১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত পুৱা ৭ বজাত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হয়। যোৱা নিৰ্বাচনত গুজৰাট, কৰ্ণাটক আৰু মধ্য প্ৰদেশকে ধৰি এই সকলো বোৰ আসনত প্ৰচণ্ড সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপিৰ বাবে এই পৰ্যায়টো গুৰুত্বপূৰ্ণ। ১১কোটিতকৈও অধিক ভোটাৰে ১,৩০০ ৰো অধিক প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব, যাৰ ভিতৰত আছে প্ৰায় ১২০ গৰাকী মহিলা। প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ সভাপতি খাৰ্গে আজি ভোট দান কৰে। দিনৰ ১বজালৈকে ভোটদানৰ শতাংশ আছিল এনেধৰণৰ – অসমত : ৪৫.৮৮%, বিহাৰ: ৩৬.৬৯%, ছত্তীশগড়: ৪৬.১৪%, দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ: ৩৯.৯৪%, গোৱা: ৪৯.০৪%, গুজৰাট: ৩৭.৮৩%, কৰ্ণাটক: ৪১.৫৯%, মধ্য প্ৰদেশ ৪৪.৬৭%, মহাৰাষ্ট্ৰ ৩১.৫৫%, উত্তৰ প্ৰদেশ: ৩৮.১২% আৰু পশ্চিম বংগত ৪৯.২৭%। এই পৰ্যায়ত ভাগ্য নিৰ্ণয় হ’বলগীয়া নেতাসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ (গান্ধীনগৰ), জ্যোতিৰাদিত্য সিন্ধিয়া (গুনা), মনসুখ মাণ্ডৱিয়া (পোৰবন্দৰ), পৰশোত্তম ৰূপালা (ৰাজকোট), প্ৰলহাদ যোশী (ধাৰৱাড) আৰু এছ পি সিং বাঘেল (আগ্ৰা)।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভা নিৰ্বাচন ২০২৪ৰ বাবে গুজৰাটৰ আহমেদাবাদৰ নিশান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহও এই সময়ত উপস্থিত আছিল।