15
Oct
দেশৰ টেলিকম খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান ভি-ৰ উদ্যোগ বিভাগ ভি বিজনেছে মেক-ইন-ইণ্ডিয়া ছফ্টৱেৰ-ডিফাইনড ৱাইড এৰিয়া নেটৱৰ্ক (এছডি-ৱান) সমাধান প্ৰদান কৰিবলৈ ইনফিনিটী লেবছ লিমিটেডৰ সৈতে এক কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপ ভি-ৰ হাইব্ৰিড এছডি-ৱান পৰ্টফলিঅ’ৰ অংশ, যি উন্নত এআই-আধাৰিত নিৰাপত্তা সুবিধাসমূহ একত্ৰিত কৰে, ইয়াৰ জৰিয়তে বৰ্ধিত চাইবাৰ প্ৰত্যাহ্বানৰ মাজত ভাৰতীয় উদ্যোগসমূহৰ চাইবাৰ নিৰাপত্তা প্ৰতিৰক্ষা শক্তিশালী কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। নতুন এছডি-ৱান সমাধান হাইব্ৰিড নেটৱৰ্ক, সমন্বিত সুৰক্ষা, বুদ্ধিদীপ্ত ৰাউটিং, নিৰীক্ষণ আৰু এনালিটিক্সৰ দৰে সুবিধাৰ জৰিয়তে ডিজিটেল বহনক্ষমতা বৃদ্ধি কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। ভি বিজনেছৰ ইভিপি ৰুচক কাপুৰে এই সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “এই অংশীদাৰিত্বই ভাৰতীয়…
