অসম

৭৫ তম গণতন্ত্ৰ দিৱস পেৰেডত সংস্কৃতি মন্ত্ৰালয়ৰ প্ৰতিকীয়ে জিকিলে প্ৰথম পুৰস্কাৰ

৭৫ তম গণতন্ত্ৰ দিৱস পেৰেডত সংস্কৃতি মন্ত্ৰালয়ৰ প্ৰতিকীয়ে জিকিলে প্ৰথম পুৰস্কাৰ

সংস্কৃতি মন্ত্ৰালয়ৰ 'ইণ্ডিয়া: মাদাৰ অফ ডেমক্ৰেচী' শীৰ্ষক প্ৰতিকীয়ে ৭৫ তম গণতন্ত্ৰ দিৱস পেৰেডত অন্তৰ্ভুক্ত প্ৰতিকীৰ ভিতৰত প্ৰথম পুৰস্কাৰ লাভ কৰিছে। সোমবাৰে এই ঘোষণা কৰা হয়। সংস্কৃতি মন্ত্ৰালয়ে এক বিবৃতিত কয় যে প্ৰতিকী পৰম্পৰা আৰু উদ্ভাৱনৰ এক মিশ্ৰণ আছিল আৰু "ভাৰতৰ সাংস্কৃতিক ঐতিহ্য – যাক প্ৰায়ে গণতন্ত্ৰৰ মাতৃ বুলি কোৱা হয়" প্ৰদৰ্শন কৰিবলৈ 'অৰূপিক' প্ৰযুক্তিৰ উৎকৃষ্ট ব্যৱহাৰে দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰিছিল। আমাৰ উপস্থাপনত এনামৰ্ফিক কৌশল দক্ষতাৰে গ্ৰহণ কৰা হৈছিল। এই প্ৰযুক্তিয়ে ইয়াক সমসাময়িক কৰি তুলিছিল, যিয়ে আমাৰ সংস্কৃতিৰ গতিশীলতা প্ৰতিফলিত কৰে। ইয়াত আধুনিকতাৰ সংমিশ্ৰণে পৰম্পৰাগত উপাদানবোৰক অনায়াসে আকৰ্ষণ কৰিছিল। আমি এটা প্ৰতিকী সৃষ্টি কৰিছিলো যিয়ে শৈল্পিক দক্ষতা আৰু সাংস্কৃতিক আভাস আনিছিল।
Read More
ব্যৱসায়ীৰ পৰা মুক্তিপণৰ দাবী গ্ৰহণৰ সময়তে গ্ৰেপ্তাৰ নিষিদ্ধ সংগঠন KLO-KNৰ কেডাৰ

ব্যৱসায়ীৰ পৰা মুক্তিপণৰ দাবী গ্ৰহণৰ সময়তে গ্ৰেপ্তাৰ নিষিদ্ধ সংগঠন KLO-KNৰ কেডাৰ

নিষিদ্ধ সশস্ত্ৰ সংগঠন কামতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ কোচ জাতীয়তাবাদ ফৈদৰ সদস্য কনক অধিকাৰীক দেওবাৰে সন্ধিয়া গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, কোকৰাঝাৰ জিলাৰ ৰামফলবিল গাঁৱৰ নিবাসী কনক অধিকাৰীক গৌৰীপুৰৰ এজন ব্যৱসায়ীৰ পৰা মুক্তিপণৰ ধন গ্ৰহণ কৰি থকা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰা হয়। বাতৰি অনুসৰি কে এল অ’-কে এন উগ্ৰপন্থীৰ এটা দলে কিছুদিনৰ পৰা গৌৰীপুৰৰ পৰা বিভিন্ন ব্যৱসায়ীৰ পৰা ধন দাবী কৰি আহিছে আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন (বি টি আৰ)ৰ অন্তৰ্গত গৌৰীপুৰৰ কাষৰীয়া বনাঞ্চলৰ পৰাই কাম কৰি আহিছে। অসম আৰু পশ্চিমবংগৰ কিছু অংশকে ধৰি সুকীয়া কামতাপুৰ ৰাজ্যৰ বাবে যুঁজি থকা কে এল অ’ৰ বিচ্ছিন্ন ফৈদ হৈছে কে এল…
Read More
আলফালৈ প্ৰেৰণ কৰা হোৱা নাই মানস বৰগোঁহাই নামৰ কোনো লোককঃ দাবী অসম আৰক্ষীৰ…

