06
Aug
ডিফেণ্ডিং চেম্পিয়ন ভাৰতৰ নীৰজ চোপ্ৰাই মঙলবাৰে ইয়াত গ্ৰুপ বি অৰ্হতাৰ প্ৰথম প্ৰয়াসত ৮৯.৩৪ মিটাৰ থ্ৰোৰে পেৰিছ অলিম্পিক গেমছৰ পুৰুষৰ জেভলিন থ্ৰো ইভেণ্টৰ ফাইনেললৈ প্ৰৱেশ কৰে। গ্ৰুপ বি অৰ্হতাৰ প্ৰথম থ্ৰোত নিৰজে ৮ আগষ্টত অনুষ্ঠিত হ'বলগীয়া ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ তেওঁৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৮৯.৩৪ মিটাৰ থ্ৰো কৰে। নীৰজে গ্ৰুপ এ আৰু বি দুয়োটাতে শীৰ্ষস্থান দখল কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। গ্ৰুপ বি-ৰ পৰা, গ্ৰেনাডাৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছ (৮৮.৬৩ মিটাৰ), কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী আৰ্শাদ নাদিম (৮৬.৫৯ মিটাৰ), ব্ৰাজিলৰ লুইছ মাউৰিচিঅ দা চিলভা (৮৫.৯১ মিটাৰ) আৰু মলডোভাৰ এণ্ড্ৰিয়ান মাৰ্ডাইৰেও (৮৪.১৩ মিটাৰ) জেভেলীন ৮৪ মিটাৰতকৈ অধিক দলিয়াই…
