25
Jun
বজাৰৰ তাৰতম্য বা উত্থান-পতনৰ বাবে বিনিয়োগকাৰীসকলে নিজৰ দীৰ্ঘম্যাদী বিত্তীয় লক্ষ্যত স্থিৰ হৈ থকাটো কঠিন হৈ পৰে। এই সমস্যা দূৰ কৰিবলৈ টাটা এআইএ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিছে টাটা এআইএ মাল্টিফেক্টৰ ইণ্ডেক্স ফাণ্ড। এয়া হৈছে এটা ইউনিট-লিংকড (ইউএলআইপি) আঁচনি, যিয়ে প্ৰতিভূতি বজাৰত অংশগ্ৰহণৰ সুযোগ দিয়াৰ লগতে জীৱন বীমাৰ সুৰক্ষাও প্ৰদান কৰে। এই ফাণ্ডটোৱে চাৰিটা মূল কাৰক— কম তাৰতম্য, গুণগত মানদণ্ড, মূল্য আৰু গতিবেগৰ সংমিশ্ৰণ ব্যৱহাৰ কৰি নিফটি ৫০০ তালিকাৰ পৰা ৫০টা কোম্পানী বাছনি কৰে। কম তাৰতম্য থকা কোম্পানীসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ উদ্দেশ্য হ'ল— ইতিহাসগতভাৱে সুস্থিৰ মূল্য থকা কোম্পানীসমূহক বাছি লৈ বিনিয়োগকাৰীক ইক্যুইটি বজাৰৰ বিকাশৰ অংশীদাৰ কৰাৰ লগতে এক সুৰক্ষিত আৰু স্থিৰ…