আলফালৈ প্ৰেৰণ কৰা হোৱা নাই মানস বৰগোঁহাই নামৰ কোনো লোককঃ দাবী অসম আৰক্ষীৰ…

ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ আছম-ইণ্ডিপেণ্ডেণ্ট (আলফা-আই)ৰ এটা ভিডিঅ’ প্ৰকাশ কৰাৰ কেইঘণ্টামানৰ পাছতে দেওবাৰে অসম আৰক্ষীয়ে উগ্ৰপন্থী সংগঠনটোৰ ভিতৰত আৰক্ষীৰ চোৰাংচোৱা থকাৰ অভিযোগ খণ্ডন কৰে। নিষিদ্ধ সংগঠনটোৱে কৰা দাবী খণ্ডন কৰি আৰক্ষীয়ে এক বিবৃতিত কয় যে মানস বৰগোহাঁই নামৰ কোনো ব্যক্তিক চোৰাংচোৱা হিচাপে আলফা স্বাধীনৰ শিবিৰলৈ প্ৰেৰণ কৰা হোৱা নাছিল। আৰক্ষীয়ে লগতে কয় যে অসম আৰক্ষীয়ে ২০২১চনৰ শাখাত আৰক্ষীৰ বিশেষ দলত কাকো নিযুক্তি দিয়া নাই। উল্লেখ্য যে, আলফা স্বাধীনে এটা ভিডিঅ’ৰ জৰিয়তে ‘সংগঠনৰ সংবিধান উলংঘা’ কৰাৰ অভিযোগত বৰগোহাঁই ওৰফে মুকুট অসমক বন্দী কৰা বুলি সদৰী কৰিছিল। পিছত এটা কথিত ভিডিঅ’ত বৰগোহাঁইয়ে অসম আৰক্ষীৰ বিশেষ শাখাত নিযুক্তি দিয়াৰ কথা স্বীকাৰ কৰে। যুৱকজনে…
Read More
বিজেপিমুখী কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈ, অংকিতা দত্তই; আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথৰো যোগদানৰ সম্ভাৱনা

বিজেপিমুখী কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈ, অংকিতা দত্তই; আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথৰো যোগদানৰ সম্ভাৱনা

লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত দল সলনিৰ ৰাজনীতি! কংগ্ৰেছ ত্যাগ কৰিব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে। লগতে কংগ্ৰেছ ত্যাগ কৰিব অংকিতা দত্তইও। খবৰ অনুসৰি, কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিবলৈ সাজু হৈছে দুই কংগ্ৰেছী নেত্ৰী। অহা ২৮ জানুৱাৰীত বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা দুয়োগৰাকী কংগ্ৰেছী নেত্ৰীৰ। উল্লেখযোগ্য যে, কংগ্ৰেছৰ এই দুয়োগৰাকী নেত্ৰীৰ লগতে বিজেপিত যোগদান কৰিব সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰা কেইবাগৰাকীও ছাত্ৰ নেতাই৷ এই মুহূৰ্তত আহি পৰা খবৰ অনুসৰি, বিজেপিত যোগদান কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ আৰু প্ৰাক্তন আছু নেতা প্ৰকাশ দাসে।
Read More
অনা-অসমীয়াক আক্ৰমণ! গুৱাহাটীত গ্ৰেপ্তাৰ লাচিত সেনাৰ ৬ সদস্যক

অনা-অসমীয়াক আক্ৰমণ! গুৱাহাটীত গ্ৰেপ্তাৰ লাচিত সেনাৰ ৬ সদস্যক

অনা-অসমীয়া লোকক আক্ৰমণৰ অভিযোগত গুৱাহাটীত গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ ৬ সদস্যক। জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সংগঠনটোৰ কামৰূপ জিলা সমিতিৰ সদস্য কেইজনক। অভিযোগ অনুসৰি, এজন বিহাৰী সম্প্ৰদায়ৰ লোকক আক্ৰমণ কৰিছিল লাচিত সেনাৰ সদস্য কেইজনে। ধৃত সদস্য কেইজন হ’ল কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ বৰুৱা, তপন কুমাৰ শৰ্মা, ৰবি দিহিঙীয়া, মতিউৰ ৰহমান, বিক্ৰান্ত কলিতা আৰু মনোজ ডেকা।
Read More
অৱশেষত অসম এৰিলে IPS আনন্দ মিশ্ৰই, আৰম্ভ কৰিব জীৱনৰ নতুন ইনিংছ

