19
Aug
নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ বেংগালুৰুত তিনিটা নতুন গ্ৰাহক টাচ্চপইণ্ট মুকলি কৰি সমগ্ৰ ভাৰতত ২৭৩টা টাচ্চপইণ্টলৈ নেটৱৰ্ক সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে, নতুনকৈ মুকলি কৰা ৩টা সেৱাকেন্দ্ৰৰ ভিতৰত দুটা হৈছে শ্ব’ৰুম আৰু আনটো হৈছে চাৰ্ভিছ ৱৰ্কশ্বপ। নিছানৰ সমগ্ৰ দেশজোৰা নেটৱৰ্কত এই নতুন বিক্ৰী আৰু সেৱা টাচ্চপইণ্টৰ সংযোজনে ভাৰতীয় বজাৰ আৰু এই বজাৰৰ মূল্যৱান গ্ৰাহকৰ প্ৰতি নিছানৰ ক্ৰমবৰ্ধমান দায়বদ্ধতা প্ৰদৰ্শন কৰিছে, যিয়ে আমাৰ গ্ৰাহককেন্দ্ৰিকতা বৃদ্ধিৰ দিশত চলি থকা যাত্ৰাত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। নতুন টাচ্চপইণ্টসমূহৰ ভিতৰত আছে দুটা শ্ব'ৰুম আৰু এটা হাই-কেপাচিটী চাৰ্ভিছ ৱৰ্কশ্বপ। বেংগালুৰুৰ জুবিলেণ্ট নিছানে নগৰভৱি শ্ব’ৰুমৰ শুভাৰম্ভণি অনুষ্ঠানত দেশৰ প্ৰথমজন গ্ৰাহকক সম্পূৰ্ণ নতুন ফৰ্থ জেনেৰেচন এক্স-ট্ৰেইল…
