09
Sep
জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বি এছ এফৰ এজন জোৱান নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। বিহাৰৰ নিবাসী কনিষ্টবলজন শুকুৰবাৰে নিৰুদ্দেশ হোৱাৰ সময়ত বালাকোটে ছেক্টৰৰ ভৰাণী ফৰৱাৰ্ড পোষ্টত সাধাৰণ কৰ্তব্যৰত আছিল। বিএছএফে জনোৱা মতে সীমান্ত নিৰাপত্তা বাহিনীৰ জোৱানজনৰ সন্ধান বিচাৰি অভিযান অব্যাহত ৰাখিছে। স্থানীয় আৰক্ষী থানাতো জোৱানজনৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে।