অৱশেষত অসম এৰিলে IPS আনন্দ মিশ্ৰই, আৰম্ভ কৰিব জীৱনৰ নতুন ইনিংছ

বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত অসম এৰি বিহাৰমুখী হ’ল ডাবাং আৰক্ষী বিষয়া আনন্দ মিশ্ৰ। ১২ বছৰীয়া প্ৰশাসনিক কেৰিয়াৰৰ অন্ত পেলাই বিহাৰত নতুনকৈ জীৱনৰ পাতনি মেলিব আনন্দ মিশ্ৰই। আজি পুৱা ৯ বাজি ১৫ মিনিটত ইণ্ডিগ’ বিমানযোগে নিজ মাতৃভূমিলৈ ৰাওনা হয় আনন্দ মিশ্ৰ। বিহাৰলৈ ৰাওনা হোৱাৰ এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সন্মুখত আনন্দ মিশ্ৰই কয় ‘‘মই সামাজিক কৰ্মী হিচাপে থাকিম। ভাল মানুহ হৈ থাকিম। এজন মানুহ যিয়ে দেশক ভাল পায় তেনেকুৱা মানুহ হৈ থাকিম। খাকী নিপিন্ধিলেও, যি কাপোৰ নিপিন্ধো কিয় তাত দাগ নাথাকিব।’’ অসম সন্দৰ্ভত আনন্দ মিশ্ৰই কয়, ‘‘অসমৰ পৰা মই বহুত কথা শিকিলো। অসমে মোক বহু কথা শিকালে। অসম মোৰ সদায় গুৰু…
Read More
জঘন্য! সহায় বিচৰা কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ লম্পটৰ, দুজনক গ্ৰেপ্তাৰ

জঘন্য! সহায় বিচৰা কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ লম্পটৰ, দুজনক গ্ৰেপ্তাৰ

মহানগৰীৰ চন্দ্ৰপুৰত দলবদ্ধ বলাৎকাৰৰ ঘটনা। ১৩ বছৰীয়া কিশোৰীক ৪ দিন ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তিনি যুৱকৰ বিৰুদ্ধে। ৰাজপথত সহায় বিচাৰি বলাৎকাৰৰ বলি হ’ব লগা হ’ল এগৰাকী কিশোৰী। ইতিমধ্যে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই বলাৎকাৰীক। ধৃত দুই বলাৎকাৰী হৈছে চন্দ্ৰপুৰৰ গোৱৰ্ধন পশ্চিম মায়ঙৰ দীপাংকৰ ৰয় আৰু নিলু মালো। পলাতক হৈ আছে সঞ্জয় বৰ্মন নামৰ আন এগৰাকী বলাৎকাৰী। পৰিয়ালৰ অভিযোগ অনুসৰি, যোৱা ১৯ জানুৱাৰীত মৰিগাঁৱৰ জোনবিল মেলালৈ গৈ থকা অৱস্থাতে ১৩ বছৰীয়া কিশোৰীগৰাকীয়ে সহায় বিচাৰিছিল দীপাংকৰ ৰয় নামৰ যুৱক জনক। কিন্তু লম্পট দীপাংকৰে কিশোৰীগৰাকীক মটৰ চাইকেলত উঠাই জোনবিল মেলাত লৈ যোৱাৰ বিপৰীতে আনিছিল নিজ গৃহলৈ। ধৃত লম্পটজনে কিশোৰীগৰাকীক বলাৎকাৰ কৰি আন…
Read More
ন্যায় যাত্ৰাত ‘ডুপ্লিকেট’ ৰাহুল! নেটিজেনে বিচাৰি পালে ‘ডুপ্লিকেট’ হিমন্ত বিশ্ব শৰ্মাকো…

