ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

জিম্বাব’ৱেত বিমান দুৰ্ঘটনাত পুত্ৰসহ মৃত্যু ভাৰতীয় কোটিপতি হৰপাল ৰান্ধৱাৰ

জিম্বাব’ৱেত বিমান দুৰ্ঘটনাত পুত্ৰসহ মৃত্যু ভাৰতীয় কোটিপতি হৰপাল ৰান্ধৱাৰ

২৯ ছেপ্টেম্বৰত জিম্বাব’ৱেত সংঘটিত ভয়ানক বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ভাৰতীয় কোটিপতি তথা খনন উদ্যোগপতি হৰপাল ৰান্ধৱা আৰু তেওঁৰ ২২ বৰ্ষীয় পুত্ৰ আমেৰৰ। দক্ষিণ-পশ্চিম জিম্বাব’ৱেৰ এটা হীৰা খনিৰ ওচৰত তেওঁলোকৰ ব্যক্তিগত বিমানখন কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত পুত্ৰসহ উদ্যোগপতিগৰাকীৰ লগতে মুঠ ৬ জন লোকৰ মৃত্যু ঘটিছিল। উল্লেখযোগ্য যে হৰপাল ৰান্ধৱা হৈছে সোণ আৰু কয়লা উৎপাদনৰ লগতে নিকেল আৰু তাম শোধন কৰা বৈচিত্ৰ্যপূৰ্ণ খনন কোম্পানী ৰিঅ’জিমৰ স্বত্বাধিকাৰ। ৰান্ধৱাই ৪ বিলিয়ন ডলাৰৰ ব্যক্তিগত ইকুইটি ব্যৱসায় জিইএম হোল্ডিংছকো প্ৰতিষ্ঠা কৰিছিল। খনন উদ্যোগপতিগৰাকী আৰু তেওঁৰ পুত্ৰই ৰিঅ’জিমৰ ব্যক্তিগত মালিকানাধীন চেছনা ২০৬ বিমানত যাত্ৰা কৰিছিল। হাৰাৰেৰ পৰা মুৰোৱা হীৰা খনিলৈ যোৱাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয়।…
Read More
দেশৰ হিন্দুসকলক ধ্বংস কৰিব বিচাৰিছে কংগ্ৰেছেঃ ছত্তীশগড়ত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

দেশৰ হিন্দুসকলক ধ্বংস কৰিব বিচাৰিছে কংগ্ৰেছেঃ ছত্তীশগড়ত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

ছত্তীশগড় ভ্ৰমণৰ সময়ত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিহাৰৰ জাতিগত গণনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যখনৰ কংগ্ৰেছ-আৰজেডি-জেডিইউৰ চৰকাৰক সমালোচনা প্ৰধানমন্ত্ৰীৰ। বষ্টাৰত এক জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, জাতি জনগণনাত মনমোহন সিঙে কৈছিল যে দেশৰ সম্পদৰ ওপৰত সংখ্যালঘুৰ প্ৰথম অধিকাৰ আছে। এতিয়া কংগ্ৰেছেও মুছলমানসকলক অগ্ৰাধিকাৰ প্ৰদান কৰি অন্য সংখ্যালঘুক প্ৰতাৰণা কৰিব বিচাৰিছে। মোদীয়ে লগতে কয় যে কংগ্ৰেছে কৈছে যে যদি মানুহে নিজৰ সংখ্যা অনুযায়ী নিজৰ অধিকাৰ পায় তেন্তে এতিয়া দেশৰ হিন্দুসকলেও সেই একে অনুপাতে নিজৰ অধিকাৰ ল’বনে? মোৰ বাবে দেশৰ সম্পদৰ ওপৰত দেশৰ হিন্দুসকলৰ প্ৰথম অধিকাৰ আছে। কংগ্ৰেছে দেশৰ হিন্দুসকলক বিভাজিত কৰিবলৈ কাম কৰি আছে যাতে তেওঁলোকক…
Read More
নিউজ প’ৰ্টেল ‘নিউজ ক্লিক’ৰ ৩০টা স্থানত দিল্লী আৰক্ষীৰ অভিযান, চীনৰ পৰা ধন লৈ এজেণ্ডা চলোৱাৰ অভিযোগ

