01
Dec
উজ্জ্বীৱন স্মল ফাইনেন্স বেংকে (উজ্জ্বীৱন এছএফবি) সুৰক্ষিত পানী আৰু অনাময় ব্যৱস্থাৰ বাবে সুলভ মূল্যৰ বিত্তীয় সাহায্য প্ৰদান কৰা অলাভজনক সংস্থা ৱাটাৰ.অৰ্গৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে ভাৰতৰ অধিকাংশ জনসংখ্যাক এই সেৱাসমূহ লাভ বা প্ৰৱেশত সহায় কৰা। ৱাটাৰ.অৰ্গে উজ্জ্বীৱন এছএফবিক বিশুদ্ধ পানী আৰু স্বাস্থ্যসন্মত অনাময়ৰ বাবে বিত্তীয় প্ৰয়োজনীয় অঞ্চল চিনাক্তকৰণ, কাৰিকৰী সহায়, বজাৰ মূল্যায়ন, আইইচি সামগ্ৰীৰ বিকাশ, নিৰীক্ষণ আৰু মূল্যায়ন সমৰ্থন প্ৰদান কৰাত সহায় কৰিব। এই পদক্ষেপক সমৰ্থন জনাবলৈ উজ্জীৱন এছএফবিয়ে ৬,০০০ টকাৰ পৰা ১,০০,০০০ টকালৈকে ঋণ আগবঢ়াব, যাতে গ্ৰাহকসকলে পানী আৰু অনাময় ব্যৱস্থা নিৰ্মাণ অথবা নৱীকৰণ কৰিব পাৰে। যোৱা বৰ্ষত উজ্জীৱন এছএফবিয়ে ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ সৈতে…