ন্যায় যাত্ৰাত ‘ডুপ্লিকেট’ ৰাহুল! নেটিজেনে বিচাৰি পালে ‘ডুপ্লিকেট’ হিমন্ত বিশ্ব শৰ্মাকো…

ভাৰত জোড়ো ন্যায় যাত্ৰাত দেখাজন প্ৰকৃত ৰাহুল গান্ধী নহয়৷ এইজন ৰাহুল গান্ধীৰ সৈতে মিল থকা অন্য এজন মানুহ৷ এইজনক ৰাহুল গান্ধী বুলি দেখুৱাই ৰাইজক ফাঁকি দিছে কংগ্ৰেছে৷ এই দাবী অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ মুখ্যমন্ত্ৰীৰ এই দাবীৰ পাছতে নেটিজেনে হাঁহিৰ খোৰাক পোৱাত বিষয়টোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে৷ একাংশ লোকে হিমন্ত বিশ্ব শৰ্মাৰো ডুপ্লিকেট বিচাৰি পাইছে৷ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ মিল দেখিছে নেটিজেনে৷ এক্সত অজ্ঞাত একাউণ্টৰ পৰা নৱাজ শ্বৰীফক হিমন্ত বিশ্ব শৰ্মাৰ ডুপ্লিকেট বুলি অভিহিত কৰি ফটো শ্বেয়াৰ কৰাও দেখা গৈছে৷ ১৪ জানুৱাৰীত মণিপুৰত আৰম্ভ ভাৰত জোড়ো ন্যায় যাত্ৰাই ১৮ জানুৱাৰীত অসমত প্ৰৱেশ…
Read More
ৰাজ্যৰ ৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৪ বৰ্ষৰ পদ্মশ্ৰী সন্মান…

ৰাজ্যৰ ৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৪ বৰ্ষৰ পদ্মশ্ৰী সন্মান…

বৃহস্পতিবাৰে ঘোষণা কৰা হয় ২০২৪ বৰ্ষৰ দেশৰ পদ্ম সন্মান প্ৰাপকৰ তালিকা। এইবাৰ মুঠ ১৩২ গৰাকী ব্যক্তিয়ে লাভ কৰিছে পদ্ম সন্মান। ইয়াৰ ভিতৰত ৫ গৰাকীয়ে পদ্মবিভূষণ, ১৭ গৰাকীয়ে পদ্মভূষণ আৰু ১১০ গৰাকীয়ে লাভ কৰিছে পদ্মশ্ৰী। অসমৰ পৰা তিনিগৰাকীয়ে ব্যক্তিয়ে লাভ কৰিছে পদ্মশ্ৰী সন্মান। তেওঁলোক হ’ল পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী আৰু ড্ৰোণ ভূঞা। ২০২৪ বৰ্ষৰ বাবে পদ্মবিভূষণ লাভ কৰা ব্যক্তিসকল হৈছে তামিলনাডুৰ বয়জয়ন্তীমালা বালি, অন্ধ্ৰ প্ৰদেশৰ কনিডেলা চিৰঞ্জীৱী, এম ভেংকায়া নাইডু, বিহাৰৰ বিন্দেশ্বৰ পাঠক আৰু তামিলনাডুৰ পদ্ম সুব্ৰমণিয়ম।
Read More
ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আন এজন গাঁও প্ৰধান…

ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আন এজন গাঁও প্ৰধান…

ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ হ’ল আন এজন গাঁও প্ৰধান। কামৰূপ জিলাত উৎকোচ গ্ৰহণৰ পিছতে হাতে-লোটে কৰায়ত্ব কৰে দুৰ্নীতি নিবাৰক শাখাই। অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ দলে অভিযোগকাৰীৰ পৰা দাবী কৰা উৎকোচ গ্ৰহণ কৰাৰ পিছত কুমাৰপাটা আৰু সোতাশিল গাঁৱৰ গাঁও প্ৰধানক গ্ৰেপ্তাৰ কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে, অভিযুক্ত মনোৱাৰ ইছলামে নিজৰ মাটিৰ শ্ৰেণী ৰূপান্তৰৰ সন্দৰ্ভত ভিএলএমচিৰ প্ৰতিবেদন জাৰি কৰাৰ বাবে উৎকোচ দাবী কৰিছিল।
Read More