ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

পেৰ’লত মুকলি উন্নাও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত! ভীতিগ্ৰস্ত হৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীলৈ চিঠি ভুক্তভোগীৰ পৰিয়ালৰ…

পেৰ’লত মুকলি উন্নাও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত! ভীতিগ্ৰস্ত হৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীলৈ চিঠি ভুক্তভোগীৰ পৰিয়ালৰ…

উন্নাও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত কুলদীপ সিং চেংগাৰক কন্যাৰ বিবাহ অনুষ্ঠান উপলক্ষে পেৰ’লত মুকলি কৰি দিয়া হয়। বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীৰ পেৰ’লৰ কথা শুনি প্ৰধানমন্ত্ৰীকে ধৰি কেইবাজনো লোকলৈ পত্ৰ প্ৰেৰণ কৰিছে উন্নাওৰ ভুক্তভোগীয়ে। কুলদীপে গোচৰৰ সাক্ষীক ভয় দেখুৱাই প্ৰভাৱিত কৰিব বুলি ভয় খাই তেওঁ এই চিঠিখন প্ৰেৰণ কৰিছে। ইয়াৰ সমান্তৰালকৈ দিল্লী আৰক্ষী আৰু চিবিআইৰ কঠোৰ তত্বাৱধানত কুলদীপক জেলৰ পৰা ওলাই যাবলৈ দিব লাগে বুলি দাবী জনায় ভুক্তভোগীয়ে। প্ৰসংগক্ৰমে দিল্লী উচ্চ ন্যায়ালয়ে কুলদীপক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে। ইয়াৰ পিছত উন্নাও ভুক্তভোগীয়ে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, উচ্চতম ন্যায়ালয়কে ধৰি কেইবাটাও স্থানলৈ চিঠি লিখিছে। তেওঁলোকে কয়- কুলদীপ সিং চেংগাৰ জেলৰ পৰা ওলাই আহিছে। কিন্তু দিল্লী আৰক্ষীৰ…
Read More
শোকাবহ! অট্টালিকাৰ ২১ মহলাৰ পৰা বাগৰি মৃত্যু ঘৰুৱা সহায়কৰ…

শোকাবহ! অট্টালিকাৰ ২১ মহলাৰ পৰা বাগৰি মৃত্যু ঘৰুৱা সহায়কৰ…

মুম্বাইত শোকাবহ ঘটনা। মুম্বাইৰ হিৰণানন্দনী গাৰ্ডেনৰ এটা অট্টালিকাৰ ২১ মহলাৰ পৰা বাগৰি মৃত্যু এজন ১৭ বৰ্ষীয় ঘৰুৱা সহায়কৰ। প্ৰাথমিক তদন্তত আৰক্ষীয়ে এয়া এক আত্মহত্যা বুলি মন্তব্য কৰিছে। একাংশৰ মতে, ২১ মহলাৰ খিৰিকি চাফা কৰি থাকোতেই পিছলি তলত পৰে যুৱকজন। অৱশ্যে পৰিয়ালে এই দাবী অস্বীকাৰ কৰি এয়া হত্যাকাণ্ড বুলি দাবী কৰিছে। যুৱকজনৰ পৰিয়ালে জানিবলৈ দিয়া মতে, অহা বছৰ বিয়া ঠিক হৈছিল যুৱকজনৰ। এনে পৰিপ্ৰেক্ষিতত যুৱকজনৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ।
Read More
কোভিড মহামাৰীৰ পিছত বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে অভিলেখ অৱতাৰ-২ৰ…

কোভিড মহামাৰীৰ পিছত বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে অভিলেখ অৱতাৰ-২ৰ…

জেমছ কেমেৰনৰ অৱতাৰ ২ ছবিয়ে স্পাইডাৰ মেন: ন’ ৱে হোমৰ উপাৰ্জন অতিক্ৰম কৰি বিশ্বজুৰি ১.৯ বিলিয়ন ডলাৰৰ অধিক উপাৰ্জনেৰে মহামাৰীৰ পিছৰ যুগত সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছে। ইয়াৰ উপৰিও এই চিনেমাখন সৰ্বকালৰ ষষ্ঠ সৰ্বাধিক উপাৰ্জনকাৰী হিচাপে পৰিগণিত হৈছে। টাইটানিক আৰু অৱতাৰৰ পিছত ২ বিলিয়ন ডলাৰ উপাৰ্জন কৰা কেমেৰনৰ একেৰাহে তৃতীয়খন সফল ছবি হ’ব অৱতাৰ ২।
Read More
বিজেপিৰ প্ৰাক্তন মন্ত্ৰী চৌধুৰী লাল সিঙক ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণৰ অনুমতি প্ৰদানৰ পিছতে কংগ্ৰেছৰ পৰা পদত্যাগ মুখপাত্ৰ দীপিকা পুষ্কৰ নাথৰ…

