ পৰা নিৰুৎসাহিত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ সমাৱেশক সম্বোধন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ কল্পনাশক্তি ব্যৱহাৰ কৰিবলৈ নিদি আৰ এছ এছ আৰু বিজেপিক অন্ধভাৱে অনুসৰণ কৰিবলৈ কোৱা হৈছে। আজি ইউ এছ টি এম বিশ্ববিদ্যালয় চৌহদৰ বাহিৰত নিজৰ বাছৰ ওপৰৰ পৰা স্বতঃস্ফূৰ্ত আৰু বিপুলভাৱে সমবেত হোৱা ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰে গান্ধীয়ে। অৱশ্যে কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে মুখ্যমন্ত্ৰী কাৰ্যালয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ফোন কৰি নিমন্ত্ৰণ বাতিল কৰাৰ বাবে তেওঁক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰিবলৈ দিয়া উচিত নহয়। তেওঁ কয় যে ৰাহুল গান্ধী আহিব বা নাহিলেও গুৰুত্বপূৰ্ণ নহয়,…
Read More
২২ ফেব্ৰুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনৰ বাবে যাব ৰাজ্যিক কেবিনেটৰ মন্ত্ৰীয়ে…

২২ ফেব্ৰুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনৰ বাবে যাব ৰাজ্যিক কেবিনেটৰ মন্ত্ৰীয়ে…

অভিষেক অনুষ্ঠানৰ পিছতে অযোধ্যাৰ ৰাম মন্দিৰত ভক্তসকলে ভিৰ কৰাৰ সময়তে অসমৰ কেবিনেট মন্ত্ৰীসকলে ২২ ফেব্ৰুৱাৰীত ভগৱান ৰামৰ দৰ্শনৰ বাবে মন্দিৰলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সোমবাৰে অনুষ্ঠিত হোৱা সাপ্তাহিক কেবিনেট বৈঠকত এই ঘোষণা কৰা হয়। ৰাজ্যিক কেবিনেটে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অযোধ্যাত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ শুভ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ কৰিব পাৰি যে যোৱা ২২ জানুৱাৰীত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত লাখ লাখ ভক্ত, বলীউডৰ চেলিব্ৰিটি, ৰাজনীতিবিদ, ক্ৰীড়াবিদ, ব্যৱসায়ী আদিৰ উপস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল।
Read More
আই পি এল ২০২৪ মে’ৰ শেষ সপ্তাহত হ’ব সমাপ্ত

আই পি এল ২০২৪ মে’ৰ শেষ সপ্তাহত হ’ব সমাপ্ত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ তম ছিজন কেতিয়া আৰম্ভ হ'ব আৰু কোনদিনা ফাইনেল খেলা হ'ব এই কথা পোহৰলৈ আহিছে। ইয়াৰ লগতে, মহিলা প্ৰিমিয়াৰ লীগ অৰ্থাৎ ডব্লিউপিএল কেতিয়া আৰম্ভ হ'ব আৰু কেতিয়া এই মহিলা প্ৰতিযোগিতাৰ ফাইনেল খেলা হ'ব সেয়াও জনা গৈছে। লোকসভা নিৰ্বাচন আৰু টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে, আই পি এল ২০২৪ মে'ৰ শেষ সপ্তাহত সমাপ্ত হ'ব। ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি, আই পি এল ২২ মাৰ্চৰ পৰা আৰম্ভ হ'ব, আনহাতে প্ৰতিযোগিতাখনৰ ফাইনেল ২৬ মে'ত অনুষ্ঠিত হ'ব। ডব্লিউপিএলৰ বিষয়ে ক'লে, এই প্ৰতিযোগিতাখন ২২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু ১৭ মাৰ্চলৈকে চলিব। অৱশ্যে, লোকসভা নিৰ্বাচন ঘোষণাৰ পিছত স্থান আৰু অন্যান্য তথ্য প্ৰকাশ কৰা হ'ব। টি-২০…
Read More
অসমৰ জোঁৱাই হওঁক ৰাহুল গান্ধী! ন্যায় যাত্ৰাৰ মাজতে এই পৰামৰ্শ বদৰুদ্দিন আজমলৰ