নিউজ প’ৰ্টেল ‘নিউজ ক্লিক’ৰ ৩০টা স্থানত দিল্লী আৰক্ষীৰ অভিযান, চীনৰ পৰা ধন লৈ এজেণ্ডা চলোৱাৰ অভিযোগ

মঙলবাৰে (৩ অক্টোবৰ) পুৱা দিল্লী আৰক্ষীৰ বিশেষ কোষে দিল্লীৰ ব্যক্তিগত নিউজ ৱেব পৰ্টেল নিউজ ক্লিকৰ ৩০টা স্থানত অভিযান চলায়। এই অভিযান এতিয়াও চলি আছে। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বিশেষ কোষে নিউজ ক্লিকৰ পুঁজিৰ তদন্ত চলাই আছে। এই ৱেব পৰ্টেলটোৱে চীনৰ পৰা ধন লৈ নিজৰ এজেণ্ডা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, ব্যক্তিগত ৱেব পৰ্টেলটোৱে চীনৰ নাগৰিক নেভিল ৰয় সিংহামৰ পৰা ৩৮ কোটি টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ধন লৈ তেওঁ ভাৰতত বাতৰিৰ জৰিয়তে চীনৰ অপপ্ৰচাৰ চলাব বিচাৰে। তেওঁলোকৰ সৈতে জড়িত স্থানসমূহত অভিযান চলোৱাৰ সময়ত দিল্লী আৰক্ষীৰ বিশেষ কোষে বহু ইলেক্ট্ৰনিক প্ৰমাণ, লেপটপ, মোবাইল ফোন জব্দ কৰাৰ লগতে…
Read More
পঞ্জাৱৰ স্বৰ্ণ মন্দিৰত ‘সেৱা’ আগবঢ়াই প্ৰণিপাত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ…

পঞ্জাৱৰ স্বৰ্ণ মন্দিৰত ‘সেৱা’ আগবঢ়াই প্ৰণিপাত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ…

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে একেৰাহে দ্বিতীয় দিনটোৰ বাবে মঙলবাৰে অমৃতসৰৰ সোণালী মন্দিৰ পৰিদৰ্শন কৰি লংগাৰ নামেৰে পৰিচিত সামূহিক পাকঘৰত ‘সেৱা’ আগবঢ়ায়। সোমবাৰেও ৰাহুল গান্ধীয়ে শিখসকলৰ আটাইতকৈ পূজনীয় পূজাস্থলী সোণালী মন্দিৰত প্ৰণিপাত জনাই ‘সেৱা’ আগবঢ়াইছিল। সেৱাৰ অংশ হিচাপে কংগ্ৰেছ নেতাগৰাকীয়ে সোণালী মন্দিৰত বাচন-বৰ্তন আৰু অন্যান্য কাম কৰি থকা দেখা গৈছিল। পঞ্জাৱ কংগ্ৰেছৰ সভাপতি ৰাজা ৱাৰিঙে সোমবাৰে কৈছিল যে ৰাহুল গান্ধী তেওঁৰ ব্যক্তিগত, আধ্যাত্মিক ভ্ৰমণত আছে। গুৰুত্বপূৰ্ণ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীৰ পঞ্জাৱ ভ্ৰমণক লৈ সৃষ্টি হৈছে জল্পনা কল্পনাৰ। কংগ্ৰেছ দলে ২০২২ চনত আম আদমী পাৰ্টিৰ হাতত ৰাজ্যখনত ক্ষমতা হেৰুৱাইছিল।
Read More
হোমৱৰ্ক নকৰাৰ বাবেই ছাত্ৰক গুৰুতৰভাৱে প্ৰহাৰ শিক্ষকৰ, হাস্পতালত মৃত্যু

