ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে দুৰ্ঘটনাত পতিত বিবাহ যাত্ৰীৰ বাহন, ৭ জনৰ মৃত্যু

বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে দুৰ্ঘটনাত পতিত বিবাহ যাত্ৰীৰ বাহন, ৭ জনৰ মৃত্যু

শুকুৰবাৰে ওড়িশাৰ সম্ভলপুৰত সংঘটিত হোৱা এক বৃহৎ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় ৭জনকৈ বিবাহ যাত্ৰীয়ে। খবৰ অনুসৰি ওড়িশাৰ সম্ভলপুৰ জিলাৰ সাছানা থানাৰ অন্তৰ্গত বিশালাখিন্দা চাছানা খালৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। বিয়াত অংশগ্ৰহণ কৰি উভতি আহি থকা অৱস্থাত বিবাহ যাত্ৰীৰ বলেৰ’ বাহনখন দুৰ্ঘটনাত পতিত হয়। লাভ কৰা তথ্য অনুসৰি নিশা প্ৰায় ২ বজাত এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে, ঝাৰছুগুড়া জিলাৰ কংকটুৰা লাদাধৰা অঞ্চলৰ পৰা পৰমানপুৰ নিবাসী দৰা কঢ়িয়াই অনা গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পোনে পোনে বিশালাখিন্দাৰ সমীপৰ সাছানা খালত ডুব যায়। দুৰ্ঘটনাৰ ফলত গাড়ীৰ ভিতৰত থকা যাত্ৰীসকল আবদ্ধ হৈ পৰে আৰু কিছু সময় নামিব পৰা নাছিল। পিছত তেওঁলোকৰ মাজৰ…
Read More
মোডী বিৰোধী পোষ্টাৰ লগোৱাৰ অপৰাধত ৮ জনক গ্ৰেপ্তাৰ গুজৰাট আৰক্ষীৰ…

মোডী বিৰোধী পোষ্টাৰ লগোৱাৰ অপৰাধত ৮ জনক গ্ৰেপ্তাৰ গুজৰাট আৰক্ষীৰ…

আহমেদাবাৰ ৰাজহুৱা স্থান আৰু চৰকাৰী সম্পত্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক পোষ্টাৰ লগোৱাৰ অভিযোগত গুজৰাট আৰক্ষীয়ে ৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে কয় যে “মোডী হাটাও দেশ বাচাও”ৰ দৰে বৃহস্পতিবাৰে চহৰৰ বিভিন্ন প্ৰান্তত পোষ্টাৰ লগাইছিল অভি়যুক্তকেইজনে। তদন্তৰ সময়ত আঠজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইফালে গুজৰাট আম আদমী পাৰ্টিৰ সভাপতি ইছুোন গাধৱীয়ে গ্ৰেপ্তাৰ হোৱা কৰ্মীসকল দলীয় কৰ্মী বুলি উল্লেখ কৰি আৰক্ষীৰ এই কাৰ্যই বিজেপি ভয় খোৱাটো দেখুৱাইছে বুলি অভিযোগ উত্থাপন কৰে। গাধৱীয়ে টুইট কৰি কয়, “চাওক বিজেপিৰ একনায়কত্ববাদ! গুজৰাটত আম আদমি পাৰ্টিৰ কৰ্মীসকলক মোডী হাটাও দেশ বাচাওৰ পোষ্টাৰ সন্দৰ্ভত আইপিচিৰ বিভিন্ন শাখাৰ অধীনত জেলত ভৰোৱা হৈছে! যদি…
Read More
ৰাম নৱমীৰ আনন্দৰ মাজতে মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা, ১৩ ভক্তৰ মৃত্যু

ৰাম নৱমীৰ আনন্দৰ মাজতে মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা, ১৩ ভক্তৰ মৃত্যু