অসমৰ জোঁৱাই হওঁক ৰাহুল গান্ধী! ন্যায় যাত্ৰাৰ মাজতে এই পৰামৰ্শ বদৰুদ্দিন আজমলৰ

অসমত এগৰাকী উপযুক্ত পাত্ৰীৰ সন্ধান কৰি অসমৰ জোঁৱাই হ’বলৈ ৰাহুল গান্ধীক পৰামৰ্শ এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা অসমত চলি থকাৰ সময়তে এই পৰামৰ্শ আগবঢ়ায় আজমলে। শিলচৰত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আজমলে কয়, ‘শেহতীয়া নিৰ্বাচন হোৱা ৰাজ্যসমূহত কংগ্ৰেছে ভাল কাম কৰিব বুলি আশা কৰি গান্ধীয়ে দেশজুৰি ভ্ৰমণ কৰিছিল। কিন্তু দলটোৱে গুৰুতৰ হতাশাৰ সন্মুখীন হ’বলগীয়া হ’ল৷ অৱশ্যে এই কথাটোও আমি চাব লাগিব যে গান্ধী এজন সুদৰ্শন ব্যক্তি আৰু চেহেৰাতো যথেষ্ট পৰিপক্ক হৈছে। আমি তেওঁক অসমলৈ আদৰণি জনাইছো। তেওঁৰ বাবে মোৰ পৰামৰ্শ হ’ব যিকোনো উপযুক্ত যুৱতী এগৰাক বিচাৰি উলিয়াই জীৱন সংগীনীৰ ৰূপত বাছি লওক আৰু অসমৰ মৰমৰ জোঁৱাই…
Read More
পৰিয়ালৰ সদস্য জেল’লৈ যোৱাৰ ভয়তে বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাইঃ বিস্ফোৰক দাবী ভূপেন বৰাৰ

পৰিয়ালৰ সদস্য জেল’লৈ যোৱাৰ ভয়তে বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাইঃ বিস্ফোৰক দাবী ভূপেন বৰাৰ

৮ বছৰ পূৰ্বে পৰিয়ালৰ দাবীতে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। বিজেপিত যোগদানৰ পূৰ্বে দিল্লীত সাক্ষাৎ কৰি ভূপেন বৰাকো জোৰ দিছিল বিজেপিমুখী হ’বলৈ। অসমত চলি থকা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এনে বিস্ফোৰক মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। অসমত ন্যায় যাত্ৰাৰ দ্বিতীয় দিনটোত এক সংবাদমেল সম্বোধন কৰি ৮ বছৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ আঁৰৰ উদ্দেশ্য প্ৰকট কৰে ভূপেন বৰাই। ভূপেন বৰাই কয় যে ২০১৫ চনলৈ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিল৷ ২০১৪ চনত যেতিয়া দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল, তেতিয়া অসমৰ বিজেপিৰ তত্বাৱধায়ক…
Read More
ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত আইন অমান্য! গোচৰ ৰুজু যোৰহাট প্ৰশাসনৰ…

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত আইন অমান্য! গোচৰ ৰুজু যোৰহাট প্ৰশাসনৰ…

ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বিৰুদ্ধে অসমত এক গোচৰ ৰুজু হৈছে। এক অভিযোগ অনুসৰি, চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰি ৰাহুলৰ ন্যায় যাত্ৰা চলোৱাৰ বাবে এই গোচৰ ৰুজু কৰা হয়। যোৰহাট চহৰৰ ভিতৰৰ নিৰ্ধাৰিত পথৰ সলনি আন এটা পথেৰে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ যোৱাৰ ফলত চহৰখনত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয়। চহৰখনত অনুমোদিত পথৰ পৰিৱৰ্তে আন এটা পথেৰে যোৱাৰ অভিযোগত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ আৰু ইয়াৰ মুখ্য আয়োজকৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিলে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, যোৰহাটৰ কেবি ৰোডৰ পৰা ন্যায় যাত্ৰা আৰম্ভ কৰিবলৈ অনুমতি দিয়া হৈছিল। কিন্তু এই যাত্ৰা অনুমোদিত পথৰ পৰিৱৰ্তে চহৰখনৰ ভিতৰলৈ আন এটা পথেৰে…
Read More