ৰাজনীতি

প্ৰচাৰৰ ক্ষেত্ৰত কংগ্ৰেছৰ তুলনাত গুগল বিজ্ঞাপনত বিজেপিৰ দুগুণ ব্যয়

প্ৰচাৰৰ ক্ষেত্ৰত কংগ্ৰেছৰ তুলনাত গুগল বিজ্ঞাপনত বিজেপিৰ দুগুণ ব্যয়

লোকসভা নিৰ্বাচন এতিয়া পঞ্চম পৰ্যায়ত প্ৰৱেশ কৰিছে। নিৰ্বাচনত জয়ী হ'বলৈ শাসকীয় দল বিজেপিৰ পৰা দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছলৈকে সকলোৱে অপ্ৰাণ চেষ্টা চলাইছে। এই নিৰ্বাচনত, ৰাজনৈতিক দলবোৰেও যথেষ্ট ধন ব্যয় কৰিছে। ভাৰতীয় ৰাজনৈতিক দলবোৰৰ ভিতৰত, শাসনাধিষ্ঠিত বিজেপি গুগল বিজ্ঞাপনৰ জৰিয়তে প্ৰচাৰৰ বাবে সৰ্বাধিক ব্যয়কাৰী হৈ পৰিছে। তেওঁলোকে বিজ্ঞাপনত ১০০ কোটিতকৈও অধিক টকা ব্যয় কৰিছে। ইয়াৰ পিছত আছে কংগ্ৰেছ, যিয়ে বিজ্ঞাপনত ৬২ কোটি টকাতকৈও অধিক ব্যয় কৰিছে। ইয়াৰ উপৰিও, আন বহুতো দল আছে, যিয়ে ৰাজনৈতিক বিজ্ঞাপনত কোটি কোটি টকা ব্যয় কৰিছে। বিজেপিয়ে গুগল বিজ্ঞাপনত ১৩৫ কোটি টকা ব্যয় কৰিছে। তথ্য অনুসৰি, ৩১ মে' ২০১৮ ৰ পৰা ১২ মে' ২০২৪ লৈ, ৰাজনৈতিক…
Read More
তৃতীয়বাৰলৈ বাৰাণসী লোকসভা আসনৰ পৰা মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ

তৃতীয়বাৰলৈ বাৰাণসী লোকসভা আসনৰ পৰা মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা আসনৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰে। এই সময়ছোৱাত তেওঁৰ লগত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেওঁৰ প্ৰস্তাৱক গণেশৱাৰ শাস্ত্ৰী দ্ৰাবিড় উপস্থিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়ন দাখিল কৰাৰ পূৰ্বে কাল ভৈৰৱীৰ পূজা অৰ্চনা কৰে। গংগা সপ্তমী উপলক্ষে বাৰাণসীৰ দশশ্বমেধ ঘাটত গঙ্গা দেৱীক প্ৰাৰ্থনা কৰাৰ পিছত এখন ক্ৰুজৰে নমো ঘাটত উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীৰ পৰা ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত জয়ী হৈছিল। এইবাৰ আকৌ, তেওঁ বিজেপিৰ টিকটত বেনাৰসৰ পৰা নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰিছে। মনোনয়ন দাখিলৰ সময়ছোৱাত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি কেইবাজনো মুখ্যমন্ত্ৰী উপস্থিত আছিল।…
Read More
কংগ্ৰেছ শাসনলৈ আহিলে ৰাম মন্দিৰৰ ঠাইত মছজিদ নিৰ্মাণ কৰিব: মুখ্যমন্ত্ৰী