হোমৱৰ্ক নকৰাৰ বাবেই ছাত্ৰক গুৰুতৰভাৱে প্ৰহাৰ শিক্ষকৰ, হাস্পতালত মৃত্যু

হায়দৰাবাদৰ এখন ব্যক্তিগত বিদ্যালয়ত হোমৱৰ্ক নকৰাৰ অপৰাধতে শিক্ষকৰ প্ৰহাৰত মৃত্যুক সাৱটি লয় এজন ছাত্ৰই। শিক্ষকৰ প্ৰহাৰত শনিবাৰে বিদ্যালয়তে অসুস্থ হৈ পৰা ৫ বছৰীয়া হেমন্ত নামৰ ছাত্ৰজনৰ সোমবাৰে হাস্পতালত মৃত্যু ঘটাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অভিযোগ অনুসৰি, হোমৱৰ্ক নকৰাৰ বাবে শিশুটিৰ মূৰত ফলিৰে আঘাত কৰিছিল শিক্ষকে। ৰমন্তপুৰ অঞ্চলৰ বিবেক নগৰৰ এখন বিদ্যালয়ত সংঘটিত হয় এই ঘটনা। ইফালে শিশুটিৰ মৃত্যুৰ পিছতে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে। সোমবাৰে ল’ৰাজনৰ মৃতদেহ লৈ বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Read More
ভাল খবৰ! এছিয়ান গেমছৰ ২০০ মিটাৰ দৌৰত ছেমি ফাইনেলত প্ৰৱেশ অসম সন্তান অম্লানৰ…

ভাল খবৰ! এছিয়ান গেমছৰ ২০০ মিটাৰ দৌৰত ছেমি ফাইনেলত প্ৰৱেশ অসম সন্তান অম্লানৰ…

পুৰুষৰ ২০০ মিটাৰ দৌৰত ২১.০৮ ছেকেণ্ডৰ সময়েৰে তৃতীয় স্থান দখল কৰি অসম সন্তান অম্লান বৰগোহাঁইয়ে ২০২৩ চনৰ এছিয়ান গেমছত ছেমিফাইনেলত প্ৰৱেশ কৰে। নিয়ম অনুসৰি প্ৰতিটো হিটত প্ৰথম তিনিজন খেলুৱৈয়ে ছেমি ফাইনেলৰ বাবে নিৰ্বাচিত হয়। বৰ্তমান দেশৰ সৰ্বাধিক বেগী অসমৰ এই দৌৰবিদগৰাকীয়ে পুৰুষৰ ১০০ মিটাৰ আৰু ২০০ মিটাৰ দুয়োটাৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অৱশ্যে মহিলাৰ ২০০ মিটাৰ ফাইনেলৰ বাবে সফলতা লাভ কৰিব নোৱাৰিলে জ্যোতি য়াৰৰাজীয়ে। ভাৰতীয়গৰাকীৰ সময় আছিল ২৩.৭৮ছেকেণ্ড। ইফালে ১ অক্টোবৰৰ সন্ধিয়া ছেমি ফাইনেলৰ বাবে অম্লানে একচনত অংশগ্ৰহণ কৰিব।
Read More
জনতাৰ মূৰত মাধমাৰ! বাণিজ্যিক এলপিজি চিলিণ্ডাৰ মূল্যত বৃদ্ধি কৰা হ’ল ২০৯ টকাকৈ…

জনতাৰ মূৰত মাধমাৰ! বাণিজ্যিক এলপিজি চিলিণ্ডাৰ মূল্যত বৃদ্ধি কৰা হ’ল ২০৯ টকাকৈ…

বহু গ্ৰাহকৰ বাবে এক বৃহৎ বিপৰ্যয়ৰ ৰূপত ৩০ ছেপ্টেম্বৰত তেল বিপণন কোম্পানীসমূহে বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰে। ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৯ কেজি বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ হাৰ ২০৯ টকা বৃদ্ধি কৰা হৈছে। ফলত ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য এতিয়া নতুন দিল্লীত ১,৭৩১.৫০টকা হ’ব। এই বৃদ্ধিৰ তাৎক্ষণিক পৰিণতি হিচাপে বাহিৰত খাদ্য গ্ৰহণ কৰাটো ব্যয়বহুল হৈ পৰিব। ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১৫৮ টকা হ্ৰাস কৰাৰ মাত্ৰ এমাহৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে, যাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানীত ইয়াৰ মূল্য ১৫২২ টকালৈ হ্ৰাস পাইছে। শেহতীয়াকৈ বাণিজ্যিক…
Read More
জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰে সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী…

জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰে সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী…

