14
May
শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনা আৰু সুপৰিচিত পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত নতুন অসমীয়া বোলছবি 'জিয়া’ৰ প্ৰিমিয়াৰ দেওবাৰে প্ৰদৰ্শিত হয়। ছবিখনৰ মনোমহা বিষয়বস্তু আৰু উপস্থাপনশৈলীয়ে প্ৰিমিয়াৰত উপস্থিত থকা দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে। উল্লেখ্য যে, অহা ১৭ মে’ অৰ্থাৎ শুকুৰবাৰে অসমৰ ছবিগৃহত এই অনন্য ছবিখনে মুক্তিলাভ কৰিব। উল্লেখ্য যে, ছবি সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত 'জিয়া’ই ইতিমধ্যে শেহতীয়া প্ৰাগ চিনে এৱাৰ্ডত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটাৰ লগতে আন তিনিটা শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ (কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী), শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী (অংগৰাগ পাপন মহন্ত) আৰু শ্ৰেষ্ঠ আৱহ সংগীত (অম্বৰ দাস) শিতানত বঁটা লাভ কৰি ইতিমধ্যে ছবিপ্ৰেমীৰ মাজত চৰ্চা লাভ…