29
Apr
চলিত বৰ্ষৰ ২৬ তাৰিখৰ পৰা ২৯ এপ্ৰিললৈ অনুসূচীত তৃতীয় শিক্ষা কৰ্মী গোটৰ বৈঠক ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত আৰম্ভ হয়। বৈঠকখনে জীৱনজোৰা শিক্ষাৰ বাবে দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এনএছডিচিৰ সহযোগত চিএছআইআৰ-ইনষ্টিটিউট অৱ মিনাৰেলছ এণ্ড মেটেৰিয়েলছ টেকন'লজীত এই বৈঠক আয়োজন কৰা হয়। শিক্ষা ৰাজ্যিক মন্ত্ৰী ড০ সুভাষ সৰকাৰে জি-২০ সদস্য ৰাষ্ট্ৰ, অতিথি দেশ, অইচিডি, ইউনেস্কো আৰু ইউনিচেফৰ অংশগ্ৰহণেৰে কাৰ্যসূচীটো সম্বোধন কৰে। প্ৰথম দিনা দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ সচিব অতুল কুমাৰ তিৱাৰীৰ অধ্যক্ষতাত ৩খন অধিৱেশন অনুষ্ঠিত হয়। প্ৰথম অধিৱেশনটো আছিল 'কামৰ ভৱিষ্যতৰ প্ৰসংগত শ্ৰমিক বজাৰ আৰু প্ৰতিষ্ঠানগত ক্ষমতা নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ প্ৰতি এক সঁহাৰি গঢ়ি তোলা: উচ্চ মানদণ্ডৰ কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা…