মধ্য প্ৰদেশৰ ইন্দোৰত ভয়ংকৰ ঘটনা। মন্দিৰত কুঁৱাৰ ওপৰত নিৰ্মাণ কৰা মজিয়া খহি মৃত্যু ১৩ গৰাকী ভক্তৰ। ৰাম নৱমীৰ আৰাধনাৰ মাজতে এই শোকাবহ ঘটনা সংঘটিত হয় ইন্দোৰৰ স্নেহ নগৰ অঞ্চলস্থিত শ্ৰী বালেশ্বৰ মন্দিৰত। জানিব পৰা মতে, বৃহস্পতিবাৰে ৰাম নৱমী উপলক্ষ্যে অগনন ভক্তৰ সমাগম ঘটিছিল মন্দিৰটোলৈ। সকলো ভগৱানক আৰাধনাত ব্যস্ত থকাৰ সময়তে মন্দিৰ চৌহদত এটা কুঁৱাৰ ওপৰত নিৰ্মাণ কৰা মজিয়াখন খহি পৰে। এই দুৰ্ঘটনাত ১৩ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় আন কেইবাগৰাকীও ভক্ত। ঘটনাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। স্থানীয় প্ৰশাসনে প্ৰকাশ কৰা মতে, এই মুহূৰ্তলৈকে ১০ জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে।
Read More
১০ মে’ত অনুষ্ঠিত হ’ব মেঘালয়, পঞ্জাৱ, ওড়িশা, উত্তৰ প্ৰদেশৰ বিধানসভাৰ উপ-নিৰ্বাচন

১০ মে’ত অনুষ্ঠিত হ’ব মেঘালয়, পঞ্জাৱ, ওড়িশা, উত্তৰ প্ৰদেশৰ বিধানসভাৰ উপ-নিৰ্বাচন

বুধবাৰে নিৰ্বাচন আয়োগে মেঘালয়, পঞ্জাৱ, ওড়িশা, উত্তৰ প্ৰদেশকে ধৰি সংসদীয় আৰু বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে। পঞ্জাৱৰ জলন্ধৰ সংসদীয় সমষ্টি আৰু ওড়িশাৰ ঝাৰছুগুডাৰ বিধানসভা সমষ্টিৰ বাবে হ’ব উপ-নিৰ্বাচন। আনহাতে উত্তৰ প্ৰদেশৰ ছানবে আৰু ছুৱাৰ; আৰু মেঘালয়ৰ ছ’হিয়ঙত ১০ মে’ত অনুষ্ঠিত হ’ব বুলি আজি সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে জনায়। একেটাৰ বাবেই ১৩ মে’ত ফলাফল ঘোষণা কৰা হ’ব বুলিও তেওঁ আৰু কয়। উল্লেখযোগ্য যে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু গণনাৰ তাৰিখ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ তাৰিখৰ সৈতে মিল আছে। ইয়াৰ পূৰ্বে আজি ইচিয়ে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন ১০ মে’ নিৰ্ধাৰণ কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ভাগ কৰা পৰিসংখ্যা অনুসৰি মুঠ…
Read More
আদালতৰ শাস্তি-বিতৰ্কৰ মাজতে কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু ৰাহুল গান্ধী…

আদালতৰ শাস্তি-বিতৰ্কৰ মাজতে কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু ৰাহুল গান্ধী…

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে মোডীক লৈ বিতৰ্কিত মন্তব্য কৰা ঠাইৰ পৰাই কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব। ১০ মে’ত কৰ্ণাটকত বিধানসভা নিৰ্বাচন। ৫ এপ্ৰিলত কোলাৰত সমদল উলিয়াই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব ৰাহুলে। ইয়াতেই ২০১৯ চনত ৰাহুলে কৈছিল, সকলো মোডী চোৰ। এই মন্তব্যৰ বাবে ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল। তেওঁৰ সাংসদ পদো বৰ্খাস্ত কৰা হয়। কৰ্ণাটক নিৰ্বাচনৰ সঠিক তাৰিখ বুধবাৰে ঘোষণা কৰা হয়। তেতিয়া কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে কয়, “কোলাৰৰ পৰা কংগ্ৰেছৰ হৈ ৰাহুল গান্ধীয়ে ৰেলী আৰম্ভ কৰিব।” আমি তেওঁক কোলাৰৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছো। এইখিনিতে ৰাহুলৰ মন্তব্যক বিজেপিয়ে গৰিহণা দিছিল, সেইবাবেই কোলাৰৰ পৰাই ৰাহুলে যাত্ৰা আৰম্ভ…
Read More
কুনো ৰাষ্ট্ৰীয় উদ্যানত আনন্দৰ জোৱাৰ! নামিবিয়াৰ পৰা অনা মাইকী চিতাই জন্ম দিলে ৪টা পোৱালি…

