ছেমছাং ইণ্ডিয়াই আই আই টি গুৱাহাটীৰ টেকন’লজী ইনকিউবেচন চেণ্টাৰ (আইআইটি জিটিআইচি) আৰু গুৱাহাটীৰ ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটীত এক ৰোডশ্ব’ৰ আয়োজন কৰিছে, য’ত ১০০তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে জৰুৰী বিশ্বব্যাপী সমস্যা-উদ্বেগ সমাধানৰ বাবে ছলভ ফৰ টুম’ৰু’ত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰ বিষয়ে প্ৰদৰ্শন কৰিছে। ছোমছাং ছলভ ফৰ টুম’ৰু’ৰ লক্ষ্য হৈছে শিক্ষা আৰু উদ্ভাৱনৰ জৰিয়তে পৰৱৰ্তী প্ৰজন্মৰ মাজত উদ্ভাৱন আৰু সমস্যা সমাধানৰ প্ৰসাৰ ঘটোৱা এক ৰাষ্ট্ৰীয় প্ৰতিযোগিতা।

শিক্ষাৰ্থীসকলে আৱৰ্জনা পৃথকীকৰণ, বায়ু প্ৰদূষণ, বতৰৰ পৰিৱৰ্তন, বায়ুৰ গুণাগুণ, জল প্ৰদূষণ আৰু যান-জঁটৰ বিশৃংখলতাৰ দৰে বাস্তৱ জগতৰ সমস্যা সমাধানৰ বাবে নিজৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰি চেমচাঙৰ ‘ছলভ ফৰ টুম’ৰু’ৰ দৰে এখন প্লেটফৰ্মৰ জৰিয়তে মানুহৰ ধাৰণাক ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত নিজৰ ধাৰণাসমূহক পথ প্ৰদৰ্শন আৰু সমৰ্থন কৰিবলৈ আহ্বান জনাইছে। ২০২৩ চনৰ কৰমবীৰ চক্ৰ সন্মানেৰে বিভূষিত বিশ্বৰ আটাইতকৈ কম বয়সীয়া ৰকেট বিজ্ঞানী ড০ যতীন ৱাহানে এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগাবলৈ আমন্ত্ৰণ জনোৱাৰ লগতে এষ্ট্ৰফিজিকছ(জ্যোতিপদাৰ্থ বিজ্ঞান)ৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল উদ্ভাৱন গঢ়ি তোলাৰ অভিজ্ঞতা ব্যক্ত কৰিছে। যতীন ৱাহানে সকলোকে বাস্তৱ জগতৰ সমস্যা সমাধানৰ বাবে উদ্ভাৱনী ধাৰণাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবেও উৎসাহ যোগাইছে।

‘ছলভ ফৰ টুম’ৰু’ পদক্ষেপে দুটা ট্ৰেক- স্কুল ট্ৰেক আৰু ইউথ ট্ৰেক মুকলি কৰিছে, যাৰ লক্ষ্য হৈছে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সমান সুযোগ নিশ্চিত কৰা। ১৪-১৭ বছৰীয়া কিশোৰক বিশেষভাৱে সামৰি লোৱা স্কুল ট্ৰেকে সম্প্ৰদায় আৰু সামগ্ৰিক অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। স্কুল ট্ৰেকৰ “কমিউনিটী চেম্পিয়নে” লাভ কৰিব ২৫ লাখ টকা। ১৮-২২ বছৰ বয়সৰ ইউথ ট্ৰেকে পৰিৱেশ বহনক্ষমতা আৰু কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰে, য’ত ‘পৰিৱেশ চেম্পিয়ন’, উইথ ট্ৰেকৰ বিজয়ী দলটোৱে ইনকিউবেচনৰ বাবে ৫০ লাখ টকা লাভ কৰিব।