কংগ্ৰেছ শাসনলৈ আহিলে ৰাম মন্দিৰৰ ঠাইত মছজিদ নিৰ্মাণ কৰিব: মুখ্যমন্ত্ৰী

লোকসভা নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিছে। এই নিৰ্বাচনত, বিজেপিয়ে এন ডি এ ৪০০ খন আসন জিকাৰ দাবী কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওড়িশাৰ মালকানগিৰীত এখন নিৰ্বাচনী জনসভাত ভাষণ দি কয়-মানুহে আমাক সুধে আমাক ৪০০ খন আসনৰ কিয় প্ৰয়োজন? তেওঁ কয়- আমাক ৪০০ খন আসনৰ প্ৰয়োজন, অন্যথা কংগ্ৰেছে শাসনলৈ আহি পুনৰ ৰাম মন্দিৰৰ ঠাইত এটা মছজিদ নিৰ্মাণ কৰিব পাৰে। আমি এইটোও নিশ্চিত কৰিব লাগিব যে আমাৰ দেশত বাবৰি মছজিদ কেতিয়াও যাতে নিৰ্মাণ নহয়, সেয়েহে মোদীজীক আমি ৪০০ তকৈ অধিক আসন দি প্ৰধানমন্ত্ৰী কৰিব লাগিব। তেওঁ লগতে কয় যে বিজেপি চৰকাৰে জনজাতীয় সমাজক উন্নত কৰিবলৈ চেষ্টা কৰি আছে। আমাৰ চৰকাৰে…
Read More
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক উচ্চতম ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। আদালতে তেওঁক ২ জুনত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। ২১ মাৰ্চৰ পৰা কাৰাগাৰত বন্দী হৈ থকা অৰবিন্দ কেজৰিৱালে এতিয়া ২ জুনলৈকে লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাব পাৰিব। অন্তৱৰ্তীকালীন জামিন ঘোষণা কৰাৰ সময়ত, আদালতে কয় যে তেওঁলোকে শীঘ্ৰেই কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দাখিল কৰা সমগ্ৰ গোচৰটোৰ শুনানি সমাপ্ত কৰিব। আদালতে কয়- আমি শীঘ্ৰেই গোচৰটোৰ শুনানি গ্ৰহণ কৰি সমাপ্ত কৰিবলৈ চেষ্টা কৰিম। আদালতে এইটোও কয় যে কেজৰিৱালক ২০২২ চনৰ আগষ্টত পঞ্জীয়ন কৰা গোচৰটোত ডেৰ বছৰৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল। ন্যায়াধীশ সঞ্জীৱ খান্নাই কয়-গ্ৰেপ্তাৰ আগতে বা পিছত কৰিব পাৰিলেহেঁতেন।
Read More
ইভিএমত বন্দী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাগ্য

ইভিএমত বন্দী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাগ্য

১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত পুৱা ৭ বজাত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হয়। যোৱা নিৰ্বাচনত গুজৰাট, কৰ্ণাটক আৰু মধ্য প্ৰদেশকে ধৰি এই সকলো বোৰ আসনত প্ৰচণ্ড সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপিৰ বাবে এই পৰ্যায়টো গুৰুত্বপূৰ্ণ। ১১কোটিতকৈও অধিক ভোটাৰে ১,৩০০ ৰো অধিক প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব, যাৰ ভিতৰত আছে প্ৰায় ১২০ গৰাকী মহিলা। প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ সভাপতি খাৰ্গে আজি ভোট দান কৰে। দিনৰ ১বজালৈকে ভোটদানৰ শতাংশ আছিল এনেধৰণৰ - অসমত : ৪৫.৮৮%, বিহাৰ: ৩৬.৬৯%, ছত্তীশগড়: ৪৬.১৪%, দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ: ৩৯.৯৪%, গোৱা: ৪৯.০৪%, গুজৰাট: ৩৭.৮৩%, কৰ্ণাটক: ৪১.৫৯%, মধ্য…
Read More
১৫ মে’লৈ বৃদ্ধি মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মা

১৫ মে’লৈ বৃদ্ধি মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মা

দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ (আপ) নেতা মনীষ চিছোদিয়াই দিল্লী সুৰা নীতিৰ গোচৰত এক আঘাতৰ সন্মুখীন হৈছে। গোচৰটোৰ সৈতে সম্পৰ্কিত চিবিআই গোচৰত, ৰাউজ এভিনিউ আদালতে চিছোদিয়াৰ ন্যায়িক জিম্মা ১৫ মে'লৈ বৃদ্ধি কৰিছে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে অহা ১৫ মে'ত গোচৰটোৰ শুনানি গ্ৰহণ কৰিব। ইয়াৰ উপৰিও, দিল্লী আবকাৰী নীতি সম্পৰ্কীয় ধন ৰপ্তানি সম্পৰ্কীয় ইডি গোচৰত চিছোদিয়া ইতিমধ্যে ৮ মে'লৈকে ন্যায়িক জিম্মাত আছে। ইডি আৰু চিবিআই দুয়োটাই দিল্লী সুৰা নীতিৰ গোচৰত চিছোদিয়াৰ ভূমিকাৰ তদন্ত কৰি আছে। চিছোদিয়াক যোৱা বছৰ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল। ইডি আৰু চিবিআইয়ে দাবী কৰিছে যে দিল্লী সুৰা নীতি ৰূপায়ণ আৰু প্ৰস্তুতিত অনিয়ম হৈছে। ইয়াত, দিল্লীৰ…
Read More
ৰাঁচীত ইডিৰ অভিযানত নগদ কোটি টকা জব্দ

