এনাৰ্জী মিছন মেচিনেৰীছ (ইণ্ডিয়া) লিমিটেডে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ পাব্লিক ইছ্যু(ৰাজহুৱা ধন)ৰ জৰিয়তে ৪১.১৫ কোটি টকা পৰ্যন্ত ধন সংগ্ৰহৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। অহা ৯ মে’ত মুকলি হৈ  ১৩ মে’ত বন্ধ হ’বলগীয়া এই আইপিঅ’ৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়ন, নতুন সঁজুলি অধিগ্ৰহণ আৰু কাৰ্যকৰী মূলধনৰ প্ৰয়োজনীয়তা পূৰণকে ধৰি কোম্পানীটোৰ সম্প্ৰসাৰণৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। আইপিঅ’ত ২৯.৮২ লাখ ইকুইটি শ্বেয়াৰ নতুনকৈ মুকলি কৰা হৈছে, যাৰ প্ৰতিটো শ্বেয়াৰৰ ফেচ ভেল্যু হৈছে ১০ টকাকৈ আৰু প্ৰতিটো শ্বেয়াৰৰ মূল্য হৈছে ১৩১ টকাৰ পৰা ১৩৮ টকা। সংগৃহীত ধন কোম্পানীটোৰ বৃদ্ধি কৌশলৰ গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় দিশসমূহত বিনিয়োগ কৰা হ’ব, যেনে গুজৰাটৰ সানন্দত থকা বৰ্তমানৰ উৎপাদন ইউনিটত প্ৰশাসনিক বা সাধাৰণ নিৰ্মাণ সম্বন্ধীয় কাৰ্য, নতুন উদ্যোগ আৰু যন্ত্ৰপাতি স্থাপন আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্য ইত্যাদি। নেচনেল ষ্টক এক্সচেঞ্জৰ এনএছই ইমাৰ্জ প্লেটফৰ্মত তালিকাভুক্ত হ’বলগীয়া এই ইছ্যুটোৰ বাবে বুক ৰানিং লিড মেনেজাৰ হিচাপে হেম ছিকিউৰিটিজ লিমিটেডক নিয়োজিত কৰা হৈছে।

এনাৰ্জী মিছন মেচিনাৰীছ চিএনচি, এনচি আৰু পৰম্পৰাগত মেটেল গঠন যন্ত্ৰত অভিজ্ঞ আৰু দক্ষ, যিয়ে বিভিন্ন ঔদ্যোগিক খণ্ডৰ বাবে সেৱা আগবঢ়ায়। নিজৰ সামগ্ৰীৰ পৰিসৰত অন্তৰ্ভুক্ত আছে প্ৰেছ ব্ৰেক মেচিন, চেয়াৰিং মেচিন, হাইড্ৰ’লিক প্ৰেছ আৰু বহুতো, লগতে স্বয়ংচালিত, ষ্টীল, আচবাব আৰু নিৰ্মাণৰ দৰে উদ্যোগত সেৱা আগবঢ়াই আহিছে। কোম্পানীটোৱে প্ৰশংসনীয় বিত্তীয় পাৰদৰ্শিতা প্ৰদৰ্শন কৰি সৰ্বমুঠ ৮৩.৯৯ কোটি টকা আয় আৰু মুঠ ৮৩.৯৯ কোটি টকা লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত সমাপ্ত হোৱা ৯ মাহত ৬.৭৪ কোটি টকা লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। আহমেদাবাদৰ সানন্দত ১৮,২৩৪ বৰ্গমিটাৰ ভূমি সামৰি বিস্তৃত উৎপাদন কেন্দ্ৰৰ সৈতে এনাৰ্জী মিছন মেচিনেৰীয়ে আইপিঅ’ৰ ধনেৰে অধিক সম্প্ৰসাৰণৰ বাবে দৃষ্টি ৰাখিছে।

বিনিয়োগকাৰীসকলে নিম্নতম ১০০০ শ্বেয়াৰৰ আকাৰৰ আইপিঅ’ত অংশগ্ৰহণ কৰিব পাৰে, যাৰ পৰিমাণ প্ৰতিটো আবেদনৰ বাবে ১.৩৮ লাখ টকা। খুচুৰা বিনিয়োগকাৰীৰ কোটা মুঠ অফাৰৰ ৩৫% নিৰ্ধাৰণ কৰা হৈছে, যাৰ ফলত এনাৰ্জী মিছন মেচিনেৰীয়ে  নিজৰ বৃদ্ধিৰ গতিধাৰাক ইন্ধন যোগাবলৈ এই কৌশলগত পদক্ষেপত ব্যাপক ৰূপত অংশগ্ৰহণ নিশ্চিত কৰিছে।