কুনো ৰাষ্ট্ৰীয় উদ্যানত আনন্দৰ জোৱাৰ! নামিবিয়াৰ পৰা অনা মাইকী চিতাই জন্ম দিলে ৪টা পোৱালি…

ডিজিটেল ডেস্কঃ তিনিদিন পূৰ্বে মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ পৰা অনা এটা মাইকী চিতাৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে উদ্যানখনত। কিন্তু এই শোকৰ মাজতে এইবাৰ আহিল এটা ভাল খবৰ। নামিবিয়াৰ এটা মাইকী চিতাই চাৰিটা পোৱালি জন্ম দিলে উদ্যানখনত। কেন্দ্ৰীয় মন্ত্ৰী ভূপিন্দৰ যাদৱে বুধবাৰে টুইটযোগে এই ভাল খবৰ প্ৰদান কৰিছে। বন বিভাগৰ সূত্ৰ অনুসৰি কেইবাদিনো ধৰি বনকৰ্মী সকলে গৰ্ভৱতী চিতাজনীৰ বিশেষ যত্ন লৈ আছিল। অৱশেষত আজিৰ দিনটোতে চাৰিটা পোৱালি জন্ম দিয়ে। মাক আৰু পোৱালিবোৰ সুস্থ হৈ আছে। বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইট কৰি কয়, ‘অভিনন্দন! অমৃত কাল (স্বাধীনতাৰ অমৃত উৎসৱ)ৰ সময় আমাৰ বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বত…
Read More
চোৰ, ডকাইত, দুৰ্নীতিগ্ৰস্ত সকলো লোক আছে বিজেপিতঃ পুনৰ সৰৱ দিল্লীৰ মুখ্যমন্ত্ৰী…

চোৰ, ডকাইত, দুৰ্নীতিগ্ৰস্ত সকলো লোক আছে বিজেপিতঃ পুনৰ সৰৱ দিল্লীৰ মুখ্যমন্ত্ৰী…

বিজেপিৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ হৈ পৰিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ সকলো ৰাজনৈতিক বিৰোধী দলে বিজেপিৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰাৰ সময়তে এইবাৰ কেজৰিৱালৰ মন্তব্য- বিজেপিতে আছে সকলো চোৰ, ডকাইত। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, “চোৰ, ডকাইত আৰু দুৰ্নীতিগ্ৰস্ত সকলো লোক এটা দলতেই আছে। সেয়া হৈছে বিজেপি।’’ তেওঁ পুনৰ কয়, ”যিদিনা নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী নহ’ব, সেইদিনা ভাৰত দুৰ্নীতিমুক্ত হ’ব।’’ কেজৰিৱালে কয় যে যিহেতু সকলো দুৰ্নীতিগ্ৰস্ত লোক এটা দলত আছে, সেয়েহে তেওঁলোকক ধৰিবলৈ সহজ হ’ব।
Read More
ভাৰতক বচাব বিচৰা প্ৰতিখন ঘৰেই ৰাহুল গান্ধীৰো ঘৰঃ প্ৰকাশ ৰাজ