ৰাঁচীত ইডিৰ অভিযানত নগদ কোটি টকা জব্দ

লোকসভা নিৰ্বাচনৰ মাজতে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) বিষয়াৰ এটা দলে ৰাঁচীৰ কেইবাটাও স্থানত অভিযান চলায়। এই অভিযানকালত নগদ কোটি টকা জব্দ কৰে ইডিয়ে বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি ঝাৰখণ্ড চৰকাৰৰ এজন মন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ ঘৰুৱা সহায়কৰ ঘৰৰ পৰা এই ধন জব্দ কৰিছে। ইডি বিষয়াসকলে এতিয়ালৈকে এই বিষয়ত আনুষ্ঠানিকভাৱে কোনো বিবৃতি দিয়া নাই বা কোনো ধৰণৰ বিবৃতি জাৰি কৰা নাই। আজি পুৱাৰে পৰা অভিযান চলে।এইটোও আনুষ্ঠানিকভাৱে জনা নাযায় যে ইডিৰ কিমানটা দল অভিযানত জড়িত আছে আৰু কোনে তেওঁলোকক নেতৃত্ব দি আছে।ইডিৰ ৰাঁচী কাৰ্যালয়ত নিযুক্ত এজন বিষয়াই কয় যে গ্ৰামোন্নয়ন বিভাগৰ নিলম্বিত মুখ্য অভিযন্তা বীৰেন্দ্ৰ ৰামৰ সৈতে সম্পৰ্কিত এটা গোচৰৰ ভিত্তিত এই…
Read More
ইডিয়ে কৰা গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল হেমন্ত সোৰেন

ইডিয়ে কৰা গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল হেমন্ত সোৰেন

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে প্ৰৱৰ্তন সঞ্চালকালয় (ইডি) এ তেওঁ গ্ৰেপ্তাৰ কৰাক লৈ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন খাৰিজ হোৱাৰ পিছত এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। সোৰেনৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বলে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৱেদনখনৰ ওপৰত আগতীয়া শুনানি বিচাৰিছে। এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে এই বিষয়টো ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত গঠিত বিচাৰপীঠত আছে। এইটো সোনকালেই শুনানি হ'ব। ৩ মে'ত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে হেমন্ত সোৰেনৰ ৰিট আৱেদন খাৰিজ কৰে, য'ত তেওঁ ইডিক গ্ৰেপ্তাৰ কৰাৰ প্ৰত্যাহ্বান জনাইছিল। আদালতে প্ৰাক্তন মুখ্যমন্ত্ৰীক জামিন প্ৰদান কৰিবলৈও অস্বীকাৰ কৰিছিল। হেমন্ত সোৰেনক জানুৱাৰীত ইডিয়ে ভূমি কেলেংকাৰীৰ গোচৰত…
Read More
ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৰাহুল গান্ধীয়ে

ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৰাহুল গান্ধীয়ে

কংগ্ৰেছে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আৰু আমেঠি লোকসভা আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। ৰাহুল গান্ধী ৰায়বৰেলী আসনৰ পৰা নিৰ্বাচনীত অৱতীৰ্ণ হ'ব। ৰায়বৰেলী আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আজি অৰ্থাৎ ৩ মে'। এইটো প্ৰথমবাৰৰ বাবে যে ৰাহুল গান্ধীয়ে ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। বিজেপিয়ে ৰায়বৰেলী আসনৰ পৰা দিনেশ প্ৰতাপ সিঙক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ছোনিয়া গান্ধী ২০০৪ চনৰ পৰা ২০২৪ চনলৈ ৰায়বৰেলী আসনৰ পৰা সাংসদ হৈ আছে। এইবাৰ ছোনিয়া গান্ধীয়ে ৰায়বৰেলীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছিল। ছোনিয়া গান্ধী এতিয়া ৰাজ্যসভাৰ সাংসদ। আমেঠিত, কংগ্ৰেছে কিশোৰী লাল শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিজেপিৰ স্মৃতি ইৰাণীয়ে আমেঠি আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। যোৱাবাৰ, স্মৃতি…
Read More
ধুবুৰীত আৰু আজমলৰ জৰাফুকাৰ ৰাজনীতি নচলে

ধুবুৰীত আৰু আজমলৰ জৰাফুকাৰ ৰাজনীতি নচলে

ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে,সিমানেই শাসক বিৰোধীকে আদি কৰি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীক জিকাবলৈ ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ধুবুৰী লোক সভা সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।গোৱালপাৰা পূৱ সমষ্টিৰ বৰপথাৰত বুধবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে৷ ভৱেশ কলিতাই নিজৰ আক্ৰমণাত্মক ভাষনত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ দলে কেৱল ঠগবাজি,দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ বাবেই আজি অচল টকাত পৰিণত হৈছে৷কংগ্ৰেছ আজি টায়াৰ পাম্পছাৰ আৰু টিউব পাম্পছাৰ দলত পৰিণত হৈছে।গতিকে কংগ্ৰেছৰ পাম্পছাৰ হোৱা গাড়ীত…
Read More