04
Nov
পেৰুৰ লিমাস্থিত ভাৰতীয় দূতাবাসে শেহতীয়াকৈ ভাৰত চৰকাৰে অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত ভাষাক ‘ধ্ৰুপদী ভাষা’ ৰূপে স্বীকৃতি প্ৰদান উদযাপন কৰে।এই শেহতীয়া স্বীকৃতিৰে ভাৰতত এতিয়া ধ্ৰুপদী ভাষাৰ সংখ্যা ১১লৈ বৃদ্ধি পালে। এই স্বীকৃতিক সন্মান জনাই বিশ্বজুৰি বিস্তৃত ভাৰতীয় দূতাবাসসমূহে প্ৰাণৱন্ত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। লিমাত এই উদযাপন বিশেষভাৱে অনন্য আছিল, এই অনুষ্ঠানত স্থানীয় ভাৰতীয় সম্প্ৰদায় আৰু প্ৰবাসী ভাৰতীয়সকলে পেৰুৰ বিশিষ্ট অতিথিসকলৰ সৈতে উৎসাহেৰে অংশগ্ৰহণ কৰে। এই বৰ্ণিল অনুষ্ঠানত উপস্থিতসকলে ভাৰতীয় মূলৰ ব্যক্তিসকলে উপস্থাপন কৰা বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক প্ৰদৰ্শন উপভোগ কৰে। এই অনুষ্ঠানে বিভিন্ন অনুষ্ঠানৰ জৰিয়তে এই ভাষাসমূহৰ ঐতিহাসিক তাৎপৰ্য আৰু দীৰ্ঘদিনীয়া সাংস্কৃতিক প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছিল।ভাৰত চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰয়োজনীয়তাৰ…