বিজেপিৰ প্ৰাক্তন মন্ত্ৰী চৌধুৰী লাল সিঙক ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণৰ অনুমতি প্ৰদানৰ পিছতে কংগ্ৰেছৰ পৰা পদত্যাগ মুখপাত্ৰ দীপিকা পুষ্কৰ নাথৰ…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কংগ্ৰেছৰ মুখপাত্ৰ দীপিকা পুষ্কৰ নাথে কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভাৰত জোড়ো যাত্ৰাৰ দলৰ পৰা পদত্যাগ কৰে। ২০ জানুৱাৰীত জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিবলগীয়া ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত যোগদান কৰিবলৈ ৰাজ্যিক ইউনিটে বিজেপিৰ প্ৰাক্তন নেতা তথা মন্ত্ৰী চৌধুৰী লাল সিঙক অনুমতি দিয়াৰ পিছতে নাথে এই সিদ্ধান্ত গ্ৰহণ কৰে। টুইটাৰত তেওঁ লিখিছে “চৌধুৰী লাল সিঙে ভাৰত জোড়ো যাত্ৰাত যোগদান কৰাৰ প্ৰস্তাৱৰ প্ৰতি লক্ষ্য ৰাখি একেখিনি অনুমতি দিয়াৰ পৰিপ্ৰেক্ষিতত মোৰ হাতত কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। লাল সিঙে কাঠুৱা ধৰ্ষণ গোচৰত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ বাবে দায়ী আছিল ২০১৮ চনত ধৰ্ষণকাৰীক নিৰ্লজ্জভাৱে ৰক্ষা কৰিছিল।” “লাল সিঙে ধৰ্ষণকাৰীক সুৰক্ষা…
Read More
শোকাবহ! বাইক আৰু ল’ৰীৰ ভয়ংকৰ সংঘৰ্ষত মৃত্যু বাইক আৰোহী ২ যুৱক…

শোকাবহ! বাইক আৰু ল’ৰীৰ ভয়ংকৰ সংঘৰ্ষত মৃত্যু বাইক আৰোহী ২ যুৱক…

মঙলবাৰে কেৰালাৰ প’টাত এখন বাইক আৰু এখন ল’ৰীৰ সংঘৰ্ষত দুই বাইক আৰোহী যুৱকৰ মৃত্যু ঘটে। মৃত যুৱক দুজনক ভেট্টুকাডাভুৰ বাসিন্দা শ্বিনোজ (২৪) আৰু কুন্নাথাংগাডীৰ বাসিন্দা ব্ৰাইট (২৩) বুলি চিনাক্ত কৰা হৈছে। গীৰ্জাঘৰত ভোজৰ দিনত অংশগ্ৰহণ কৰি উভতি আহি থকা অৱস্থাত প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। খবৰ অনুসৰি তেওঁলোকৰ বাইকখনে ল’ৰীখনৰ পিছফালে খুন্দা মাৰে। দুৰ্ঘটনাত বাইকখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।
Read More
পুনৰ এবছৰ বৃদ্ধি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ কাৰ্যকাল…

পুনৰ এবছৰ বৃদ্ধি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ কাৰ্যকাল…

অহা বছৰৰ জুন মাহলৈকে বৃদ্ধি কৰা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ কাৰ্যকাল। মঙলবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহে। শ্বাহে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ সভাপতি নড্ডাৰ অধীনত ২০১৯ চনৰ তুলনাত বৃহৎ জনাদেশেৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত দলে জয়ী হ’ব বুলি মোৰ বিশ্বাস আছে।’ বিজেপিৰ অধ্যক্ষ হিচাপে নাড্ডাৰ তিনি বছৰীয়া কাৰ্যকাল ২০ জানুৱাৰীত সমাপ্ত হ’ব লাগিছিল।
Read More
দিল্লীত আপৰ কাউন্সিলাৰ আক্ৰমণত বিজেপিৰ মহিলা কাউন্সিলাৰ আহত হোৱাৰ অভিযোগ…