শনিবাৰে জম্মু-কাশ্মীৰৰ ট্ৰালত অভিযান চলোৱাৰ সময়ত দুটা সন্ত্ৰাসবাদীৰ আত্মগোপন কৰা ঠাই ধ্বংস কৰা হয়। গুলশানপোৰা ট্ৰালত অৱস্থিত নাগবাল বনাঞ্চলৰ বনাঞ্চলত ভাৰতীয় সেনাৰ ৪২ ৰাষ্ট্ৰীয় ৰাইফলছৰ সৈতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ঘেৰাও স্থাপন কৰে। অভিযান চলাই তালাচীৰ সময়ত দুটা সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান জব্দ কৰা হয়। ভাৰতীয় সেনাই সন্ত্ৰাসবাদী আত্মগোপন স্থানসমূহ ভাঙি পেলোৱাৰ বিষয়ে অৱগত কৰে। শেহতীয়াকৈ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে। আন এটা ঘটনাত কুপৱাৰাত চলি থকা এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদী নিহত হৈছে। মাচল খণ্ডৰ কুমকাদি অঞ্চলত সংঘটিত হয় এই এনকাউণ্টাৰ। আৰক্ষীয়ে জনোৱা মতে, অঞ্চলটোত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ তথ্য লাভ কৰে। ভাৰতীয় সেনাৰ সৈতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ যৌথ…
Read More
মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি ভক্তক আক্ৰমণ মুছলমান যুৱকৰ, ভাইৰেল ভিডিঅ’

মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি ভক্তক আক্ৰমণ মুছলমান যুৱকৰ, ভাইৰেল ভিডিঅ’

উত্তৰ প্ৰদেশৰ উন্নাওত প্ৰাচীন শিৱ মন্দিৰত প্ৰৱেশ কৰি ভক্তসকলক আক্ৰমণ কৰে এজন মুছলমান যুৱকে। মন্দিৰৰ ভিতৰত স্থাপন কৰা চিচিটিভি কেমেৰাত ধৰা পৰে এই ঘটনা। এই ঘটনাৰ ভিডিঅ’ চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এজন লোকে হাতত লাঠি লৈ মন্দিৰলৈ অহা ভক্তক আক্ৰমণ কৰিছে। এই ঘটনাত কেইবাজনো ভক্ত আহত হয়। শুকুৰবাৰে (২৯ ছেপ্টেম্বৰ) সংঘটিত হয় এই ঘটনা। খবৰ অনুসৰি মন্দিৰৰ ভিতৰত বহি থকা লোকজনে দিনৰ পোহৰত ভক্তসকলক আক্ৰমণ কৰে। বঙাৰমৌ থানা এলেকাৰ অন্তৰ্গত বোধেশ্বৰ মন্দিৰৰ ভিতৰত সংঘটিত হয় এই ঘটনা। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা ভিডিঅ’টোত দেখা গৈছে যে লোকজনে মন্দিৰৰ ভিতৰলৈ আহি ভক্তসকলক আক্ৰমণ কৰে। ভিডিঅ’টোত তেওঁ মন্দিৰৰ…
Read More
৬ দিনত ৪ ৰাজ্যত ৮ অনুষ্ঠানত অংশগ্ৰহণ! ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী

৬ দিনত ৪ ৰাজ্যত ৮ অনুষ্ঠানত অংশগ্ৰহণ! ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ’ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। বিজেপিৰ বাবে ক’ৰবাত ক্ষমতালৈ ঘূৰি অহাৰ যুঁজ, ক’ৰবাত চৰকাৰ সলনিৰ যুঁজ। আৰু কেন্দ্ৰৰ শাসক দলটোৱে এই যুঁজত কংগ্ৰেছক এক ইঞ্চিও মাটি দিবলৈ অনিচ্ছুক। সেয়ে গেৰুৱা শিবিৰে এই ২০২৪ৰ ফাইনেল সদৃশ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক ছেমি ফাইনেল হিচাপে লৈ এই যুঁজত নিজৰ ‘ব্ৰহ্মস্ত্ৰ’ নৰেন্দ্ৰ মোডীৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব বিচাৰিছে। বিধানসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিজেপিৰ মুখ বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে বিজেপিয়ে। এইবাৰ প্ৰধানমন্ত্ৰী সম্পূৰ্ণ প্ৰচাৰৰ কামত সোমাই পৰিল। অহা ৬ দিনত দেশৰ ৪ খন ৰাজ্যত ৮ টা ভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মোদীয়ে। তেলেংগানাৰ ৰাজহুৱা সভা হওক…
Read More