ভাৰতক বচাব বিচৰা প্ৰতিখন ঘৰেই ৰাহুল গান্ধীৰো ঘৰঃ প্ৰকাশ ৰাজ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নিজৰ চৰকাৰী বাংলো খালী কৰিবলৈ দিয়া নিৰ্দেশৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেতা প্ৰকাশ ৰাজে কয় যে এই দেশক বচাব বিচৰা প্ৰতিজন ব্যক্তিৰ ঘৰখন ৰাহুল গান্ধীৰো ঘৰ। অভিনেতাগৰাকীয়ে কয়, “প্ৰিয় ৰাহুল গান্ধী, এই অত্যাচাৰীসকলৰ পৰা আমাৰ দেশক উদ্ধাৰ কৰিব বিচৰা প্ৰতিটো ঘৰেই আপোনাৰ ঘৰ।” উল্লেখ্য যে, ২০১৯ চনত কৰা ‘মোডী উপাধি’ৰ মন্তব্যক লৈ অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে সাংসদ পদ খাৰিজ কৰা হৈছিল ৰাহুল গান্ধীৰ। সমান্তৰলভাৱে কংগ্ৰেছ নেতাগৰাকীক চৰকাৰী বাংলো খালী কৰিবলৈও নিৰ্দেশ দিয়া হৈছিল।
Read More
প্ৰধানমন্ত্ৰীৰ জন্মদিনত নামিবিয়াৰ পৰা ভাৰতলৈ অনা চিতা ‘শশা’ৰ মৃত্যু

প্ৰধানমন্ত্ৰীৰ জন্মদিনত নামিবিয়াৰ পৰা ভাৰতলৈ অনা চিতা ‘শশা’ৰ মৃত্যু

নামিবিয়াৰ পৰা ভাৰতলৈ অনা চাৰে পাঁচ বছৰীয়া চিতা বাঘ ‘শশা’ৰ সন্দেহযুক্ত কিডনী সম্পৰ্কীয় ৰোগৰ বাবে সোমবাৰে মৃত্যু হয়। নামিবিয়াৰ পৰা প্ৰথমটো গোটত অনা আৰু ভাৰত চৰকাৰৰ প্ৰজেক্ট চিতাৰ অংশ হিচাপে মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত কৰা নামিবিয়াৰ আঠটা চিতাৰ ভিতৰত অন্যতম আছিল এই মাইকী চিতা। খবৰ অনুসৰি জানুৱাৰী মাহৰ তৃতীয় সপ্তাহত জীৱ-জন্তুৰ মাজত সাধাৰণ ৰেনাল ইনফেকচনত শশাই শেওপুৰ জিলাৰ ৰাষ্ট্ৰীয় উদ্যানত চিকিৎসাধীন হৈ আছিল। সোমবাৰে মধ্যপ্ৰদেশৰ বন বিভাগে এক বিবৃতিত কয় যে শশা ট্ৰেন্সলকেচনৰ পূৰ্বে বৃক্কৰ ৰোগত আক্ৰান্ত আছিল। বিবৃতিটোৰ মতে, বিষয়াসকলে প্ৰথমে ২২ জানুৱাৰীত তাৰ অসুস্থতাৰ বিষয়ে জানিব পাৰিছিল, যেতিয়া তাৰ দৃশ্যমানভাৱে “অলস” আছিল। বিবৃতিটোত কোৱা হৈছে যে, ‘শশাক…
Read More
পিকআপ আৰু বাইকৰ ভয়ংকৰ সংঘৰ্ষত শিশুসহ ৪ জনৰ মৃত্যু

পিকআপ আৰু বাইকৰ ভয়ংকৰ সংঘৰ্ষত শিশুসহ ৪ জনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পুনে জিলাত এখন পিকআপ আৰু দুখন মটৰ চাইকেলৰ সংঘৰ্ষত চাৰিজন লোক নিহত হোৱাৰ লগতে তিনিজন লোক আহত হয়। আৰক্ষীৰ তথ্য অনুসৰি মৃত লোকসকলৰ ভিতৰত দুটা শিশুও আছে আৰু আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পুনে চহৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত থকা জুন্নাৰ তহচিলৰ আলেগাওঁ গাঁৱৰ সমীপত সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। বিপৰীত দিশৰ পৰা অহা এখন পিকআপ ট্ৰাকে আলেগাওঁৰ সমীপত আহমেদনগৰ দিশে যোৱা দুখন মটৰ চাইকেলত খুন্দা মাৰে। এই সংঘৰ্ষত মটৰ চাইকেল আৰোহী এগৰাকী মহিলা আৰু দুটি শিশুসহ চাৰিজন লোকৰ মৃত্যু হয়।
Read More