দিল্লীত আপৰ কাউন্সিলাৰ আক্ৰমণত বিজেপিৰ মহিলা কাউন্সিলাৰ আহত হোৱাৰ অভিযোগ…

দিল্লীৰ এমচিডি নিৰ্বাচনক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে আপ নেতাৰ আক্ৰমণত বিজেপিৰ দুগৰাকী মহিলা কাউন্সিলাৰ আহত হোৱাৰ দাবী বিজেপিৰ। এমচিডি হাউছত শুকুৰবাৰে সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজত মহিলা কাউন্সিলাৰ দুগৰাকী আহত হোৱাৰ অভিযোগ কৰিছে বিজেপিয়ে। বিজেপিৰ অভিযোগ অনুসৰি, আম আদমী পাৰ্টীৰ পুৰুষ কাউন্সিলাৰৰ এটা দলে ঘেৰি ধৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে মহিলা কাউন্সিলাৰ দুগৰাকীক। যাৰ ফলত অনিতা আৰু ইন্দৰ কৌৰ নামৰ মহিলা কাউন্সিলাৰ দুগৰাকী আহত হয়।
Read More
২০৪৭ৰ ভিতৰত ২০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হ’ব ভাৰতঃ প্ৰধানমন্ত্ৰীৰ আৰ্থিক উপদেষ্টাৰ দাবী

২০৪৭ৰ ভিতৰত ২০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হ’ব ভাৰতঃ প্ৰধানমন্ত্ৰীৰ আৰ্থিক উপদেষ্টাৰ দাবী

স্বাধীনতাৰ শতবাৰ্ষিকীত ভাৰত বিশ্বৰ অন্যতম শক্তিশালী অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিব। ভাৰতৰ জিডিপি ২০ ট্ৰিলিয়ন ডলাৰ হ’ব। কেৱল সেয়াই নহয়, জনমূৰি আয়ৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ অন্যতম শক্তিশালী দেশক পৰাস্ত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখ্য বিত্তীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰয়ে এই দাবী কৰে। আচলতে কেন্দ্ৰীয় চৰকাৰে এই বছৰ ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। সেই উদ্দেশ্যে মোডী চৰকাৰে বহু প্ৰচাৰ কৰিছে। কিন্তু কোভিডৰ প্ৰভাৱে ভাৰতক সেই লক্ষ্যৰ পৰা বহু দূৰলৈ ঠেলি দিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে কেতিয়া পাঁচ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হ’ব পাৰিব তাৰ কোনো নিৰ্দিষ্ট সময়সীমা দিব পৰা নাই। কিন্তু লাখ লাখ টকাৰ সপোন দেখাৰ দৰেই মোডীৰ…
Read More
উত্তৰাখণ্ডৰ হালদ্বাণীৰ ৫০ হাজাৰ লোকক উচ্ছেদৰ নিৰ্দেশত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

উত্তৰাখণ্ডৰ হালদ্বাণীৰ ৫০ হাজাৰ লোকক উচ্ছেদৰ নিৰ্দেশত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

উত্তৰাখণ্ডৰ হালদ্বাণীত ভাৰতীয় ৰে’লৱেৰ অন্তৰ্গত ভূমিত নিৰ্মিত ঘৰত থকা হাজাৰ হাজাৰ লোকক উচ্ছেদ কৰিবলৈ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিছে। খবৰ অনুসৰি মাটি খালী কৰাৰ নিৰ্দেশ কাৰ্যকৰী হ’লে প্ৰায় ৫০ হাজাৰ লোক গৃহহীন হৈ পৰিব। উচ্চতম ন্যায়ালয়ে কয় যে এই লোকসকলক "এদিনতে উচ্ছেদ নোৱাৰি"।
Read More
উত্তৰাখণ্ডত ৫ শতাধিক ঘৰত সৃষ্টি হৈছে ফাটৰ, কাৰণ…

উত্তৰাখণ্ডত ৫ শতাধিক ঘৰত সৃষ্টি হৈছে ফাটৰ, কাৰণ…

উত্তৰাখণ্ডৰ যোশীমঠ চহৰৰ ৫৫০ টাতকৈও অধিক ঘৰত সৰু-ডাঙৰ ফাট মেলিছে। যাৰ ফলত উত্তৰ ভাৰতত ঠাণ্ডাৰ ঢৌৰ মাজতে শ শ বাসিন্দাই বাহিৰলৈ ওলাই আহিবলগীয়া হৈছে। ভূমি ডুব যোৱাৰ বাবে ফাটবোৰৰ সৃষ্টি হোৱাৰ লগতে বহু অঞ্চলত এই ফাটেৰে পানীৰ ফোৱাৰ ওলোৱা পৰিলক্ষিত হৈছে। ফাট মেলাৰ পিছতে চহৰখনত মানুহে টৰ্চৰ পোহৰত প্ৰতিবাদ সাব্যস্ত কৰে।
Read More